সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

‘মাছ’ খোৱাতকৈ ‘বিহ’কে খাওক !

মাছৰ নামত আপুনি খাই আছে বৰবিহ! আপুনি চালানী মাছ খাই আছে নেকি?তেন্তে এতিয়াৰে পৰা পৰিহাৰ কৰক! চালানী মাছৰ নামত আপুনি কি খাইছে জানেনে?বজাৰৰ পৰা কিনা মাছ আপোনাৰ স্বাস্থ্যৰ বাবে কিমান ভয়ংকৰ হ’ব পাৰে ?আপুনি আপোনাৰ অজ্ঞাতেই মাতিছে ভয়ংকৰ বিপদ !স্নায়ুজনিত ৰোগ, কেঞ্চাৰৰ দৰে ভয়াৱহ ৰোগত আক্ৰান্ত হ’ব পাৰে আপুনি ! গৱেষকে দিছে ভয়াৱহ তথ্য! চালানী মাছক লৈ নগাঁও মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলৰ গৱেষণা। ধৰা পৰিল বৰবিহ ফৰ্মেলিনৰ উপস্থিতি। মাছৰ নামত আপুনি কি খাইছে ? চালানী মাছৰ ক্ষেত্ৰত নগাঁও মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগে প্ৰমাণ সহকাৰে দাঙি ধৰিলে এক ভয়ংকৰ তথ্য।বহিঃৰাজ্যৰ পৰা অনা আমদানিকৃত চালানী মাছ খোৱাৰ ফলত হ’ব পাৰে ভয়ংকৰ দুৰাৰোগ্য ৰোগ ।হয়,এই কথাকেই গৱেষণাৰ জৰিয়তে সত্য প্ৰমাণিত কৰিলে নগাঁও মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগে ।বহিঃৰাজ্যৰ পৰা আমদানিকৃত চালানী মাছৰ ক্ষেত্ৰত বিগত তিনিমাহে কৰা নিৰবিচ্ছিন্ন পৰীক্ষাৰ অন্তত উন্মোচন হ’ল ভয়ংকৰ তথ্য। প্ৰমাণিত হ’ল চালানী মাছৰ নামত প্ৰকৃততে খোৱা হৈছে বৰবিহ।নগাঁও জিলাৰ বিভিন্ন বজাৰৰ পৰা কেইবাবিধো চালানী মাছৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰাৰ পাছত উন্মোচিত হৈছে এই ভয়ংকৰ সত্য ৷ চালানী মাছৰ দেহত পোৱা গৈছে বিষাক্ত ফৰ্মেলিন । যি ফৰ্মেলিনে মানৱ দেহত মাৰাত্মক কৰ্কট ৰোগৰ সৃষ্টি কৰে ।এই সন্দৰ্ভত ইতিমধ্যে নগাঁও জিলা প্ৰশাসনক অৱগত কৰিছে নগাঁও মহাবিদ্যালয় কৰ্তৃপক্ষই ।গতিকে সাৱধান হওক এতিয়াৰে পৰা ।আজিৰ পৰা বন্ধ কৰক চালানী মাছৰ নামত বৰবিহ খোৱা । অন্যথা আপোনাৰ স্বাস্থ্যলৈ আহিব পাৰে ভয়ংকৰ বিপদ।

Leave A Reply

Your email address will not be published.