সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

লকডাউন-৪ ৰ জাননীৰ সবিশেষ

অৱশেষত অপেক্ষাৰ অন্ত পৰিল ৷ দেশত ৩১ মে’লৈকে বৃদ্ধি কৰা হ’ল লকডাউন ৷ কেন্দ্ৰীয় চৰকাৰে আজি ৰাজ্যসমূহক ৩১ মে’ পৰ্যন্ত লকডাউন বলবৎ কৰাৰ নিৰ্দেশ দিছে৷ ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগে কিছু সময় পূৰ্বে আনুষ্ঠানিক নিৰ্দেশনা জাৰি কৰিছে৷ জাৰি কৰা জাননী অনুসৰি-
সম্পূর্ণ ৰূপে বন্ধ থাকিব-

১) বন্ধ থাকিব মেট্ৰ’ ৰেল আৰু বিমান সেৱা৷
৩) বন্ধ থাকিব সকলো ধৰণৰ শৈক্ষিক প্ৰতিষ্ঠান৷
৪)বন্ধ থাকিব হোটেল, ৰেষ্টুৰেণ্ট৷
৫)বন্ধ থাকিব চিনেমা হ’ল, শ্বপিং মল, জিম,চুইমিঙ পুল,পার্ক,থিয়েটাৰ,বাৰ আৰু অ’ডিটৰিয়াম৷
৬)বন্ধ থাকিব সকলো ধৰণৰ ৰাজনৈতিক,সামাজিক,মনোৰন্জণমূলক,শৈক্ষিক,সাংস্কৃতিক আৰু ধর্মীয় সমাবেশ৷
৭)সকলো ধর্মীয় ক্ষেত্ৰ দর্শনার্থীৰ বাবে বন্ধ থাকিব৷

- Donation -

নিম্ন উল্লেখিত সেৱা সমূহ অনুমতি সাপেক্ষে সচল হ’ব৷ কিন্তু কন্টেইনমেন্ট জ’নত খোলা নহ’ব৷
১)ৰাজ্যিক বাছ সেৱা সংশ্লিষ্ট ৰাজ্যৰ অনুমতিৰ ওপৰত নির্ভৰ কৰিব৷
২)আন্তৰাজ্যিক বাছ সেৱা সংশ্লিষ্ট ৰাজ্যৰ ওপৰত নির্ভৰ কৰিব৷
৩) Standard Operating Procedures জাৰি থাকিব৷

কন্টেইনমেন্ট,বাফাৰ,ৰেড,গ্ৰীণ আৰু অৰেন্জ জ’ন সর্ম্পকে নির্দেশিকা-
১)এই বিষয়ত ৰেড,গ্ৰীণ আৰু অৰেন্জ জ’ন ঘোষণা কৰা সম্পর্কত ৰাজ্য সমূহে কেন্দ্ৰীয় চৰকাৰৰ(MoHFW) সৈতে আলোচনাৰ শেষত সিদ্ধান্ত ল’ব৷
২)ৰেড আৰু অৰেন্জ জ’ন সমূহত কন্টেইনমেন্ট জ’ন আৰু বাফাৰ জ’ন সম্পর্কে জিলা প্ৰশাসনে MoHFW ৰ নির্দেশিকা অনুসৰি সিদ্ধান্ত ল’ব৷
৩)কন্টেইনমেন্ট জ’নত কেবল জৰুৰীকালীন সেৱাৰ অনুমতি দিয়া হ’ব৷এই জ’নৰ পৰা মানুহৰ আহ-যাহ জৰুৰীকালীন সেৱাক বাদ দি সম্পূর্ণৰূপে বন্ধ৷
৪)কন্টেইনমেন্ট জ’ন সমূহত কনট্ৰেক্ট ত্ৰেচিং আৰু তীক্ষ্ণ নিৰীক্ষণ জাৰি থাকিব৷

নৈশ সান্ধ্য আইন সম্পর্কে নির্দেশিকা-
১)নৈশ সান্ধ্য আইন সন্ধিয়া ৭ বজাৰ পৰা পূৱা ৭ বজালৈ বাহাল থাকিব৷

৬৫ বছৰ উর্ধৰ লোক,ৰোগী,গর্ভৱতী নাৰী আৰু ১০ বছৰৰ তলৰ শিশু থাকিব লাগিব স্বগৃহত৷

অন্য সকলো ধৰণৰ সেৱা কণ্টেইনমেণ্ট জ’ন বাদ দি খোলা থাকিব৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.