সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ভাৰতত এদিনতে ৫০০০+: ক’ৰোনাই লৈছে কালৰূপ

ভাৰতত ক’ৰোনাৰ সংক্ৰমন দ্ৰুতৰ পৰা দ্ৰুততৰ হৈ পৰিছে ৷ দেওবাৰৰ দিনটোত দেশত নতুনকৈ ৫২৪২ গৰাকী লোক এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে ৷ ইয়াকে লৈ ভাৰতত মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ’লগৈ ৯৬,১৬৯ ৷ এদিনত হোৱা সংক্ৰমন এয়াই সৰ্বাধিক ৷ ইফালে ,যোৱা ২৪ ঘন্টাত মৃত্যু হ’ল ১৫৭ গৰাকী ক’ৰোনা ৰোগীৰ ৷ এদিনত হোৱা মৃত্যুৰ সংখ্যাও এয়াই সৰ্বাধিক৷ দেশত এতিয়ালৈকে ৩০২৯ গৰাকী ক’ৰোনা ৰোগীৰ মৃত্যু হৈছে ৷সম্প্ৰতি ভাৰতত ৫৬,৩১৬ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে ৷ ইয়াৰ বিপৰীতে ৩৬,৮২৪ গৰাকী ৰোগী সুস্থ হৈ উঠিছে৷
কেৱল মহাৰাষ্ট্ৰতে দেওবাৰৰ দিনটোত ২ হাজাৰৰো অধিক লোক ক’ৰোনাত আক্ৰান্ত হৈছে ৷ ৰাজ্যখনত বৰ্তমান মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ’ল ৩৩,০৫৩ ৷মৃত্যু হৈছে ১,১৯৮ গৰাকীৰ ৷ মহাৰাষ্ট্ৰৰ পিছতে দিল্লী ,গুজৰাট আৰু তামিলনাডুত সংক্ৰমনৰ হাৰ সৰ্বাধিক ৷ ইফালে ,আজি পুৱাৰ ভাগলৈ অসমতো ক’ৰোনা আক্ৰান্তৰ সংখ্যা ১০২ লৈ বৃদ্ধি পালে৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.