মোডীৰ ভ্ৰমণক লৈ অসন্তুষ্ট আমেৰিকাৰ ছিনেটৰ !

Share This Article

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী তেওঁৰ ৯ বছৰীয়া কাৰ্যকালত প্ৰথমবাৰৰ বাবে চৰকাৰী ভ্ৰমণসূচীৰে যোৱা নিশা আমেৰিকাত উপস্থিত হয় ।প্ৰধানমন্ত্ৰী মোডীৰ আমেৰিকাৰ ভ্ৰমণক লৈ দেশখনত যিমান লোক উৎসাহিত হৈছে ,তাৰ বিপৰীতে তেওঁৰ ভ্ৰমণৰ বিৰোধিতা কৰা লোকৰ সংখ্যাও কম নহয়। কেইবাটাও দল সংগঠন,মানৱ অধিকাৰ কৰ্মীয়ে মোডীৰ ভ্ৰমণৰ বিৰোধিতা কৰাৰ লগতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ সহযোগী মুঠ ৭৫ গৰাকী ছিনেটৰে মোডীৰ ভ্ৰমণ সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিছে জ’ বাইডেনলৈ।ছিনেটৰ সকলে প্ৰেৰণ কৰা পত্ৰত তেওঁলোকে ভাৰতৰ প্ৰধানমন্ত্ৰী মোডীৰ পৰা কেইটামান বিষয়ত স্পষ্ট উত্তৰ বিচাৰিছে।ভাৰতত ক্ৰমান্বয়ে খৰ্ব হোৱা মানৱ অধিকাৰ সম্পৰ্কত,ধৰ্মীয় অসহিষ্ণুতা,সংবাদ মাধ্যমৰ স্বাধীনতা,ইণ্টাৰনেট কৰ্তন আৰু নাগৰিক সমাজক লক্ষ্য কৰি লোৱা বিভিন্ন পদক্ষেপ আদি বিষয়ত প্ৰশ্ন কৰিছে পত্ৰখনত।পত্ৰখনত ছিনেটৰ সকলে লিখিছে যে অসংখ্য স্বাধীনচিতীয়াকৈ লিখা ৰিপৰ্টত ভাৰতত ক্ৰমান্বয়ে ধৰ্মীয় অসহিষ্ণুতা বৃদ্ধি পোৱাৰ তথ্য লাভ কৰা হৈছে।এই সম্পৰ্কত তেওঁলোকৰ দেশৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে মোডীৰ পৰা ভাৰতত কিয়নো এনে পৰিৱেশৰ সৃষ্টি হৈছে সেই সম্পৰ্কে উত্তৰ বিচৰা উচিত।সংবাদ মাধ্যমৰ স্বাধীনতা ভাৰতত কিয় খৰ্ব হৈছে ,মানৱ অধিকাৰ কিয় খৰ্ব হৈছে ,ইণ্টাৰনেট সেৱা কিয় কৰ্তন কৰা হয় সেই বিষয়েও মোডীক প্ৰশ্ন কৰাৰ আহ্বান জনাইছে ছিনেটৰ সকলে ।চিভিল চ’ছাইটি আৰু সাংবাদিকৰ মুখ বন্ধ কৰাৰ কিয় চেষ্টা অহৰহ চলি থাকে ভাৰতত সেই প্ৰশ্নও উত্থাপন কৰিছে ছিনেটৰ সকলে।অৱশ্যে কেৱল ছিনেটৰ সকলেই নহয় এগৰাকী সাংবাদিকে প্ৰধানমন্ত্ৰী মোডীক হিটলাৰ আখ্যা দিবলৈয়ো কুণ্ঠাবোধ নকৰিলে।প্ৰধানমন্ত্ৰী মোডীৰ কাৰ্যকলাপ হিটলাৰৰ দৰে,মোডী এগৰাকী ফেচিষ্ট।তেওঁৰ ভ্ৰমণক লৈ উৎসাহী নহ’বলৈ আহ্বান জনাইছে দেশৰ কেইবাজনো সাংবাদিক তথা মানৱ অধিকাৰ কৰ্মীয়ে। উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আমেৰিকাৰ ভ্ৰমণৰ বিৰোধিতা কৰিছে দেশখনৰ কিছু দল-সংগঠনে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ তেওঁৰ ৯ বছৰীয়া শাসনৰ সময়চোৱাত চৰকাৰী কাৰ্যসূচীৰ অংশ হিচাপে এইটো প্ৰথম আমেৰিকা ভ্ৰমণ ।এই ভ্ৰমণৰ সময়চোৱাত তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনক সাক্ষাৎ কৰাৰ কথা । প্ৰধানমন্ত্ৰী মোডী ভাৰতীয় সময় অনুসৰি মঙলবাৰে নিশা ডেৰ বজাত দেশখনত উপস্থিত হয়।