ডুবিব নেকি ইলন মাস্ক?

Share This Article

বিগত অক্টোবৰ মাহত টুইটাৰ ক্ৰয় কৰিছিল বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি ইলন মাস্কে।টুইটাৰ ক্ৰয় কৰিয়েই তেওঁ কোম্পানীটোৰ আধাতকৈয়ো অধিক কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিয়ে।অৱশ্যে কোম্পানীটো ক্ৰয় কৰিয়েই প্ৰথম পদক্ষেপ হিচাপে তেওঁ প্ৰায় ৫০% কৰ্মচাৰীক চাটাই কৰিছিল।মাস্কৰ এই সিন্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিছিল কোম্পানীটোৰ কৰ্মচাৰীয়ে।ইতিমধ্যে প্ৰায় ৫০০ বিজ্ঞাপনদাতাই টুইটাৰত বিজ্ঞাপন দিয়া বন্ধ কৰিছে।বিগত বৰ্ষৰ ১৭ জানুৱাৰীৰ তুলনাত কালিৰ দিনটোত ৰাজহ প্ৰায় ৪০% কম সংগ্ৰহ হৈছে ।প্লেটফৰ্মাৰ নামৰ নিউজলেটাৰত প্ৰথম ৰাজহ হ্ৰাসৰ বাতৰিটো প্ৰকাশ পাইছিল।বিগত অক্টোবৰত ইলন মাস্কে টুইটাৰ ক্ৰয় কৰিছিল।শেহতীয়াকৈ কোম্পানীটোৱে ৰাজনৈতিক বিজ্ঞাপনৰ ক্ষেত্ৰত ২০১৯ চনত আৰোপ কৰা বাধা নিষেধৰ ক্ষেত্ৰত কিছু শিথিলতা আনিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.