সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ভাৰত আগত,চীন পিছত !

ভাৰত হ’ব বিশ্বৰ সৰ্ববৃহৎ জনসংখ্যাৰ দেশ৷ৱৰ্ল্ড পপুলেচন ৰিভিউৱে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতৰ বৰ্তমান জনসংখ্যা ১৪১.৭ কোটি আৰু চীনৰ জনসংখ্যা ১৪১.২কোটি।১৯৬০ চনৰ পিছত চীনৰ জনসংখ্যা প্ৰথমবাৰৰ বাবে ইমান নিম্নগামী হৈছে৷চীনৰ ৰাষ্ট্ৰীয় জনসংখ্যা বিভাগে প্ৰকাশ কৰা পৰিসংখ্যা অনুসৰি চীনতকৈ ভাৰতৰ জনসংখ্যা প্ৰায় ৫০ লাখ অধিক৷১৭ জানুৱাৰীত ৱৰ্ল্ড পপুলেচন ৰিভিউৰ তৰফৰ পৰা এই তথ্য প্ৰকাশ কৰা হৈছে।ভাৰতবৰ্ষ এনেকুৱা এখন দেশ যিখন দেশৰ ৫০% জনতাই ৩০ বছৰৰ তলৰ৷ৱৰ্ল্ড পপুলেচন ৰিভিউৰ তথ্য অনুসৰি ভাৰতৰ জনসংখ্যা ১৮ জানুৱাৰী পৰ্যন্ত ১৪২.৩ কোটি ৷সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ হাৰ যদিও কম,২০৫০ চনৰ ভিতৰত ইয়াৰ সংখ্যা বৃদ্ধি পাব।২০২১ চনত প্ৰতি দহ বছৰৰ মূূৰে মূৰে হ’বলগীয়া লোকপিয়ল অনুষ্ঠিত নহ’ল ক’ভিডৰ বাবে।সেয়ে ২০২১ চনত জনসংখ্যাৰ কোনো সঠিক তথ্য নাই চৰকাৰৰ হাতত।
দেশৰ প্ৰায় ৮০ কোটি ভাৰতীয় জনতাই বিনামূলীয়া খাদ্য লাভ কৰি আহিছে চৰকাৰৰ পৰা।এছিয়া মহাদেশৰ দেশ সমূহৰ ভিতৰত ভাৰতেই এতিয়া খাদ্য উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বী৷ চাউল,ঘেঁহু,চেনি উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ স্থান দ্বিতীয়৷ খাৰুৱা তেল ক্ৰয়ৰ ক্ষেত্ৰত ভাৰতৰ স্থান তৃতীয়,তীখা আৰু সোণৰ ক্ষেত্ৰত দ্বিতীয়৷ৰাষ্ট্ৰীয় পৰিসংখ্যা ব্যুৰ’ৰ তথ্যত প্ৰকাশ যে ২০২১ চনৰ তুলনাত ২০২২ চনত চীনৰ জনসংখ্যা ৮.৫ লাখ হ্ৰাস হৈছে।

Leave A Reply

Your email address will not be published.