ভাৰতীয় মূলৰ আমেৰিকান সকলে প্ৰধানমন্ত্ৰী গৰাকীক ভ্ৰমণৰ সময়ত আদৰণি জনোৱাৰ বিপৰীতে ভাৰতত মানৱ অধিকাৰ খৰ্ব হোৱাৰ অভিযোগ তুলি এই ভ্ৰমণৰ বিৰোধিতা কৰিব কেইবাটাও দল-সংগঠনে।পীটাৰ ফ্ৰেডৰিক নামৰ এগৰাকী ফ্ৰীলান্স সাংবাদিকে টুইটাৰত নিজৰ ফটো আপলোড কৰি মোডীৰ বিষয়ে লিখিছে ‘ পূবত উত্থান হোৱা হিটলাৰ ‘।তদুপৰি তেওঁ জ’ বাইডেনক উদ্দেশ্যি লিখিছে ‘ মোডীৰ ফেচীবাদক উৎসাহিত নকৰিব।’মোডী নট ৱেলকাম hashtag ৰে পীটাৰ নামৰ সাংবাদিকজনে কিছু দিনৰ পৰা মোডীৰ ভ্ৰমণৰ বিৰোধিতা কৰি আহিছে।ৱাশ্বিংটন ডিচিত তেওঁ প্ৰধানমন্ত্ৰী মোডীৰ ভ্ৰমণৰ বিৰোধিতা কৰিবলৈ সকলোকে আহ্বান জনাইছে৷মোডীৰ ফেচীবাদ আৰু গণহত্যাৰ বিৰুদ্ধে সকলোকে একত্ৰিত হ’বলৈ আহ্বান জনাইছে তেওঁ।ৰয়টাৰে প্ৰকাশ কৰা বাতৰি অনুসৰি ইণ্ডিয়ান আমেৰিকান মুছলিম কাউঞ্চিল,পিচ একশ্যন,ভেটাৰনচ ফ’ৰ পীচ,বেথেচডা আফ্ৰিকান চিমেট্ৰী ক’লিশ্বন নামৰ সংগঠন কেইটাই একেলগে হোৱাইট হাউচৰ সন্মুখত অহা ২২জুনত মোডীৰ ভ্ৰমণৰ বিৰোধিতা কৰি প্ৰতিবাদী কাৰ্যসূচীত অংশ ল’ব। ইয়াৰোপৰি এমনেষ্টি ইণ্টাৰনেশ্যনেল আৰু হিউমেন ৰাইটচ ৱাটচ নামৰ সংগঠন দুটাই ৱাশ্বিংটনত ‘ইণ্ডিয়া-দ্যা মোডী কুৱেশ্বন’ নামৰ তথ্যচিত্ৰখনৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে।উল্লেখ্যযে বিবিচিৰ এই তথ্যচিত্ৰখন ভাৰতত প্ৰদৰ্শনৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।তদুপৰি তথ্যচিত্ৰখন আপলোড থকা ইউটিউব চেনেলবোৰ ব্লক কৰি দিয়া হৈছিল।তদুপৰি আয়কৰ বিভাগে তথ্যচিত্ৰখনৰ নিৰ্মাতা BBC ৰ দিল্লী আৰু মুম্বাইত থকা কাৰ্যালয়ত অভিযান চলাইছিল।এই অভিযান প্ৰায় ৪ দিন চলিছিল।অৱশ্যে হোৱাইট হাউচৰ প্ৰেছ চেক্ৰেটাৰী কৰিনে জিন পীয়েৰীয়ে মোডীৰ ভ্ৰমণ সম্পৰ্কে কয় ‘ মোডীৰ এই ভ্ৰমণে দুয়োখন দেশৰ মাজত সম্পৰ্ক উন্নত কৰিব৷তদুপৰি প্ৰতিৰক্ষা, শক্তি,মহাকাশ আদি বিষয়ত দুয়ো দেশৰ সম্পৰ্কৰ বিষয়টো উন্নত কৰাৰ বাবে বিভিন্ন দিশবোৰ আলোচনা কৰিব।ভাৰতত মানৱাধিকাৰ খৰ্ব হোৱা বিষয়টো বৰ্তমান সমগ্ৰ বিশ্বৰ বাবেই আলোচ্য বিষয়।অৱশ্যে জিন পীয়েৰীয়ে মোডীৰ এই ভ্ৰমণক আমেৰিকা-ভাৰত দুয়ো দেশৰ সম্পৰ্ক ৰক্ষা কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা বুলি উল্লেখ কৰে।হিংসাৰ দাবানলত জৰ্জৰিত মণিপুৰৰ খবৰ বিবিচি,নিউয়ৰ্ক টাইমচ,জাৰ্মানৰ সংবাদপত্ৰ,ৰয়টাৰ আদিতো গুৰুত্ব সহকাৰে প্ৰকাশ পাইছে যদিও মোডীৰ দৃষ্টিত মণিপুৰৰ সমস্যা গুৰুত্বহীন আৰু এই সময়ত তেওঁ আমেৰিকা ভ্ৰমণক অগ্ৰাধিকাৰ দিয়া বিষয়টোক লৈ সৰৱ হৈছে বিৰোধী।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.