কৰ্ণাটকত তচনচ হ’ব বিজেপি !

Share This Article

কৰ্ণাটকত বিজেপিৰ সন্মান ৰক্ষাৰ যুঁজৰ কি হ’ব? কৰ্ণাটকত বিজেপিয়ে ৰাখিব পাৰিবনে দলৰ সন্মান?বিজেপিৰ বিৰুদ্ধে ৰণকৌশল প্ৰস্তুত কংগ্ৰেছৰ।কংগ্ৰেছৰ দ্বিতীয় প্ৰাৰ্থী তালিকা প্ৰকাশ ।কৰ্ণাটকত অহা ১০ মে’ত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।ৰাজ্যখনত মুঠ ২২৪ টা বিধানসভাৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব।বিগত ২৯ মাৰ্চত নিৰ্বাচন আয়োগে ৰাজ্যখনৰ নিৰ্বাচনৰ দিন ঘোষণা কৰে।ৰাজ্যখনত বৰ্তমান শাসনাধিষ্ঠিত বিজেপি দলৰ দুৰ্নীতি আৰু কেলেংকাৰীৰ বিৰুদ্ধে সৰৱ হৈছে ৰাজ্যখনৰ জনতা।ইতিমধ্যে কেইবাগৰাকীও বিজেপি বিধায়কে দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিছে।বিজেপিৰ বিপৰীতে প্ৰধান বিৰোধী দল কংগ্ৰেছ আৰু জনতা দল (এছ) এও শক্তিশালীভাৱে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব।
বৃহস্পতিবাৰে কংগ্ৰেছ দলে দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰে।বৃহস্পতিবাৰে ৪১ টা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰে কংগ্ৰেছে।বৃহস্পতিবাৰে ঘোষণা কৰা তালিকাত নাম থকা কংগ্ৰেছৰ শীৰ্ষস্থানীয় নেতাসকল শিৱকুমাৰ,সিদ্দাৰামায়া,প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কে এইছ মুনিয়াপ্পা আৰু কংগ্ৰেছ সভাপতি মাল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়ংক খাৰ্গে।কংগ্ৰেছে ইতিমধ্যে ঘোষণা কৰা প্ৰাৰ্থী তালিকাত সকলো জাতি,বৰ্ণৰ লোককে অগ্ৰাধিকাৰ দিয়া হৈছে৷ইতিমধ্যে কৰ্ণাটকৰ কোলাৰত ৰাহুল গান্ধীয়ে অহা ৯ এপ্ৰিলত এক শোভাযাত্ৰাত অংশ ল’ব।উল্লেখ্য যে এই স্থানত ২০১৯ চনত ভাষণ দিয়েই ৰাহুল গান্ধীয়ে নিজৰ সাংসদ পদ হেৰুৱাবলগীয়া হৈছিল।সাংসদ পদ হেৰুওৱাৰ পিছত প্ৰথমবাৰলৈ কোলাৰলৈ যাব ৰাহুল গান্ধী৷তাতেই তেওঁ শুভাৰম্ভ কৰিব ‘জয় ভাৰত’ শোভাযাত্ৰাৰ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.