প্ৰাৰ্থিত্ব নাপায়,বিজেপিকে দিলে Bye Bye

Share This Article

মধ্য প্ৰদেশত বিজেপি দলে প্ৰাৰ্থীৰ দ্বিতীয়খন তালিকা প্ৰকাশ কৰিলে।প্ৰাৰ্থী তালিকা ঘোষণাৰ পিছতে বিজেপিত দেখা দিছে বিসম্বাদ।বৰ্তমানলৈকে প্ৰাৰ্থিত্ব ঘোষণা কৰা ৭৮ টা সমষ্টিত বৰ্তমানৰ ৭৮ গৰাকী বিধায়কেই নাপালে প্ৰাৰ্থিত্ব।নিজৰ সমষ্টিত প্ৰাৰ্থিত্ব লাভ কৰিব বুলি ইমান দিনে ৰৈ থকা বিধায়কসকলে যেতিয়া প্ৰাৰ্থিত্ব লাভ নকৰিলে,তেওঁলোক অসন্তুষ্ট হোৱাটোৱেই স্বাভাৱিক।ইতিমধ্যে গৰিষ্ঠসংখ্যক টিকট প্ৰত্যাখিত বিজেপি নেতাই দলীয় নেতা সকলৰ বিৰুদ্ধে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিন্দন্দ্বিতা কৰাৰ সিন্ধান্ত ৰাজহুৱা কৰিছে।চাটনা সমষ্টিৰ টিকটৰ পৰা বঞ্চিত হ’ল বিজেপি নেতা ৰত্নাকৰ চতুৰ্বেদী।আনহাতে,চাটনপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব নাপালে অৰবিন্দ পাটাৰিয়াই৷ইতিমধ্যে প্ৰাৰ্থিত্বৰ তালিকা প্ৰকাশ পোৱাৰ পিছতেই ৰাকেশ মিশ্ৰই বিজেপি দল ত্যাগ কৰিছে৷ৰাজেশ মিশ্ৰই কয় ‘ মই কেতিয়াও নিজকে দলৰ বোজা কৰি ৰাখিব নিবিচাৰোঁ।’ৰাজেশ মিশ্ৰ সিধিৰ বিজেপি দলৰ প্ৰাক্তন সভাপতি আৰু বিজেপিৰ ৰাজ্যিক ৱৰ্কিং কমিটিৰ সক্ৰিয় সদস্য।এইবাৰ সিধিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল ৰাজেশ মিশ্ৰ৷কিন্তু ৰাজেশ মিশ্ৰৰ পৰিবৰ্তে দলে এইবাৰ ৰীতি পাঠকক প্ৰাৰ্থিত্ব প্ৰদান কৰে।নিজৰ সমষ্টিত অত্যন্ত সক্ৰিয়ভাৱে লাগি থকা ৰাজেশ মিশ্ৰই টিকট নোপোৱাটোৱে প্ৰায়সংখ্যক বিজেপি কৰ্মীকে ক্ষোভিত কৰিছে।ইতিমধ্যে ৰাজেশ মিশ্ৰই নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা কৰাটো নিশ্চিত কৰিছে যদিও কিন্তু কোনটো দলৰ পৰা প্ৰতিন্দন্দ্বিতা কৰিব সেইটো নিশ্চিত কৰা নাই। ৰাজেশ মিশ্ৰই পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে আৰু তেওঁৰ পদত্যাগ পত্ৰৰ প্ৰতিলিপি বিজেপি সভাপতি জে পি নাড্ডা,মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু ৰাজ্যিক বিজেপি সভাপতি ভি ডি শৰ্মালৈয়ো প্ৰেৰণ কৰিছে৷পদত্যাগ পত্ৰখনত ৰাজেশ মিশ্ৰই লিখিছে ‘বিজেপি দলটোক আমাৰ দৰে নিষ্ঠাৱান কৰ্মীৰ প্ৰয়োজন নাই৷সেয়ে মই বোজা হৈ নাথাকোঁ।’ইফালে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ প্ৰাৰ্থিত্ব প্ৰদানৰ বিষয়টোত কোনো ভূমিকাই নাই।তেওঁ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ ৩ গৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু আন চাৰিগৰাকী সাংসদক প্ৰাৰ্থিত্ব প্ৰদানৰ বিষয়টোত নিজেই হতচকিত হৈছে । কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ,প্ৰহ্লাদ পেটেল আৰু ফাগান সিং কুলাস্তেৰ দৰে নেতাক প্ৰাৰ্থিত্ব প্ৰদান কৰি মুখ্যমন্ত্ৰী শিবৰাজ সিং চৌহানক বুজাই দিব খুজিছে যে মধ্য প্ৰদেশত বিজেপিৰ চৰকাৰ গঠন হ’লে তেওঁৰ দিন উকলিব। আনহাতে,কৈলাস বিজয়ভাৰ্গীয়ক ইন্দোৰ ওৱানৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰি প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে বিজয়ভাৰ্গীয়ৰ ওপৰত একপ্ৰকাৰ আস্থা প্ৰকাশ কৰা বুলি মন্তব্য কৰিছে ৰাজনৈতিক মহলে।ৰাজনৈতিকভাৱে দক্ষ বিজয়ভাৰ্গীয় দলৰ সাংগঠনিক কামকাজতো অতিশয় দক্ষ৷ইপিনে বিজেপিয়ে নিৰ্বাচনৰ আগত মুখ্যমন্ত্ৰীৰ পদৰ প্ৰাৰ্থীৰ নাম ঘোষণা নকৰাৰ সিদ্ধান্ত লৈছে।সাতে সোতৰই মিলি বিজয়ভাৰ্গীয় অথবা নৰেন্দ্ৰ সিং টোমৰক বিজেপি দলে চৰকাৰ গঠন কৰিলে মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰাব আৰু দলটো পৰাজিত হ’লে ইয়াৰ বাবে জগৰীয়া কৰিব বৰ্তমানৰ মুখ্যমন্ত্ৰী শিবৰাজ সিং চৌহানক।

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.