এজন অসমীয়া বিষয়াৰ কৰ্তব্যনিষ্ঠা

Share This Article

চৰকাৰী বিষয়া বুলি ক’লেই বহুতৰে নাক কোচ খাই আহে৷ সাধাৰণ মানুহৰ প্ৰতি কৰা দুৰ্ব্যৱহাৰ , ৰঙা ফিটাৰ মেৰপেছ – বেছিভাগ মানুহৰে চৰকাৰী বিষয়াৰ লগত অভিজ্ঞতা মধুৰ নহয় ৷ কি্ন্তু তাৰ মাজতো আছে বিৰল ব্যতিক্ৰম৷ তেনে এগৰাকী বিষয়া হ’ল মুম্বাইত অসম ভৱনৰ উপ-আয়ুক্ত দেবাশীষ শৰ্মা ৷ বিষয়াগৰাকীক লগ পোৱা সকলো মানুহেই জানে তেওঁৰ বিশাল হৃদয়ৰ কথা ৷ মানুহৰ প্ৰতি থকা তেওঁৰ অপৰিসীম ভালপোৱাৰ কথা ৷ শেহতীয়াকৈ তেওঁ আকৌ এবাৰ সেই মহানুভৱতাকে প্ৰকাশ কৰিলে৷ চিকিৎসাৰ বাবে গৈ লকডাউনত মুম্বাইত আৱদ্ধ হৈ পৰিছিল অসমৰ বহু সংখ্যক কৰ্কট ৰোগী ৷ লকডাউন কিছু শিথিল হোৱাৰ লগে লগে তেওঁ এই ৰোগীসকলক অসমলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে৷ অকলে নপঠালে ৷নিজেও আহিল লগত৷ গান -গীটাৰেৰে মধুৰ কৰি ৰাখিলে যাত্ৰপথ৷ ৫ খন ৰাজ্যৰ মাজেৰে ৫ দিনৰ বাছযাত্ৰাৰ পিছত ১৬০ গৰাকী ৰোগী আৰু তেওঁলোকৰ আত্মীয়ক থৈ গ’লহি অসমত ৷ তাৰ পাছতে আকৌ বাছযোগে উভতিল মুম্বাইলৈ ৷ কিন্তু এই যাত্ৰা উজু নহয়৷ ৰাস্তাৰ সকলো দোকান পোহাৰ বন্ধ ৷ সেয়ে পথৰ দাতিতে মুকলি আকাশৰ তলত নিজে ৰান্ধি – খাই মুম্বাই অভিমুখে গৈ আছে দেবাশীষ শৰ্মা আৰু তেওঁৰ সহযোগীসকল৷ এনদৰে পথৰ দাতিত তেওঁলোকে খাদ্য প্ৰস্তুত কৰি থকা ফটো এখন কালি ফেচবুকত প্ৰকাশ কৰিছে DY365 চেনেলৰ এডিটৰ ইন চীফ মনোজ কুমাৰ গোস্বামীয়ে৷ মুম্বাই অসম ভৱনত কৰ্মৰত বিষয়াগৰাকীৰ কৰ্তব্যনিষ্ঠাক অসমবাসীয়ে একেমুখে শলাগিছে৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.