কয়লাৰ ক’লাই ক’লা কৰিলে কংগ্ৰেছক

Share This Article

ভাৰতীয় জনতা পাৰ্টিয়ে মঙলবাৰে ‘কংগ্ৰেছ ফাইল’ৰ তৃতীয় খণ্ড মুকলি কৰে।বিজেপিৰ অভিযোগ বিগত ৭০ বছৰে কংগ্ৰেছে ৪৮,২০,৬৯,০০,০০,০০০ টকা জনতাৰ পৰা লুটিলে।দ্বিতীয়বাৰ ক্ষমতালৈ অহা এনডিএ চৰকাৰে ইউপিএক সমালোচনা কৰি কয় যে কংগ্ৰেছ দল ১ লাখ ৮৬ হাজাৰ টকাৰ কয়লা কেলেংকাৰীৰ লগত জড়িত।দলটোৱে প্ৰচাৰ কৰা ৩ মিনিটৰ ভিডিঅ’টোৰ নাম দিছে ‘ কয়লা কী দালালী ম্যে হাথ কালা’এই ভিডিঅ’টোত কয়লা খনিৰ আৱণ্টনৰ ক্ষেত্ৰত ইউপিএৰ দিনত হোৱা কেলেংকাৰীৰ কথাও উল্লেখ কৰা হৈছে।কংগ্ৰেছ দলক সমালোচনা কৰি বিজেপি দলে কয় ‘কয়লা কী দালালী ম্যে হাথ কালা কেৱল এটা জতুৱা ঠাঁচ নহয়,ই হ’ল বাস্তৱৰ প্ৰকৃত চিত্ৰ।বিজেপিয়ে মুক্তি দিয়া এই ভিডিঅ’টোত আৰম্ভণিতে উল্লেখ কৰা হৈছে যে কংগ্ৰেছ মানে দুৰ্নীতি।ছিজন ১ খণ্ড ৩ ত বিজেপিয়ে উল্লেখ কৰিছে যে ইউপিএ চৰকাৰৰ দিনত ভাৰতীয় অৰ্থনীতিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল আৰু সেয়ে কংগ্ৰেছে দুৰ্নীতি কৰাৰ সুযোগ লাভ কৰিছিল।২০০৪ চনৰ পৰা ২০০৯ চনৰ সময়চোৱাত প্ৰায় ১০০ টা কোম্পানীক অন্যায়ভাৱে কয়লা খনিৰ আৱণ্টন দিয়া হৈছিল।’আনকি কেগেও নীতিবৰ্হিভূতভাৱে কয়লা আৱণ্টনৰ বিষয়টো উল্লেখ কৰিছিল।২০০৪ চনৰ পৰা ২০০৯ চনৰ সময়চোৱাত কেন্দ্ৰীয় কয়লা মন্ত্ৰালয়ৰ দায়িত্বত আছিল ঝাৰখাণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু ছোৰেণ আৰু স্বয়ং প্ৰধানমন্ত্ৰী।ভিডিঅ’টোত এই কেলেংকাৰীৰ বাবে ছোনিয়া গান্ধী আৰু তেওঁৰ পুত্ৰ ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰা হৈছে।বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছে আৰম্ভ কৰা ‘ হাম আদানী কে হ্যে কোন ‘ অভিযানৰ ঠিক এমাহ পিছতেই কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিয়ে আৰম্ভ কৰিছে এই নতুন অভিযান।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.