অৰুণাচল দক্ষিণ তিব্বতৰ অংশ, আমি কোনো ‘অৰুণাচল প্ৰদেশক” স্বীকৃতি নিদিওঁ: চীন

Share This Article

লাডাখ সীমান্তত ভাৰত চীনৰ উত্তেজনা অব্যাহত থকাৰ সময়তে এইবাৰ চীনৰ বিস্ফোৰণ অৰুণাচলক লৈ। যোৱা কিছুদিন পূৰ্বে ৫ জন অৰুণাচলৰ লোকক চীনা সৈন্য PLA য়ে অপহৰণ কৰা বুলি অভিযোগৰ উত্তৰত চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ঝাও লিজিয়ানে কয় যে চীনে কোনো “অৰুণাচল প্ৰদেশ” ক স্বীকৃতি নিদিয়ে, কিয়নো ই হৈছে দক্ষিণ তিব্বত অঞ্চল। চীনা চৰকাৰৰ মুখপাত্ৰ স্বৰূপ গ্লোবেল টাইমছে চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ জনে এনেদৰে কোৱা বুলি প্ৰকাশ পাইছে। অৱশ্যে ঝাও লিজিয়ানে নিৰুদেশ হোৱা ৫ জন অৰুণাচলৰ লোকৰ বিষয়ে তেওঁ অৱগত নহয় বুলি জানিব দিয়ে।

টাইমছ অফ ইণ্ডিয়াৰ এক বাতৰি অনুসৰি এইদৰে অৰুণাচল সম্বন্ধে চীনৰ চৰকাৰী স্থিতি স্পষ্ট কৰি প্ৰকৃততে মুখপাত্ৰ জনে ইয়াকে বুজাবলৈ চেষ্টা কৰিলে যে চীনে নিজৰ নাগৰিককে অপহৰণ কৰিব নোৱাৰে।

ভাৰত চীনৰ কূটনৈতিক আৰু সামৰিক সম্পৰ্কৰ শেহতীয়াকৈ হোৱা অৱনীতিলৈ লক্ষ্য কৰি চীনা চৰকাৰৰ অৰুণাচলক নিজৰ অংশ বুলি কোৱা ঘটনাই আগন্তুক দিনত উত্তৰ পূৰ্বাঞ্চলটো লাডাখ সদৃশ পৰিবেশৰ শৃষ্টি হব পৰাৰ আশংকাই দেখা দিছে।

Share This Article
The CrossCurrent Bureau
The CrossCurrent Bureau