একালৰ বৃন্দাবন একালত পৰে চন !

Share This Article

কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ ঘনিষ্ঠ বিজেপি নেতা বইজনাথ সিং যাদৱে বুধবাৰে পুনৰ কংগ্ৰেছ দলত যোগদান কৰে।উল্লেখ্য যে মধ্য প্ৰদেশৰ বইজনাথ সিং এগৰাকী প্ৰাক্তন কংগ্ৰেছী আছিল আৰু জ্যোতিৰাদিত্য সিন্ধিয়াৰ লগত একে দিনাই কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল।বুধবাৰে সেই একেজন নেতাই বিজেপি ত্যাগ কৰি বৃহস্পতিবাৰে যোগদান কৰে কংগ্ৰেছত।যাদৱে পুনৰ কংগ্ৰেছ দলত যোগদান কৰি কয় যে তেওঁ কংগ্ৰেছ নেতৃত্বৰ প্ৰতি আকৰ্ষিত হৈ পুনৰ দলটোলৈ উভতি অহাৰ সিদ্ধান্ত লয়।উল্লেখ্য যে ২০২০ চনত জ্যোতিৰাদিত্য সিন্ধিয়াৰ সমৰ্থনত তেওঁ কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল।যোগদান কাৰ্যসূচীত অংশ লৈ কমল নাথে যাদৱক কয় ‘ আপুনি কংগ্ৰেছক যোগদান কৰা নাই,আপুনি সত্যক সমৰ্থন কৰিছে যিটো প্ৰকৃততে সকলোৱেই কৰা উচিত৷মই আপোনাক কংগ্ৰেছ দললৈ পুনৰ উভতি অহাৰ বাবে ধন্যবাদ জনাইছোঁ।’এক বিশেষ সূত্ৰত প্ৰকাশিত তথ্য অনুসৰি জ্যেষ্ঠ কংগ্ৰেছ নেতা দ্বিগবিজয় সিঙে যাদৱক দললৈ ঘূৰাই অনাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।যাদৱৰ বিজেপিত যোগদানে মধ্য প্ৰদেশ বিজেপিত এক ভয়ংকৰ শূণ্যতাৰ সৃষ্টি কৰিলে।সিন্ধিয়াৰ সমষ্টি শিৱপুৰীত যথেষ্ট দখল আছে যাদৱৰ।যাদৱে শিৱপুৰী সমষ্টিৰ পৰা এইবাৰ প্ৰাৰ্থিত্ব বিচাৰিছিল কিন্তু তেওঁৰ এই দাবীক কোনো ধৰণৰ গুৰুত্ব দিয়া হোৱা নাছিল বিজেপিৰ তৰফৰ পৰা।

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ যাদৱে কয় ‘ বইজনাথ যাদৱে ২০২০ চনত কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল।এইবাৰ তেওঁ লগত প্ৰায় শতাধিক লোক আৰু ১৫ গৰাকী জনপদ সদস্যক লৈ কংগ্ৰেছলৈ আহিছে।তেওঁ দলটোত শ্বাসৰুদ্ধকাৰী পৰিৱেশৰ মাজত আছিল।’অৰুণ যাদৱে লগতে কয় যে বিজেপি কৰ্মী সকলৰ মাজত তীব্ৰ অসন্তুষ্টি আছে।চৰকাৰৰ ব্যাপক দুৰ্নীতিক লৈ খড়গহস্ত হৈছে এই লোকসকল৷তেওঁলোকো সময়ত কংগ্ৰেছলৈ আহিব।তেওঁলোক ইতিমধ্যে কমল নাথ,দ্বিগবিজয় সিং আৰু মোৰ লগত প্ৰত্যক্ষ যোগাযোগত আছে।’ যাদৱে লগতে কয় ‘ সিন্ধিয়াৰ লগত যোৱা সকলো সদস্যই দললৈ উভতি আহিব।মাত্ৰ সিন্ধিয়াহে দলটোত অকলে থাকি যাব।’
যোগদান অনুষ্ঠানত উপস্থিত থাকি কংগ্ৰেছ নেতা কমল নাথে কয় ‘ যিহেতু বিধানসভাৰ নিৰ্বাচন সমাগত,শিৱৰাজ সিং চৌহানৰ মহিলা,চৰকাৰী কৰ্মচাৰী,অংগনৱাড়ী কৰ্মীলৈ মনত পৰিছে।বিজেপিৰ হাতত যুৱ প্ৰজন্মৰ ভবিষ্যত অন্ধকাৰ৷সেই কথা এতিয়া সকলোৱে উপলব্ধি কৰিছে।’উল্লেখ্য কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ অতপালিত ক্ষুদ্ধ হৈয়ে প্ৰাক্তন মন্ত্ৰী কৈলাস যোশীৰ পুত্ৰ দীপক যোশীয়ে অলপতে অসংখ্য সমৰ্থকক লগত লৈ কংগ্ৰেছত যোগদান কৰে।আনকি বিগত সপ্তাহত যথেষ্ট সংখ্যক বজৰং দলৰ সদস্যয়ো কংগ্ৰেছত যোগদান কৰে।গুৰুত্বপূৰ্ণ বিষয়টো হ’ল অসমৰ দৰে মধ্য প্ৰদেশতো নবিজেপি আৰু পুৰণি বিজেপিৰ সংঘাতে প্ৰবল ৰূপ লৈছে।২০২০ চনত বিজেপিত যোগদান কৰা জ্যোতিৰাদিত্য সিন্ধিয়াই বৰ্তমান মধ্য প্ৰদেশত ভাগ্য নিয়ন্তা বুলি ভাৱে।এই বিষয়টোক লৈ পুৰণি বিজেপি নেতা-কৰ্মীসকল তীব্ৰ অসন্তুষ্ট৷আনকি তেওঁলোকে এই বিষয়ে অভিযোগো দিছে কেন্দ্ৰীয় নেতৃত্বক।মধ্য প্ৰদেশ বিজেপিৰ বাবে জ্যোতিৰাদিত্য সিন্ধিয়া এক বোজা সদৃশ যাক তেওঁলোকে অৱজ্ঞাও কৰিব নোৱাৰে আৰু আদৰিও ল’ব নোৱাৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.