সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

এজন অসমীয়া বিষয়াৰ কৰ্তব্যনিষ্ঠা

চৰকাৰী বিষয়া বুলি ক’লেই বহুতৰে নাক কোচ খাই আহে৷ সাধাৰণ মানুহৰ প্ৰতি কৰা দুৰ্ব্যৱহাৰ , ৰঙা ফিটাৰ মেৰপেছ – বেছিভাগ মানুহৰে চৰকাৰী বিষয়াৰ লগত অভিজ্ঞতা মধুৰ নহয় ৷ কি্ন্তু তাৰ মাজতো আছে বিৰল ব্যতিক্ৰম৷ তেনে এগৰাকী বিষয়া হ’ল মুম্বাইত অসম ভৱনৰ উপ-আয়ুক্ত দেবাশীষ শৰ্মা ৷ বিষয়াগৰাকীক লগ পোৱা সকলো মানুহেই জানে তেওঁৰ বিশাল হৃদয়ৰ কথা ৷ মানুহৰ প্ৰতি থকা তেওঁৰ অপৰিসীম ভালপোৱাৰ কথা ৷ শেহতীয়াকৈ তেওঁ আকৌ এবাৰ সেই মহানুভৱতাকে প্ৰকাশ কৰিলে৷ চিকিৎসাৰ বাবে গৈ লকডাউনত মুম্বাইত আৱদ্ধ হৈ পৰিছিল অসমৰ বহু সংখ্যক কৰ্কট ৰোগী ৷ লকডাউন কিছু শিথিল হোৱাৰ লগে লগে তেওঁ এই ৰোগীসকলক অসমলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে৷ অকলে নপঠালে ৷নিজেও আহিল লগত৷ গান -গীটাৰেৰে মধুৰ কৰি ৰাখিলে যাত্ৰপথ৷ ৫ খন ৰাজ্যৰ মাজেৰে ৫ দিনৰ বাছযাত্ৰাৰ পিছত ১৬০ গৰাকী ৰোগী আৰু তেওঁলোকৰ আত্মীয়ক থৈ গ’লহি অসমত ৷ তাৰ পাছতে আকৌ বাছযোগে উভতিল মুম্বাইলৈ ৷ কিন্তু এই যাত্ৰা উজু নহয়৷ ৰাস্তাৰ সকলো দোকান পোহাৰ বন্ধ ৷ সেয়ে পথৰ দাতিতে মুকলি আকাশৰ তলত নিজে ৰান্ধি – খাই মুম্বাই অভিমুখে গৈ আছে দেবাশীষ শৰ্মা আৰু তেওঁৰ সহযোগীসকল৷ এনদৰে পথৰ দাতিত তেওঁলোকে খাদ্য প্ৰস্তুত কৰি থকা ফটো এখন কালি ফেচবুকত প্ৰকাশ কৰিছে DY365 চেনেলৰ এডিটৰ ইন চীফ মনোজ কুমাৰ গোস্বামীয়ে৷ মুম্বাই অসম ভৱনত কৰ্মৰত বিষয়াগৰাকীৰ কৰ্তব্যনিষ্ঠাক অসমবাসীয়ে একেমুখে শলাগিছে৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.