অসহ্যকৰ ! মৃতকক লৈয়ো ধেমালি !

Share This Article

পুনৰ সংঘটিত হ’ল কেনাৰাম সদৃশ ঘটনা।কোকৰাঝাৰ এনকাউন্টাৰত নিহত KLO মৃতদেহক লৈ আকৌ লাগিল কেনা।বৰপেটা মেডিকেল কলেজ কৰ্তৃপক্ষ আৰু প্ৰশাসনৰ বিৰূদ্ধে মৃতদেহক লৈ ল’ৰা ধেমালি কৰাৰ অভিযোগ।এই লৈ ৰৌতা অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । সোমবাৰে কোকৰাঝাৰৰ চক্ৰশিলাত আৰক্ষীৰে সংঘৰ্ষত নিহত হৈছিল ৰৌতাৰ KLO সদস্য অভিজিৎ ডেকা আৰু বঙাইগাঁৱৰ নিপন ৰায়ৰ । পিছত আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা ফকৰুদ্দিন আলি আহমেদ মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছিল ।মৰণোত্তৰ পৰীক্ষা সম্পন্নৰ অন্তত পলিথিনেৰে মেৰিয়াই মৃতদেহটো গতাই দিয়ে দুয়োটা পৰিয়ালৰ লোকক ।নিপন ৰায়ৰ পৰিয়ালে শেষকৃত্য কৰাৰ আগমুহুৰ্তত মৃতদেহ দেখা পাই হতভম্ব হৈ পৰে ।ৰৌতাৰ অভিজিৎ ডেকাৰ মৃতদেহ ঘৰলৈ আনি থকা অৱস্থাত আৰক্ষীয়ে মৃতদেহ সাল-সলনি হোৱা বুলি পৰিয়ালক ফোনযোগে অৱগত কৰে । মৃতদেহ খুলি চাই পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ লাগে । লগে-লগে আধবাটৰ পৰাই অভিজিৎ ডেকাৰ পৰিয়ালে নিপন ৰায়ৰ মৃতদেহ লৈ বঙাইগাঁৱৰ কাঁহীডবাত গৈ উপস্থিত হৈ সলনি কৰি আনিব লগীয়া হ’ল মৃতদেহ। মৃতদেহ চিনাক্তকৰণৰ বাবে কোনো ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপন হৈছে। চিকিৎসালয় কৰ্তৃপক্ষ আৰু প্ৰশাসনৰ চৰম গাফিলতিৰ বাবেই এই অবাঞ্চিত ঘটনা সংঘটিত হোৱাৰ অভিযোগ অভিজিতৰ পৰিয়াৰল । আকৌ কেনাৰাম সদৃশ ঘটনাৰ পুনৰাবৃত্তি হোৱাক লৈ সমগ্ৰ ৰৌতা অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.