জেছনে পালে মাতৃক

Share This Article

ডিফুৰ ধনশিৰিৰ শিশুগৃহ Mission Concern ৰ ডেৰবছৰীয়া শিশু জেছনক আকোঁৱালি নিজৰ কৰি ললে এগৰাকী বিদেশী মহিলাই।জেছনে লাভ কৰিলে নিজাকৈ এগৰাকী মাতৃ। কণমানিটোৱে লাভ কৰিলে নতুন পৰিচয়। জেছন আজিৰে পৰা পৰিচিত হ’ব জেছন নেলহম নেলছন নামেৰে। কণমানি জেছনক এই নতুন পৰিচয় দিলে ডেনমাৰ্কৰ অবিবাহিতা মাতৃ আঞ্জা নেলহম নেলছনে।সকলো আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি আত্মীয়ৰ সৈতে ধনশিৰিত উপস্থিত হোৱা আঞ্জাই কাৰ্বি আংলং জিলা প্ৰশাসনৰ উপস্থিতিত আনুষ্ঠানিকভাৱে জেছনক আকোৱালি ললে মাতৃৰ উমাল মৰমেৰে।নতুন মাতৃ আঞ্জাই প্ৰতিশ্ৰুতি দিলে জেছনৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ।ধনশিৰিৰ Mission Concern ৰ পৰা ইতিপূৰ্বে প্ৰায় ২৫ টাতকৈয়ো অধিক শিশুক পিতৃ-মাতৃৰ পৰিচয় প্ৰদানেৰে আকোঁৱালি লৈছে দেশ-বিদেশৰ অনেকজনে। ফ্ৰান্স, মাল্টা, স্পেইনৰ সন্তানহীন দম্পত্তিয়েও বিদেশৰ পৰা আহি পৰিচয় প্ৰদান কৰিছে শিশুগৃহৰ কেইবাটাও শিশুক।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.