সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

যোগীৰ আধিপত্য শেষ কৰাই লক্ষ্য !

দেশৰ ৫ খন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনে একপ্ৰকাৰ জ্বলাকলা খুৱাইছে বিজেপিক।বিৰোধী দলবোৰ বিশেষকৈ কংগ্ৰেছকে ধৰি আনবোৰ দল এই নিৰ্বাচনক লৈ ব্যস্ত হৈ পৰিছে যদিও এই নিৰ্বাচনত যদি বিজেপিয়ে ভাল ফলাফল দেখুৱাব নোৱাৰে তেন্তে সকলোতকৈ লোকচানৰ সন্মুখীন হ’ব দলটো। বিজেপি দলৰ আভ্যন্তৰীণ সূত্ৰয়ো মধ্য প্ৰদেশ,ছত্তীশগড় আৰু তেলেংগানাত বিজেপি দলে ভাল ফলাফল দেখুৱাব পাৰিব বুলি ইংগিত দিয়া নাই।আনহাতে,ৰাজস্থান আৰু মিজোৰামৰ ক্ষেত্ৰত মিজোৰামত বিজেপিৰ ফলাফল বেয়া হোৱাৰ পৰিবৰ্তে ৰাজস্থানত কংগ্ৰেছ দলৰ লগত তয়াময়া যুঁজ হোৱাৰ ইংগিত দিছে সমীক্ষাই।ইপিনে ভূতৰ ওপৰত দানহ পৰাদি উত্তৰ প্ৰদেশত যোগী আদিত্যনাথৰ প্ৰভুত্ব বৃদ্ধি পাইছে৷যোগী আদিত্যনাথ RSS শিবিৰৰো নয়নৰ মণি। যোগী আদিত্যনাথৰ আধিপত্যৰ বাবেই শোৱন খাৱন হেৰুৱাইছে ঘাইকৈ মোডী -শ্বাহ যুটীয়ে৷সেয়ে ২০২৪ চনত গোৰখপুৰ সমষ্টিৰ পৰা যোগী আদিত্যনাথক প্ৰাৰ্থিত্ব প্ৰদান কৰি লক্ষ্ণৌ এৰি দিল্লীলৈ লৈ অনাৰ পৰিকল্পনা লৈছে মোডী-শ্বাহ যুটীয়ে।অৱশ্যে এই পৰিকল্পনাত মোডী কিমান সফল হয়,সেয়া এতিয়াই কোৱাটো টান।কিন্তু আগৰ ৰেকৰ্ডবোৰলৈ লক্ষ্য কৰিলে দেখা যায় ৰাতিৰ ভিতৰতে ৰাজনীতি সলনি কৰাত সিদ্ধহস্ত এই যুটিটো।কৰ্ণাটকত য়েদুৰাপ্পাৰ দৰে প্ৰভাৱশালী নেতাক একে ৰাতিতে আঁতৰাই বাসৱৰাজ বম্মাইক অধিষ্ঠিত কৰা,বিজয় ৰূপাণীৰ দৰে নেতাক একে ৰাতিতে আঁতৰোৱা,দিল্লীত নৰেন্দ্ৰ,মুম্বাইত দেৱেন্দ্ৰ বুলি শ্লোগান বনোৱা মোডী-শ্বাহেই মুখ্যমন্ত্ৰীৰ পৰা উপমুখ্যমন্ত্ৰী পাতিছিল দেৱেন্দ্ৰ ফাৰ্ণাভিছক।গতিকে সেই একেটা যুটিয়েই এইবাৰ লক্ষ্য কৰি লৈছে যোগী আদিত্যনাথক। দেশত বিশ্বগুৰুৰ ৰাজত্ব চলি থকাৰ পিছতো মধ্যপ্ৰদেশ,ৰাজস্থান তথা ছত্তীশগড়ৰ দৰে ৰাজ্যত বিজেপিৰ প্ৰভাৱ হ্ৰাস পাইছে -এই প্ৰশ্নৰ উত্তৰ বিচাৰি হাহাকাৰ কৰিছে বিজেপি কৰ্মী তথা নিষ্ঠাৱান নেতাসকল !
মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান,ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে সিন্ধিয়া,ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰমন সিঙক একপ্ৰকাৰ গুৰুত্বহীন কৰি ৰাখিছিল গুজৰাটী লবীটোৱে।মধ্যপ্ৰদেশৰ কংগ্ৰেছ চৰকাৰ ভংগ কৰি ২০২০ চনৰ মাৰ্চ মাহত বিজেপি চৰকাৰ গঠন কৰাই দিয়াৰ পিছৰে পৰাই মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক একপ্ৰকাৰ একাষৰীয়া কৰিলে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই।আনহাতে,২০১৮ চনত বিজেপিয়ে ক্ৰমে ৰাজস্থান আৰু ছত্তীশগড়ত ক্ষমতা হেৰুওৱাৰ পিছৰ পৰাই প্ৰধানমন্ত্ৰী মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ বাবে গুৰুত্বহীন হৈ পৰিল প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী ৰমন সিং। ২০১৪ আৰু ২০১৯ চনৰ দৰেই প্ৰধানমন্ত্ৰী মোডীৰ ঢৌ অব্যাহত থাকিলে শিৱৰাজ সিং চৌহান,ৰমন সিং,বসুন্ধৰা ৰাজেৰ দৰে নেতাক আগলৈ আনি প্ৰধানমন্ত্ৰী মোডীৰ গুৰুত্ব কমোৱাৰ কোনো প্ৰয়োজন নহ’ব বুলি ধাৰণা কৰিছিল মোডী-শ্বাহে।কিন্তু সেই ধাৰণা সলনি হ’ল তেতিয়াই যেতিয়া প্ৰধানমন্ত্ৰী মোডী অথবা অমিত শ্বাহ উপস্থিত থাকিবলগীয়া সভাত জনতাৰ উৎসাহ আৰু উপস্থিতি হ্ৰাস পালে।আজিৰ পৰা দুমাহ আগত অনুষ্ঠিত নিৰ্বাচনী সভাবোৰত প্ৰধানমন্ত্ৰী মোডীয়ে কোনো কাৰণতেই এই নেতাসকলৰ নাম উচ্চাৰণ কৰিব বিচৰা নাছিল।আনকি মধ্যপ্ৰদেশৰ দৰে বিজেপিৰে শাসন চলি থকা ৰাজ্যত আঁচনিৰ নাম লওঁতেও প্ৰধানমন্ত্ৰী মোডীয়ে মুখ্যমন্ত্ৰী শিৱৰাজ সিঙৰ নাম উচ্চাৰণ কৰিবলৈ টান পাইছিল৷আনকি কোনো এখন ৰাজ্যৰ নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম ঘোষণা নকৰাকৈ নিৰ্বাচনী প্ৰচাৰ চলাই আছে বিজেপিয়ে।বিশেষকৈ মধ্যপ্ৰদেশৰ দৰে ৰাজ্যত বিজেপি চৰকাৰৰ আঁচনিৰ সফলতাৰ গুণ গাইছে যদিও মুখ্যমন্ত্ৰী শিৱৰাজ সিঙৰ নাম লওঁতেই যেন জিভা কঁপি গৈছে প্ৰধানমন্ত্ৰীৰ।এসময়ৰ বিজেপিৰ ৰাজ্যিক নেতাক নিজ ৰাজ্যত আওকাণ কৰি কৰ্ণাটকত ভয়ংকৰ মুখথেকেঁচা খাইছিল বিজেপিয়ে।মুখ্যমন্ত্ৰী য়েদুৰাপ্পাক গুৰুত্বহীন কৰি মুখথেকেঁচা খোৱাৰ পিছত হঠাৎ যেন মধ্য প্ৰদেশ ,ছত্তীশগড় আৰু ৰাজস্থানৰ ক্ষেত্ৰত সম্বিত ঘূৰাই পাইছে গুজৰাটী লবীৰ নেতাসকলে।কিন্তু মূৰামূৰি সময়ত কেন্দ্ৰীয় নেতৃত্বৰ এই উপলব্ধিয়ে কিমান আৰু কেনেধৰণে দলটোক উপকৃত কৰিব সেই কথা জানিবলৈ ৰ’ব লাগিব ফলাফলৰ দিনটোলৈ।

Leave A Reply

Your email address will not be published.