সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মণিপুৰৰ প্ৰভাৱ মিজোৰামতো ,মিজোৰামত ভোট বিচাৰিবলৈকে লাজ বিজেপিৰ !

উত্তৰ পূৰ্বাঞ্চলৰ মিজোৰামৰ লগতে দেশৰ আন ৪ খন ৰাজ্যত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব অহা নবেম্বৰ মাহত।অহা ৭ নবেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনকলৈ শাসক -বিৰোধী সকলো ব্যস্ত ।কিন্তু আশ্চৰ্যকৰ বিষয় এয়ে যে শাসক -বিৰোধী দুয়োটা পক্ষই ব্যস্ত কেৱল হিন্দী বলয়ৰ ৰাজ্য কেইখনৰ নিৰ্বাচনকলৈহে । তাৰ বিপৰীতে কোনো এটা পক্ষই মিজোৰামৰ নিৰ্বাচনৰ বিষয়টোত গুৰুত্ব দিয়া নাই ।উল্লেখ্য যে মিজোৰাম বিধানসভাৰ নিৰ্বাচন অহা ৭ নবেম্বৰত অনুষ্ঠিত হ’ব । মুঠ ৪০ খন আসন আছে মিজোৰাম বিধানসভাত । মিজো নেশ্যনেল ফ্ৰণ্ট নামৰ আঞ্চলিক দলটো বৰ্তমান ৰাজ্যখনত শাসনত আছে । মিজো নেশ্যনেল ফ্ৰণ্টৰ বিধায়ক আছে মুঠ ২৭ গৰাকী ।ইয়াৰ বিপৰীতে কংগ্ৰেছৰ বিধায়ক আছে ৫ জন আৰু বিজেপিৰ বিধায়ক আছে এগৰাকী। বিৰোধী দল হিচাপে আছে জ’ৰাম পিপুলচ ম’ভমেন্ট চমুকৈ ZPM.এই দলটোৰ আছে মুঠ ৬ গৰাকী বিধায়ক । মিজো নেশ্যনেল ফ্ৰণ্টে দুটাকৈ কাৰ্যকাল শাসনত থকা কংগ্ৰেছ চৰকাৰক উফৰাই ২০১৮ চনত ক্ষমতালৈ আহিছিল। বৰ্তমান জ’ৰামথাংগা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী।
মিজোৰামৰ বৰ্তমান প্ৰেক্ষাপটলৈ চাই জ’ৰামথাংগাই পুনৰ চৰকাৰ গঠন কৰাৰ আশা প্ৰবল৷যদি সেয়াই হয় মিজোৰাম গঠনৰ পৰা এতিয়ালৈকে একেলেথাৰিয়ে তৃতীয়বাৰ ক্ষমতালৈ অহা প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হ’ব জ’ৰামথাংগা।মিজোৰামত মুঠ ভোটাৰ আছে ৮ লাখ ৩৮ হাজাৰ। ইয়াৰে ৪ লাখ ৬ হাজাৰ পুৰুষ ভোটাৰ আৰু ৪ লাখ ৩২ হাজাৰ মহিলা ভোটাৰ।তদুপৰি ৰাজ্যখনত মুঠ ৪০ হাজাৰ ৯৩৪ গৰাকী নতুন ভোটাৰ আছে। কেন্দ্ৰত NDA ৰ সহযোগী হিচাপে আছে MNF দলটো অথচ মিজোৰামৰ প্ৰধান সমস্যা হৈছে ইয়াৰ বাট-পথৰ !যাতায়তৰ ক্ষেত্ৰত অত্যন্ত পিছপৰা মিজোৰাম।গুৰুত্বপূৰ্ণ বিষয় এয়ে যে মিজোৰামত বৰ্তমান শাসনত থকা MNF দলটোৱে ইউনিফৰ্ম চিভিল ক’ডৰ বিৰোধিতা কৰিছে ।মিজোৰাম চৰকাৰৰ গৃহমন্ত্ৰী লালচামলিয়ানাই কয় ‘ ইউনিফৰ্ম চিভিল ক’ড কাৰ্যকৰী হ’লে দেশৰ ধৰ্মীয় আৰু সামাজিক ৰীতিনীতিত বাধাৰ সৃষ্টি কৰিব । আমি ইউনিফৰ্ম চিভিল ক’ডৰ সম্পূৰ্ণ বিৰোধিতা কৰিম।’