সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিত্তীয় বৰ্ষ ২০২১ টো দেশৰ অৰ্থনীতি ঋণাত্মকেই হ’ব: FITCH

বিত্তীয় বৰ্ষ ২০২১ টো দেশৰ অৰ্থনীতিৰ কোনো বিশেষ পৰিৱৰ্তন নহয়। দেশৰ GDP ২০২১ বিত্তীয় বৰ্ষটো ঋণাত্মক হোৱাৰ সম্ভাৱনা প্ৰবল। এই তথ্য প্ৰকাশ পাইছে আমেৰিকাৰ ৰেটিং ব্যৱস্থা FITCH ৰ শেহতীয়া এক প্ৰতিবেদনত। FITCH ৰ অনুমান অনুসৰি বিত্তীয় বৰ্ষ ২০২১ ত ভাৰতৰ GDP ১০.৫% সংকুচিত হ’ব। ইয়াৰ পূৰ্বে জুন মাহত FITCH য়ে ভাৰতৰ অৰ্থনীতি ৫% সংকুচিত হব বুলি অনুমান কৰিছিল। কিন্ত শেহতীয়াকৈ প্ৰকাশ কৰা গ্লোবেল ইক’নমিক আউটলোক কেলেণ্ডাৰ,২০২০ ত তেওঁলোকৰ পূৰ্বৰ অনুমান সংশোধিত কৰে। FITCH ৰ অনুমান অনুসৰি বিত্তীয় বৰ্ষ ২০২০-২১ ত সমগ্ৰ বিশ্বৰ GDP ৪.৪% সংকুচিত হ’ব। পিছে আমেৰিকাৰ GDP এই সময়ছোৱাত ০.৬% আৰু চীনৰ ২% হব বুলি FITCH যে অনুমান কৰিছে।

FITCH যে আৰু জনায় যে ২০২০ বৰ্ষৰ বিশ্বৰ GDP নিৰ্ধাৰণত ভাৰত, ইউৰোপ আৰু UK ৰ অৰ্থনীতিৰ যি সংকুচন হৈছে সি যথেষ্ট প্ৰভাৱ পেলাইছে।

- Donation -

Leave A Reply

Your email address will not be published.