সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিৰোধীৰ বৈঠকৰ বাবেই ED ৰ তালাচী !

বিহাৰৰ পাটনাত অনুষ্ঠিত হ’বলগীয়া বহু প্ৰতীক্ষিত বৈঠকৰ আগমুৰ্হুতত দেশৰ আয়কৰ বিভাগ আৰু এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে ৰাজ্যখনৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী তথা বিল্ডাৰ অজয় কুমাৰ সিনহাৰ বাসগৃহত তালাচী চলাইছে। উল্লেখ্যযে বিল্ডাৰগৰাকী বিহাৰৰ বিত্তমন্ত্ৰী বিজয় কুমাৰ চৌধুৰীৰ খুলশালিয়েক।ব্যৱসায়ী অজয় সিং ওৰফে কাৰু যাদৱ জনতা দল ইউনাইটেডৰ ৰাজ্যিক সভাপতি লালন সিঙৰো ঘনিষ্ঠ৷বেগুচৰাইৰ শ্ৰীকৃষ্ণ অঞ্চলত অৱস্থিত অজয় সিঙৰো বাসগৃহত বৃহস্পতিবাৰে তালাচী অভিযান আৰম্ভ কৰিছে ইডিয়ে৷৷বৃহস্পতিবাৰে পুৱা ৬ বজাৰ পৰা ইডি আৰু আয়কৰ বিভাগে তেওঁৰ বাসভৱনত তালাচী আৰম্ভ কৰিছে।জনতা দল (ইউ)ৰ এক বিশেষ সূত্ৰই জনোৱা অনুসৰি ২৩জুনৰ বিৰোধীৰ বৈঠক বিফল কৰিবলৈকে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত এই তালাচী অভিযান চলিছে বিহাৰৰ লগতে দেশৰ বিভিন্ন স্থানত।দেশত বিৰোধী দলবোৰৰ নেতা সকলৰ বিৰুদ্ধে কেন্দ্ৰীয় সংস্থাৰ জৰিয়তে অভিযান চলোৱাটো কোনো নতুন কথা নহয়।কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশোধৰ ৰাজনীতি বিজেপিৰ চৰকাৰ ক্ষমতালৈ অহাৰ পৰাই আৰম্ভ হৈছে।বিহাৰৰ বাহিৰেও মুম্বাইৰ ছান্টাক্ৰুজৰ ১৫ টা স্থানত তালাচী চলাইছে ইডিয়ে৷ইডিয়ে শিৱসেনাৰ সম্পাদক সুৰজ চাভনৰ বাসগৃহটো তালাচী চলাইছে বৃহস্পতিবাৰে পুৱাৰ পৰা।পাটনাত শুকুৰবাৰে অনুষ্ঠিত হ’ব বহু প্ৰত্যাশিত বিৰোধী ঐক্যমঞ্চৰ বৈঠক।বিহাৰৰ উপমুখ্যমন্ত্ৰী তেজস্বী যাদৱ বিৰোধীৰ এই বৈঠকক লৈ আশাবাদী।বৈঠকৰ প্ৰাকমুৰ্হুতত তেজস্বী যাদৱে কয় যে দেশত নৰেন্দ্ৰ মোডীতকৈ অভিজ্ঞতাসম্পন্ন যথেষ্ট সংখ্যক ৰাজনীতিক আছে।বিহাৰৰ উপমুখ্যমন্ত্ৰী তেজস্বী যাদৱে কয় ‘ কোনেও এই কথাটোত বিৰোধিতা নকৰে যে দেশত মোডীতকৈ যথেষ্ট সংখ্যক অভিজ্ঞতাসম্পন্ন ৰাজনীতিক আছে।তেওঁলোক সকলোৱে এই বৈঠকত অংশ ল’ব।প্ৰতিগৰাকী নেতাই এই বৈঠকত নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰিব৷’বুধবাৰে বিহাৰৰ উপ মুখ্যমন্ত্ৰী তেজস্বী যাদবে কয় অহা লোকসভাৰ নিৰ্বাচনত মোডীৰ নামত নিৰ্বাচন নহয় কাৰণ মোডী মেজিক ইতিমধ্যে শেষ বৰঞ্চ আগন্তুক লোকসভা নিৰ্বাচন হ’ব ইছ্যুভিত্তিক।তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে এই বৈঠকত অংশ লোৱাতো নিশ্চিত কৰিছে।উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদব,NCP ৰ নেতা শাৰদ পাৱাৰে এই বৈঠকত উপস্থিত থকাটো এই পৰ্যন্ত নিশ্চিত কৰিছে৷কংগ্ৰেছ দলৰ ফালৰ পৰা সভাপতি মল্লিকাৰ্জ্জুন খাৰ্গে,ৰাহুল গান্ধী,পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী,ঝাৰখাণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণ,CPI ৰ সৰ্বভাৰতীয় সম্পাদক ডি ৰাজা,CP I (M) ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীয়ে শুকুৰবাৰে অনুষ্ঠিত হ’বলগীয়া বৈঠকত অংশ লোৱাৰ কথা। বিৰোধীৰ এই বৈঠকক লৈ বিজেপি বিৰোধী শিবিৰৰ প্ৰতিগৰাকী নেতা-কৰ্মীয়েই আশাবাদী।অৱশ্যে বিজেপিক বশ কৰাতকৈ প্ৰধানমন্ত্ৰী পদক লৈ টনাআজোঁৰা বেছিকৈ চলিলে এই ঐক্যবদ্ধ মৰ্চাই যে আশানুৰূপ ফল কঢ়িয়াব পাৰিব তাক লৈ সন্দেহ আছে !

Leave A Reply

Your email address will not be published.