উল্লেখ্য যে মিজোৰামত শাসনাধিষ্ঠিত MNF চৰকাৰখনে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিলেও কেন্দ্ৰত দলটো NDA ৰ অংশীদাৰ হিচাপে আছে।ইউনিফৰ্ম চিভিল ক’ডৰ বিৰোধিতা কৰাৰ বাবে বিজেপিৰ বাবে মিজোৰাম বিধানসভাৰ নিৰ্বাচন যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ হ’ব । মিজোৰামত লোকসভাৰ আসন আছে মাত্ৰ এখন । এখন আসন থকাৰ বাবেই মিজোৰাম শাসক বিৰোধী দুয়োপক্ষৰ বাবেই গুৰুত্বহীন আৰু এলাগী হিচাপে বিবেচিত হৈ আহিছে । মিজোৰামত আছে মুঠ ৪ টা গুৰুত্বপূৰ্ণ সমষ্টি । পূব আইজল সমষ্টিটো ৰাজ্যখনৰ অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি । এই সমষ্টিটো বৰ্তমানৰ মুখ্যমন্ত্ৰী জ’ৰামথাংগা৷২০১৮ চনত এই আসনৰ পৰা জয়লাভ কৰিছিল জ’ৰামথাংগাই৷পূব আইজল সমষ্টিটো আচলতে কংগ্ৰেছৰ ভেটি আছিল । এইবাৰ সমষ্টিটোত ঘাইকৈ প্ৰতিন্দন্দ্বিতা হ’ব কংগ্ৰেছ আৰু MNF ৰ মাজত ।মিজোৰামৰ আন এটা গুৰুত্বপূৰ্ণ সমষ্টি হ’ল চাৰ্চিপ৷চাৰ্চিপ সমষ্টিটো বৰ্তমান জ’ৰাম পিপুলচ মুভমেণ্টৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী লালডুহমাৰ দখলত আছে ।লালডুহমাৰে এই সমষ্টিটোত ৫ বাৰৰ বিধায়ক লালথানহাওলাক পৰাজিত কৰিছিল।হাচহেক সমষ্টিটোও মিজোৰামৰ অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি। ত্ৰিপুৰা সীমান্তৰ মমিত জিলাত এই সমষ্টিটো অৱস্থিত৷এই সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী লালৰিণদিকা ৰল্টে আৰু বৰ্তমানৰ ক্ৰীড়া মন্ত্ৰী ৰবাৰ্ট ৰমাৱাই ৰয়টেৰ মাজত ঘাইকৈ প্ৰতিন্দন্দ্বিতা হ’ব।পশ্চিম আইজল সমষ্টিটোও সমানেই গুৰুত্বপূৰ্ণ৷এই সমষ্টিত MNF ,কংগ্ৰেছ আৰু ZPM ৰ প্ৰাৰ্থীৰ মাজত প্ৰতিন্দন্দ্বিতা হ’ব।মিজোৰামৰ ৪০ টা সমষ্টিতেই ঘাইকৈ কংগ্ৰেছ আৰু MNF ৰ মাজত প্ৰতিন্দন্দ্বিতা হোৱাৰ সম্ভাৱনা প্ৰবল । মিজোৰামৰ সীমান্তবৰ্তী মণিপুৰত বিগত ৬ মাহ ধৰি সংঘটিত হৈ থকা সাম্প্ৰদায়িক সংঘৰ্ষৰ প্ৰভাৱ ৰাজ্যখনতো পৰিছে যাৰ ফলত বিজেপি দল যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হ’ব মিজোৰাম বিধানসভাৰ নিৰ্বাচনত ।সেয়ে হয়তো মিজোৰাম নিৰ্বাচনক গুৰুত্ব সহকাৰে গ্ৰহণ কৰা নাই বিজেপিয়ে।

Leave A Reply

Your email address will not be published.