সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মুকলি বজাৰত SSCৰ প্ৰশ্নকাকত বিক্ৰী !

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৪ চনত চৰকাৰ গঠন কৰিয়েই দুৰ্নীতিমুক্ত ভাৰত গঢ়াৰ প্ৰতিশ্ৰুতি দিছিল।বিজেপি শাসিত ৰাজ্যবোৰ
তো চলিছিল দুৰ্নীতি বিৰোধী শ্লোগান।’না খাওংগা,না খানে দুংগা’ এইয়া কেৱল মোডী চৰকাৰৰ যে শ্লোগানহে আছিল ,সেয়া স্পষ্ট হৈছে হিমাচল প্ৰদেশত।হিমাচল প্ৰদেশত বিগত ডিচেম্বৰ মাহত অনুষ্ঠিত নিৰ্বাচনত ক্ষমতালৈ আহে কংগ্ৰেছ দল।ইয়াৰ আগৰ ৫ বছৰত ৰাজ্যখনৰ শাসনত আছিল জয়ৰাম ঠাকুৰ নেতৃত্বাধীন বিজেপি চৰকাৰ।জয়ৰাম ঠাকুৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত নিয়োগৰ ক্ষেত্ৰত হৈছিল ব্যাপক অনিয়ম।SSC ৰ প্ৰশ্ন কাকত মুকলিকৈ বিক্ৰীৰ অভিযোগ তুলিছে বৰ্তমানৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে।
হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে হিমাচল প্ৰদেশৰ ষ্টাফ চিলেকচন কমিছনৰ সকলো বিষয়াক আঁতৰাই নতুনকৈ কমিটি গঠনৰ সিন্ধান্ত লয়।উল্লেখ্য যে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ চাকৰিৰ নিয়োগৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি হোৱাৰ কথা মুখ্যমন্ত্ৰীয়ে নিজেই স্বীকাৰ কৰিছিল।মুখ্যমন্ত্ৰী সুখুই কয় যে SSC ত ব্যাপক দুৰ্নীতি হৈছে আৰু কোনো পুৰণি কৰ্মচাৰীক এই নতুনকৈ গঠন হ’বলগীয়া আয়োগত ৰখা নহ’ব।আনকি নতুন কৰ্মচাৰীৰ ক্ষেত্ৰতো একেবাৰে স্থায়ীভাৱে নিযুক্তি প্ৰদান কৰা নহ’ব।মুখ্যমন্ত্ৰী সুখুৱে কয় ‘ চৰকাৰে চানান কমিটি গঠন কৰি দিছে।এই কমিটিখনে ৩ মাহৰ ভিতৰত কোন কোন লোকক লৈ কমিচন গঠন কৰা হ’ব তাৰ পৰামৰ্শ দিব।তাৰ ভিত্তিতেই সম্পূৰ্ণ পৰীক্ষা নিৰীক্ষা কৰিহে এই কৰ্মচাৰী সকলক নিযুক্তি দিয়া হ’ব।’বিধানসভাত সুখুৱে নিজে স্বীকাৰ কৰে যে বিভিন্ন বিভাগৰ পৰীক্ষাত বিগত ৫ বছৰত ভয়ংকৰ দুৰ্নীতি হৈছিল।আৰক্ষীৰ চাকৰিৰ পৰা বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ পদলৈকে সকলোতে দুৰ্নীতি হৈছিল।আনকি বিজেপিৰ দিনত তাত বিভিন্ন বিভাগৰ প্ৰশ্ন কাকত মুকলিকৈ বিক্ৰী হৈছিল।কংগ্ৰেছৰ সদস্য কেৱল সিং পাঠানীয়াই কয় এই প্ৰশ্ন কাকত ফাদিলৰ ঘটনাটোৰ প্ৰকৃত তদন্ত কৰি দোষী সকলক কঠোৰ শাস্তি প্ৰদান কৰা উচিত।বিধায়ক চন্দ্ৰ শেখৰ,ৰাজীন্দৰ সিং ৰাণা,মালেন্দাৰ ৰাজন,সঞ্জয় অগস্তি,সুৰেশ কুমাৰ,ভৱানী সিং পাঠানীয়া আদিয়েও হিমাচল প্ৰদেশৰ SSC পুনৰ গঠন প্ৰক্ৰিয়াৰ পোষকতা কৰে।আনহাতে,সংসদীয় পৰিক্ৰমা মন্ত্ৰী হৰ্ষবৰ্ধন চৌহানে কয় যে কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰখনে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিব৷হৰ্ষবৰ্ধন চৌহানে কয় যে বিজেপিৰ দিনত বিভিন্ন বিভাগৰ পৰীক্ষা সমূহৰ প্ৰায় ৮০% ৰে ফলাফল ঘোষণা হোৱা নাছিল আৰু বিজেপিয়ে এই বিষয়টো সদনত আলোচনা কৰিব নিবিচৰাটো সঁচাকৈয়ে দুৰ্ভাগ্যজনক।

Leave A Reply

Your email address will not be published.