বিজেপিৰ প্ৰেৰণা হনুমান

Share This Article

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে বিজেপি দলৰ ৪৪ তম প্ৰতিষ্ঠা দিৱস উপলক্ষে দলৰ কাৰ্যকৰ্তাক উদ্দেশ্যি হনুমানৰ আদৰ্শৰে অনুপ্ৰাণিত হোৱাৰ আহ্বান জনায়।বৃহস্পতিবাৰে দলটোৱে ইয়াৰ প্ৰতিষ্ঠা দিৱস পালন কৰাৰ সমান্তৰালভাৱে দেশজুৰি উদযাপিত হৈছে হনুমান জয়ন্তী।প্ৰধানমন্ত্ৰী মোডীয়ে কয় ‘ হনুমানজীয়ে ৰাক্ষসৰ লগত যুঁজ দিয়াৰ নিচিনাকৈ আমিও বংশানুক্ৰমিক ৰাজনীতি আৰু দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিব লাগিব।বিজেপিয়েই একমাত্ৰ দল যিয়ে ৰাষ্ট্ৰক সদায় প্ৰথম স্থানত ৰাখে।’প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পুনৰ কয় ‘ সামাজিক ন্যায় বিজেপিৰ বাবে কেৱল এক ৰাজনৈতিক শ্লোগান নহয়।ইয়াৰ আগতে বহুতবোৰ ৰাজনৈতিক দলে শাসন কৰিলে।সকলোৰে লক্ষ্য আছিল নিজৰ পৰিয়ালৰ ভাল কৰা।কিন্তু বিজেপিৰ কাৰণে সকলোৰে সম বিকাশেই মূল লক্ষ্য।’

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.