পানীৰ মিস্ত্ৰী , পতঞ্জলীৰ শ্ৰমিকেৰে গঠন আছুৰ জিলা সমিতি

Share This Article

ঘূণে ধৰিছে অসমৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন বুলি দাবী কৰা সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত । আছু নেতৃত্বৰ মইমতালিৰ বিৰুদ্ধে  আদালতৰ দাৰস্থ হৈছে ইজনৰ পাছত সিজন আছু নেতা । বয়োবৃদ্ধ ছাত্ৰ নেতাৰে ভৰপূৰ হৈ পৰা আছুৰ মজিয়াত এতিয়া চলিছে চৰম অৰাজকতা ৷ আছুৰ পৰা অপসাৰিত সাংগঠনিক সম্পাদক দিব্যজ্যোতি মেধিয়ে আদালতৰ দাৰস্থ হৈ তেওৰ নিলম্বনত স্থগিতাদেশ লাভ কৰিলে ।দিব্যজ্যোতি মেধিৰ পাছত এইবাৰ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা মনোজ দাস ৷ দিব্যজ্যোতি মেধিৰ দৰেই মনোজ দাসকো কোনো কাৰণ দৰ্শোৱাৰ সুবিধা নিদিয়াকৈ অপসাৰণ কৰা হ’ল শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ পৰা ।তাৰ পাছত উচ্চ ন্যায়ালয়ৰ দাৰস্থ হোৱা ছাত্ৰ নেতাগৰাকীয়ে সদৰী কৰিছে আছুৰ ভিতৰচ’ৰাৰ কেতবোৰ চৰম লজ্জাজনক আৰু অগণতান্ত্ৰিক অধ্যায় ৷ ছাত্ৰ নেতা মনোজ দাসে নিজ মুখেৰে সদৰী কৰিলে কিদৰে ড: সমুজ্জ্বল ভট্টাচাৰ্যক আজীৱন আছু নেতা কৰি ৰাখিবলৈ সংগঠনৰ মজিয়াত খেলা হৈছিল ৰাজনৈতিক পাশাখেল । এই পাশাখেলৰ আঁত ধৰিছিল সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথে ৷ মনোজ দাসে কয় যে লখিমপুৰৰ প্ৰতিনিধি সভা শেষ হোৱাৰ পাছত , সভাপতিৰো বক্তব্য শেষ হোৱাৰ পাছত দীপাংক কুমাৰ নাথে ঘোষণা কৰিছিল যে ড: সমুজ্জ্বল ভট্টাচাৰ্যই ইচ্ছা থকালৈকে আছুৰ মজিয়াত থাকিব পাৰিব । তাৰ পাছতেই সভা শেষ কৰি দিয়া হ’ল। কোনো সদস্যকে মত প্ৰকাশৰ সুযোগ দিয়া নহ’ল।এইদৰেই লখিমপুৰৰ প্ৰতিনিধি সভাত দীপাংক কুমাৰ নাথৰ জড়িয়তে আজীৱন আছুত থকাৰ পথ প্ৰশাস্ত কৰি লৈছিল ড: সমুজ্জবল ভট্টাচাৰ্যই । তাৰ পাছৰে পৰাই আৰম্ভ হৈছে আছুত বয়সৰ সীমাক লৈ প্ৰশ্ন কৰা ছাত্ৰ নেতাসকলক সংগঠনৰ পৰা নিলম্বন কৰাৰ এক নতুন ৰাজনীতি ।পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে পতঞ্জলিৰ শ্ৰমিক , পানীৰ মিস্ত্ৰীৰে গঠন হৈছে একোখন জিলা ছাত্ৰ সন্থা । মনোজ দাসে কয় যে শোণিপুৰ জিলা ছাত্ৰ সন্থাৰ কমিটীখন পতঞ্জলী , ডাবৰত কাম কৰা শ্ৰমিক , পানীৰ মিস্ত্ৰী আদিৰে গঠন কৰা হৈছে ।ড: সমুজ্জ্বল ভট্টাচাৰ্য নেতৃত্বাধীন ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থাক এতিয়া আৰু ছাত্ৰৰ দৰকাৰ নাই ।  মিস্ত্ৰী –শ্ৰমিকেৰেই চলি যাব ছাত্ৰ সন্থাৰ একোখনকৈ জিলা সমিতি । ছাত্ৰৰ সমস্যা ,.জাতীয় জীৱনক লৈও আছু নেতৃত্বৰ কোনো মাথা ব্যথা নাই । আছুত এতিয়া দিনে নিশাই চলিছে এটাই কুচকাৱাজ – কিদৰে আছুত সুৰক্ষিত কৰি ৰাখিব পাৰি ড: সমুজ্জবল ভট্টাচাৰ্যৰ আসনখন । তাৰ বাবেই ছাত্ৰ সন্থাৰ একোখন জিলাৰ দায়িত্ব দিয়া হৈছে পতঞ্জলি , ডাবৰৰ দৰে কোম্পানীক কাম কৰা শ্ৰমিক নাইবা পানীৰ মিস্ত্ৰীক । আছুৰ এই স্খলন অসমৰ জাতীয় জীৱনৰ বাবেই দুৰ্ভাগ্যজনক হিচাপে বিবেচিত হৈছে ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.