সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মোডীৰ ‘শত্ৰু’ ২ মুখ্যমন্ত্ৰী কিন্তু কোন তেওঁলোক?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বৰ্তমান বিজেপি দলৰ একমাত্ৰ মুখ যিখনক লৈয়ে ২০১৪ চনৰ পৰা বিজেপি দলে দেশৰ প্ৰতিটো নিৰ্বাচনত অৱতীৰ্ণ হৈ আহিছে।২০১৮ চনৰ পৰা ২০২৩ চনলৈকে দেশত মুঠ ৩১ বাৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হয়। এই নিৰ্বাচনবোৰৰ প্ৰায় প্ৰতিটো নিৰ্বাচনতেই বিজেপিয়ে প্ৰধানমন্ত্ৰীৰ মুখক লৈয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল।বিজেপিয়ে আন সহযোগী দলৰ সহায় লৈ বা নিজাববীয়াকৈ বৰ্তমান মুঠ ১১ খন ৰাজ্যত শাসনত আছে।২০১৪ চনৰ আগতে বিজেপিৰ আন মুখ্যমন্ত্ৰীৰ দৰে বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীও আছিল এগৰাকী মুখ্যমন্ত্ৰী৷গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁ সমগ্ৰ দেশত গুজৰাট মডেল অনুকৰণ কৰাটো বিচাৰিছিল।ঠিক সেইদৰে সেই সময়চোৱাত মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শিৱৰাজ সিং চৌহান যথেষ্ট সফল আছিল আৰু ৰাজস্থানৰ মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে সিন্ধিয়াও যথেষ্ট সফল মুখ্যমন্ত্ৰী হিচাপেই প্ৰতিপন্ন হৈছিল।১৯৭৬-৭৭ চনৰ পৰাই ছাত্ৰ ৰাজনীতিত জড়িত আছিল বৰ্তমানৰ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান।১৯৯১ চনৰ পৰা তেওঁ অখিল ভাৰতীয় কেষৰীয়া বাহিনীৰ লগত জড়িত আছিল।১৯৯০ চনত তেওঁ বুধনী সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি প্ৰথমবাৰ বিধানসভালৈ নিৰ্বাচিত হৈছিল।১৯৯১ চনতে পুনৰ তেওঁ প্ৰথমবাৰলৈ বুধনী সমষ্টিৰ পৰাই লোকসভাৰ সাংসদ হিচাপেও নিৰ্বাচিত হৈছিল।২০০৫ চনৰ ৩০ নবেম্বৰত চৌহান মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল। চৌহান বৰ্তমান ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আৰু তিনিটা কাৰ্যকাল ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈ আছে।২০১২ চনত ৰাষ্ট্ৰীয় চেনেলত দিয়া এক সাক্ষাৎকাৰত মধ্যপ্ৰদেশৰ তেতিয়াৰ মুখ্যমন্ত্ৰী জনে কৈছিল কিয় সমগ্ৰ দেশত গুজৰাট মডেলৰ চৰ্চা হৈছে,মধ্য প্ৰদেশো এক মডেল হোৱা উচিত।সেই সাক্ষাৎকাৰ প্ৰচাৰিত হোৱাৰ পৰাই প্ৰধানমন্ত্ৰী মোডীৰ লক্ষ্য হৈ পৰিছিল শিৱৰাজ সিং চৌহান৷সেয়ে ১১বছৰ পিছত হ’লেও প্ৰধানমন্ত্ৰী মোডীয়ে ইয়াৰ পোতক তুলিবলৈ অলপো চেষ্টাৰ ত্ৰুটি কৰা নাই।উল্লেখ্যযে মধ্যপ্ৰদেশৰ বিধানসভাৰ নিৰ্বাচনৰ বাবে দুখন প্ৰাৰ্থী তালিকা প্ৰকাশ পালে।এই তালিকাত ৭ গৰাকী সাংসদৰ নাম অন্তৰ্ভুক্ত হ’ল।আনকি প্ৰাৰ্থী তালিকাত স্থান পালে ৩গৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়েও।কিন্তু মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে আনক প্ৰাৰ্থিত্ব প্ৰদান কৰাটো দূৰৰে কথা নিজে টিকট পাব নে নাই তাকেই নিশ্চিত কৰিব পৰা নাই।আনহাতে,ৰাজস্থানৰ মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে সিন্ধিয়াৰ অৱস্থাও একেই।বসুন্ধৰা ৰাজে সিন্ধিয়াই ১৯৮৪ চনত সক্ৰিয় ৰাজনীতিত প্ৰবেশ কৰিছিল।১৯৮৫ চনতেই তেওঁ ঢোলপুৰৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।তেওঁ ৫ বাৰৰ বিধায়ক হোৱাৰ ওপৰিও ৫ বাৰৰ সাংসদ৷তদুপৰি তেওঁ দুবাৰকৈ ৰাজস্থানৰ দৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল।আনহাতে,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ২০০২ চনত প্ৰথম বাৰৰ বাবে বিধানসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হয় আৰু সেইবাৰেই তেওঁ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল। নিৰ্বাচনৰ ৰাজনীতিত তুলনামূলকভাৱে বহুত কনিষ্ঠ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁতকৈ অভিজ্ঞ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে সিন্ধিয়াক একাষৰীয়া কৰাটো পৰিলক্ষিত হৈছে।প্ৰধানমন্ত্ৰী মোডীৰ ক্ষেত্ৰত সতকাই প্ৰযোজ্য হোৱা ধাৰণাটো হ’ল তেওঁ কেতিয়াও তেওঁতকৈ অভিজ্ঞ আৰু জ্যেষ্ঠক অগ্ৰাধিকাৰ দিব নোখোজে।ইতিমধ্যে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী লাল কৃষ্ণ আদোৱানি,প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মুৰলী মনোহৰ যোশী আদিয়ে দল -চৰকাৰ ক’তোৱেই গুৰুত্ব লাভ কৰা নাই৷সেই একেই নীতিৰেই বলি হৈছে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিবৰাজ সিং চৌহান আৰু ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে সিন্ধিয়া ।

Leave A Reply

Your email address will not be published.