সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বসুন্ধৰা ৰাজেই ৰাজস্থানত আনক ‘ৰজা’ নাপাতে !

দেশৰ আন চাৰিখন ৰাজ্যৰ বিধানসভাৰ লগতে ৰাজস্থানতো অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন। ৰাজস্থান,মধ্য প্ৰদেশ,ছত্তীশগড়,তেলেংগানা আৰু মিজোৰামত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন। বৰ্তমান মিজোৰামক বাদ দি আন চাৰিখন হিন্দীবলয়ৰ ৰাজ্যত পূৰ্ণগতিত নিৰ্বাচনী প্ৰচাৰ চলিছে।এখন এখনকৈ ৩ খন প্ৰাৰ্থী তালিকা মধ্য প্ৰদেশৰ বাবে ঘোষণা কৰিলে বিজেপিয়ে।কিন্তু ৰাজস্থানত এতিয়াও এখনো প্ৰাৰ্থী তালিকা ঘোষণা কৰিব পৰা নাই বিজেপিয়ে। বিগত শনিবাৰে বায়ুসেনা বিভাগৰ এখন বিশেষ বিমানেৰে ৰাজস্থানত উপস্থিত হৈছিলগৈ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ সভাপতি জেপি নাড্ডা। তেওঁলোক দুয়োৰে এই যাত্ৰাৰ উদ্দেশ্য আছিল ৰাজস্থানৰ প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰা। কিন্তু পুৱা ৯ বজাৰ পৰা আৰম্ভ কৰা বৈঠক দোভাগ নিশালৈকে চলাৰ পিছতো বসুন্ধৰা ৰাজেৰ সমৰ্থিত প্ৰাৰ্থীক প্ৰাৰ্থিত্ব নিদিয়াৰ বাবেই প্ৰাৰ্থী তালিকা প্ৰকাশৰ পৰা বিৰত থাকিবলগীয়া হয় শ্বাহ-নাড্ডা। উল্লেখ্য যে বিগত মাহত প্ৰধানমন্ত্ৰী মোডীয়ে অংশ লোৱা ৰেলীৰ সময়ত মোডীয়ে মঞ্চত বহি থকা প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে সিন্ধিয়াৰ নাম এবাৰো লোৱা নাছিল। তদুপৰি তেওঁ জনতাক উদ্দেশ্যি দিয়া ভাষণত কোনো বিশেষ ব্যক্তিক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ বিপৰীতে ৰাজস্থানত পদুম ফুলুৱাত অধিক গুৰুত্ব প্ৰদান কৰিবলৈ আহবান জনাইছিল। বিগত আগষ্ট মাহলৈকে ৰাজস্থানত ক্ষমতা দখল কৰিবলৈ সক্ষম হ’ব বুলি নিশ্চিত আছিল বিজেপি। কিয়নো ৰাজস্থানৰ পৰম্পৰা অনুসৰি এবাৰ যদি ৰাজ্যখনত শাসনলৈ কংগ্ৰেছ আহে পিছৰ বাৰ বিজেপি অহাটো নিশ্চিত হয়৷বিগত জুলাই মাহৰ সমীক্ষায়ো এই কথা স্পষ্ট কৰিছিল। জুলাইত টাইমচ নাও আৰু নৱভাৰত টাইমচৰ সমীক্ষাত বিজেপিয়ে ১১৪ ৰ পৰৰ ১২৪ খন আসন লাভ কৰাৰ সম্ভাৱনা ব্যক্ত কৰাৰ বিপৰীতে কংগ্ৰেছে ৯৫ ৰ পৰা ১০৫ খন আসন দখল কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছিল। কিন্তু শেহতীয়া সমীক্ষাত ৰাজস্থানৰ মুঠ ২০০ খন আসনৰ কংগ্ৰেছে ৯৫ ৰ পৰা ১০৫ খন আসন লাভ কৰিব বুলি প্ৰকাশ পাইছে। এই সমীক্ষাই আশাৰ বতৰা কঢ়িয়াই আনিছে কংগ্ৰেছলৈ।
মধ্য প্ৰদেশত কেন্দ্ৰীয় নেতৃত্বই বৰ্তমানলৈকে ৭ গৰাকী সাংসদক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। প্ৰতিষ্ঠানবিৰোধী ঢৌৰ ভয়ত মুঠ ৭৮ গৰাকী বিধায়কক প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰিছে। কৰণাটকৰ ক্ষেত্ৰত আকৌ বিজেপিয়ে মুখ্যমন্ত্ৰী য়েডুৰাপ্পাাকে ধৰি প্ৰায়সংখ্যক বিধায়ককে প্ৰাৰ্থিত্ব প্ৰদান কৰা নাছিল। সেয়ে কৰ্ণাটকৰ সৰহসংখ্যক বিজেপি নেতাই দল এৰি কংগ্ৰেছত যোগদান কৰিছিল।তদুপৰি সেই দল এৰি যোৱা সৰহসংখ্যক বিধায়ক য়েডুৰাপ্পাৰ সহযোগী হোৱাৰ পিছতো কিন্তু তেওঁ প্ৰাৰ্থিত্ব প্ৰদানত ব্যৰ্থ হোৱাৰ বাবে সেই সকল নেতাক দলত্যাগ নকৰিব বুলি ক’ব পৰা নাছিল।এতিয়া বিজেপিয়ে যদি বসুন্ধৰা ৰাজে সিন্ধিয়াৰ ঘনিষ্ঠক প্ৰাৰ্থিত্ব প্ৰদান নকৰে তেন্তে ৰাজস্থানতো যে কৰ্ণাটকৰ দশা নহ’ব সেই কথা নিশ্চিত কৰিব নোৱাৰি। তদুপৰি শেহতীয়াকৈ ৰাজস্থানৰ জনতায়ো এটা কথা উপলব্ধি কৰিছে যে বিজেপি দলে বসুন্ধৰা ৰাজেক উপেক্ষা কৰি আহিছে।বসুন্ধৰা ৰাজে ৰাজপুত আৰু জাঠ সম্প্ৰদায়ৰ মাজত যথেষ্ট জনপ্ৰিয়তা আছে আৰু এই সম্প্ৰদায় দুটাৰ দখলত আছে ৰাজ্যখনৰ ৬০ ৰ পৰা ৭০ টা সমষ্টি।গতিকে সাতে সোতৰই মিলি ৰাজস্থানত বিজেপিৰ অশ্বমেধৰ যজ্ঞ ৰোধিবলৈ বিজেপিৰ বাবে গেহলট-পাইলটৰ প্ৰয়োজন নাই,দলৰ নেত্ৰী বসুন্ধৰা ৰাজে সিন্ধিয়াই যে যথেষ্ট সেইটো স্পষ্ট হৈ পৰিছে।

Leave A Reply

Your email address will not be published.