Investigative reporting with dedication.

আজি নাৰক’টিকছ কনট্ৰ’ল বিউৰিঅ(NCB) য়ে ৰিয়া চক্ৰৱৰ্তীক সুশান্ত সিঙ ৰাজপুতৰ মৃত্যু সম্পৰ্কীয় ড্ৰাগছৰ এক গোচৰত গ্ৰেপ্তাৰ কৰে। এই গোচৰত ৰিয়া চক্ৰৱৰ্তীৰ লগতে আন প্ৰায় দহ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। তাৰ ভিতৰত ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ সৌৱিক, সুশান্ত সিঙ ৰাজপুতৰ ৰান্ধনী দ্বীপেছ সাৱন্ত, আৰু ছেমুএল মিৰান্দা উল্লেখযোগ্য।
যোৱা তিনি দিন ধৰি NCB য়ে ৰিয়া চক্ৰৱৰ্তীক জেৰা কৰি আছিল। ইয়াৰ পিছতে আজি ড্ৰাগছ সংক্ৰান্তীয় গোচৰটোত ৰিয়া চক্ৰৱৰ্তীক NCB যে গ্ৰেপ্তাৰ কৰে।
উল্লেখযোগ্য যে যোৱা কালি ৰিয়া চক্ৰৱৰ্তীয়ে সুশান্ত সিঙ ৰাজপুতৰ ভগ্নীৰ বিৰুদ্ধে জনপ্ৰিয় অভিনেতা গৰাকীৰ আত্মহত্যাৰ বাবে দোষাৰোপ কৰি গোচৰ ৰুজু কৰিছিল।




