নিৰ্বাচনী ৰণশিঙা বাজিল উত্তৰ পূবত

Share This Article

আজি ঘোষণা হ’ল তিনিখনকৈ ৰাজ্যৰ নিৰ্বাচনৰ দিন !৩ খন ৰাজ্যত ৬০ খনকৈ বিধানসভাৰ আসন আছে।
তিনিখন ৰাজ্যত মহিলা ভোটাৰৰ সংখ্যা পুৰুষতকৈ বেছি।প্ৰতিখন ৰাজ্যত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ থাকিব ৩৭৬ টা।ত্ৰিপুৰা ১৬ ফেব্ৰুৱাৰী,নাগালেণ্ড আৰু মেঘালয়ত ২৭ ফেব্ৰুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ফলাফল ঘোষণা হ’ব ২মাৰ্চত।ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ নিৰ্বাচনৰ দিন ঘোষণা নিৰ্বাচন আয়োগৰ।বিয়লি ২.৩০ বজাত নিৰ্বাচন আয়োগে সংবাদমেলযোগে ঘোষণা কৰে তিনি ৰাজ্যৰ নিৰ্বাচনৰ দিন।বিগত সপ্তাহত ৰাজ্য কেইখনৰ নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লৈছিল দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে।আৰক্ষী-প্ৰশাসনৰ লগতো নিৰ্বাচন সন্দৰ্ভত আলোচনাত মিলিত হৈছিল।তিনিওখন ৰাজ্যৰ চৰকাৰে শপত ল’ব লাগিব ২২মাৰ্চৰ পূৰ্বে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.