সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মণিপুৰৰ উগ্ৰপন্থী নেতাৰ চিঠিত হিমন্ত বিশ্ব শৰ্মাৰ নাম

এজন উগ্ৰপন্থী নেতাৰ চিঠিছে এতিয়া জোকাৰিছে দেশৰ ৰাজনীতি ।এই চিঠিত আছে অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ নাম ।উগ্ৰপন্থী নেতাৰ বিস্ফোৰক মন্তব্য – নিৰ্বাচন জিকিবলৈ উগ্ৰপন্থীৰে চুক্তি কৰিছিল হিমন্ত বিশ্ব শৰ্মাই।২০১৯ চনৰ ৭ জুনত মণিপুৰ উগ্ৰপন্থী সংগঠন ইউ কে এল এফৰ মুৰব্বী এছ এছ হাওকিপে তেতিয়াৰ বিজেপিৰ সভাপতি অমিত শ্বাহলৈ লিখা পত্ৰত নিজকে চিনাকি দিছে কুকি উগ্ৰপন্থী সংগঠন ইউ কে এল এফৰ নেতা হিচাপে ।পত্ৰত এছ এছ হাওকিপে অমিত শ্বাহক উদ্দেশ্যি কেবাটাও বিস্ফোৰক তথ্য অৱগত কৰিছে ।পত্ৰখনৰ প্ৰথম দফাত উল্লেখ কৰা হৈছে যে বিজেপি দলৰ অনুৰোধ মৰ্মেই ২০১৫ চনৰ জিলা পৰিষদৰ নিৰ্বাচনত ইউ কে এল এফে বিজেপি দলক সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছিল আৰু যাৰ বাবে ৫ জনকৈ প্ৰাৰ্থীয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছিল।দ্বিতীয় দফাত অতি স্পষ্টকৈ এছ এছ হাওকিপে উল্লেখ কৰিছে এইদৰে –‘’২০১৭ চনত মণিপুৰ বিধানসভা নিৰ্বাচনৰ সময়ত ৰাম মাধৱ আৰু হিমন্ত বিশ্ব শৰ্মাৰ লগত মোৰ সংগঠন আৰু ইউনাইটেড পিপ’ল ফ্ৰণ্টৰ মাজত বিজেপিক সমৰ্থন দিবলৈ এক চুক্তি হৈছিল।যিয়ে বিজেপি প্ৰাৰ্থীক বিজয়ী কৰিছিল ।মণিপুৰত বিজেপি চৰকাৰ গঠনত মই অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিলো ।স্পষ্টকৈ ক’বলৈ হ’লে আমাৰ সমৰ্থন অবিহনে বিজেপিয়ে মণিপুৰত চৰকাৰ গঠন কৰাটো অসম্ভৱ আছিল । আনকি শেহতীয়াকৈ অনুষ্ঠিত সংসদীয় নিৰ্বাচনতো আমাৰ অঞ্চলৰ ৮০-৯০ শতাংশ ভোট বিজেপি প্ৰাৰ্থীয়ে লাভ কৰিছে। ‘’মণিপুৰৰ উগ্ৰপন্থী সংগঠনৰ নেতাৰ এই বিস্ফোৰক পত্ৰই এতিয়া জোকাৰিছে দেশৰ ৰাজনীতি ।হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ দাবীত সৰৱ হৈ পৰিছে ৰাজ্যৰ আটাইবোৰ বিৰোধী দল ।কিয়নো বিগত ডেৰ মাহ ধৰি অশান্ত হৈ আছে মণিপুৰ ।জীৱনৰ শংকাত হাজাৰ হাজাৰ লোকে ৰাজ্য এৰি পলায়ন কৰিছে ।মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে এই পৰিস্থিতিৰ বাবে জগৰীয়া কৰিছে যুদ্ধবিৰত কুকি উগ্ৰপন্থী সংগঠনসমূহক । কিন্তু তাৰ মাজতে পোহৰলৈ আহিছে ২০১৯ চনতেই কুকি উগ্ৰপন্থী সংগঠনৰ নেতাই অমিত শ্বাহলৈ লিখা এই বিস্ফোৰক পত্ৰ । য’ত উগ্ৰপন্থী সংগঠনৰ নেতাই স্পষ্টকৈ লিখিছে ৰাম মাধৱ আৰু হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হোৱা চুক্তিৰ তথ্য ।ইয়াৰ পাছত নিয়াৰ দৰে সংস্থাই এই বুজাবুজিৰ তদন্ত কৰিবনে ? নে বিজেপি নেতা হোৱা বাবেই উগ্ৰপন্থী সংগঠনৰে হোৱা এই অশুভ বুজাবুজিকো মান্যতা দিয়া হ’ব ? এয়া হৈ পৰিছে আজিৰ দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ন প্ৰশ্ন ।

Leave A Reply

Your email address will not be published.