ৰাজনীতি এৰিব ৰাহুল গান্ধীয়ে?

Share This Article

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ এটা মাহ পাৰ হ’ল !কি হ’ব ‘ডিচকোৱালিফাইড এম পি’ৰ ৰাজনৈতিক ভৱিষ্যৎ?ৰাজনীতি ত্যাগ কৰিব নেকি ৰাহুল গান্ধীয়ে?কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ সম্পূৰ্ণ হ’ল এমাহ।২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত কৰ্ণাটকৰ কোলাৰত এখন নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে মানহানিকৰ মন্তব্য কৰাৰ অভিযোগত যোৱা ২৪ মাৰ্চত লোকসভা সচিবালয়ে খাৰিজ কৰে ৰাহুল গান্ধীৰ সাংসদ পদ। তাৰ আগদিনা অৰ্থাৎ ২৩ মাৰ্চত গুজৰাটৰ চুৰাটৰ এখন নিম্ন আদালতে একেই প্ৰসংগত ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰি দুবছৰৰ কাৰাদণ্ড দিয়ে । অৱশ্যে পাছ মুহূৰ্ততে একেখন আদালতে তেওঁক জামিনো প্ৰদান কৰে। উল্লেখ্য গুজৰাটৰ বিজেপি বিধায়ক পুৰ্নেশ মোডীৰ গোচৰৰ ভিত্তিতে নিম্ন আদালতৰ এই ৰায় ২৪ ঘণ্টা অতিক্ৰম কৰিবলৈ নাপালেই লোকসভা সচিবালয়ে খাৰিজ কৰে ৰাহুল গান্ধীৰ সাংসদ পদ। অকল সাংসদ পদ খাৰিজ কৰাই নহয়,লোকসভা সচিবালয়ে আঠ বছৰৰ বাবে ৰাহুল গান্ধীক কোনো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাতো নিষেধাজ্ঞা জাৰি কৰে।ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 102(1)(e)আৰু জনপ্ৰতিনিধি আইন ১৯৫১ৰ ৮ নং ধাৰা অনুসৰি ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰা হয়।ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হোৱাৰ পাছতেই সাংসদহীন হ’ল কেৰালাৰ ৱাইনাড লোকসভা সমষ্টি। কিন্তু সাংসদ পদ খাৰিজ হোৱাৰ এমাহ হ’ল যদিও ইয়াৰ বিৰুদ্ধে যেনেদৰে তৎপৰ হ’ব লাগিছিল বৰ্তমানেও তেনে কোনো তৎপৰতা দেখুওৱা নাই ৰাহুল গান্ধীয়ে।যিটো প্ৰসংগ এতিয়া দেশজুৰি উত্থাপন হৈছে।দেশৰ ৰাজনীতিত চৰ্চা হৈছে ৰাজনীতি ত্যাগ কৰিব নেকি ৰাহুল গান্ধীয়ে? ৰাজনীতিৰ প্ৰতি অনীহা আহিছে নেকি কংগ্ৰেছৰ যুৱৰাজৰ?ৰাজনীতি কৰিবলৈ আৰু ইচ্ছুক নহয় নেকি ৰাহুল গান্ধী ? উল্লেখ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে মানহানিকৰ গোচৰত চুৰাটৰ নিম্ন আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই ৰাহুল গান্ধী সত্ৰ ন্যায়াধীশৰ আদালতৰ দ্বাৰস্থ হৈছে।কিন্তু তাৰ পাছতো সাংসদ পদ ঘূৰাই লোৱাৰ ক্ষেত্ৰত কোনো তৎপৰতা নাই ৰাহুল গান্ধীৰ। তদুপৰি যোৱা ২২ এপ্ৰিলত ৰাহুল গান্ধীয়ে সাংসদ হিচাপে পোৱা নতুন দিল্লীৰ ১২ টোঘলক লেনৰ চৰকাৰী বাসগৃহও ত্যাগ কৰে। বৰ্তমান তেওঁ কৰ্ণাটক বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত।ইফালে যোৱা ২৯ মাৰ্চত দেশৰ নিৰ্বাচন আয়োগে কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰে। কৰ্ণাটক বিধানসভা নিৰ্বাচন অহা ১০ মে’ত অনুষ্ঠিত হ’ব। কিন্তু নিৰ্বাচন আয়োগে ৱাইনাড লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ তাৰিখ ঘোষণা নকৰিলে। মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ ঘোষণা -আদালতে ৰাহুল গান্ধীক উচ্চ ন্যায়ালয়ত আবেদন জনাবলৈ ৩০ দিন সময় দিছে। সেয়ে আয়োগে এতিয়াই উপ-নিৰ্বাচনৰ কথা চিন্তা কৰা নাই। নিৰ্বাচন আয়োগৰ এই ঘোষণাৰ পাছতো অতি তাৎপৰ্যপূৰ্ণ কথা এয়ে যে সাংসদ পদ খাৰিজৰ বিৰুদ্ধে ৰাহুল গান্ধীয়ে বৰ্তমানেও কোনো তৎপৰতা দেখুওৱা নাই। সেয়ে এতিয়া প্ৰশ্ন উত্থাপন হৈছে ডিচকুৱালিফাইড এম পি ৰাহুল গান্ধীয়ে সঁচাকৈয়ে ৰাজনীতিৰ পৰা সন্ন্যাস ল’ব নেকি?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.