পুনৰ হাতময় হ’ব ৰাজস্থান !

Share This Article

ৰাজস্থানত অহা নবেম্বৰ মাহত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷বৰ্তমান ৰাজস্থানৰ শাসনত থকা কংগ্ৰেছ দল দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ আহিব বুলি আশাবাদী। আগন্তুক বিধানসভাৰ নিৰ্বাচনকলৈ মুখ্যমন্ত্ৰী অশোক গেহলটে প্ৰস্তুত কৰিছে এক সুকীয়া ৰণ কৌশল !গেহলটৰ নতুন কৌশল অনুসৰি নিৰ্বাচনলৈ দুটা মাহ থকাৰ সময়তে প্ৰাৰ্থিত্ব ঘোষণা কৰা উচিত।তেনে সিদ্ধান্তই প্ৰাৰ্থী গৰাকীক তৃণমূল কৰ্মী তথা জনতাৰ কাষলৈ যোৱাত সহায় কৰিব।উল্লেখ্যযে বিগত মে’ মাহত অনুষ্ঠিত কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ১২৪ গৰাকী লোকক আগতীয়াকৈ প্ৰাৰ্থিত্ব প্ৰদানৰ ইংগিত দিছিল কংগ্ৰেছে।কৰ্ণাটকত নিৰ্বাচন অনুষ্ঠিত হৈছিল ১০ মে’ত।কিন্তু নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ আগতেই অৰ্থাৎ ২৫ মাৰ্চৰ আগতেই কংগ্ৰেছে ১২৪ গৰাকী প্ৰাৰ্থীৰ প্ৰাৰ্থিত্ব নিশ্চিত কৰি আগতীয়াকৈ জনতাৰ কাষ চপাৰ সুযোগ দিছিল।ফলস্বৰূপে সেই প্ৰাৰ্থী সকলে জনতাৰ লগত এক সুসম্পৰ্ক ৰক্ষা কৰাত সফল হৈছিল আৰু নিৰ্বাচনী ফলাফলত তাৰ স্পষ্ট প্ৰভাৱ দেখা পোৱা গৈছে।অশোক গেহলটে আগন্তুক নিৰ্বাচনলৈ হাতত ৪ মাহ থাকোতেই ৰাজ্যখনৰ প্ৰতিটো অঞ্চললৈ গৈ সাধাৰণ জনতাৰ লগত তেওঁলোকৰ আশা প্ৰত্যাশা,অভাৱ অভিযোগ আদি সম্পৰ্কত আলোচনা কৰাৰ লগতে কৰিছে মত বিনিময়ো।তদুপৰি যিসকল লোকৰ জয়ী হোৱাৰ সম্ভাৱনা আছে তেওঁলোককহে প্ৰাৰ্থিত্ব প্ৰদান কৰা উচিত বুলি মতামত ব্যক্ত কৰিছে।অলপতে ৰাজ্যখনত অনুষ্ঠিত হোৱা যুৱ কংগ্ৰেছৰ সভাত মুখ্যমন্ত্ৰী গেহলটে কয় যে বহুবোৰ বৰ্তমানৰ বিধায়কে নিজেই অহাবাৰ নিৰ্বাচনত পৰাজিত হ’ব বুলি মন্তব্য প্ৰকাশ কৰি আহিছে গতিকে সেই সকলকেই তেওঁৰ স্থানত এগৰাকী যোগ্য প্ৰাৰ্থী বিচৰাৰ দায়িত্ব দিলে দলটো লাভৱান হ’ব।উল্লেখ্যযে ৰাজস্থানত মুঠ ২০০ খন আসনৰ বাবে বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷মুখ্যমন্ত্ৰী গেহলটে ইয়াৰ অৰ্ধেক সংখ্যকক অহা আগষ্ট মাহতেই প্ৰাৰ্থিত্ব লাভৰ ইংগিত দি প্ৰচাৰ চলোৱাৰ দায়িত্ব দিয়াৰ পোষকতা কৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.