অনুপম জীৱন’ৰ ড্ৰাগছ বিৰোধী সজাগতা সভা

স্বেচ্ছাসেৱী সংগঠন ‘অনুপম জীৱন’আৰু ‘ছেলটাৰ’ ৰ উদ্যোগত গান্ধী জয়ন্তী উপলক্ষে দক্ষিণ গাওঁস্থিত টি এ বি মেমোৰিয়েল জাতীয় বিদ্যালয়ত এখনি ড্ৰাগছ্ সেৱন আৰু সৰবৰাহ বিৰোধী সজাগতা সভা অনুস্থিত হোৱাৰ লগতে এক প্ৰতিবাদী শোভাযাত্ৰা উলিওৱা হয় । পুৱা ৮ বজাত বিদ্যালয় খনৰ ছাত্ৰ -ছাত্ৰীৰ তথা স্থানীয় শতাধিক ৰাইজৰ উপস্থিতিত জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়।মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সহকাৰী সঞ্চালক সত্যব্ৰত গগৈয়ে। অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী চায়েৰা বেগম বৰভূঞা, বিশিষ্ট সমাজকৰ্মী বসন্ত কুমাৰ শৰ্মাৰ উপৰি বহু বিশিষ্ট ব্যক্তিয়ে মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি জাতিৰ পিতা গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছতে আৰম্ভ হয় ড্ৰাগছ সেৱন বিৰোধী সজাগতা শোভাযাত্ৰা । এই কাৰ্যসূচীৰ ফ্লগ অফ কৰি সহকাৰী সঞ্চালক সত্যব্ৰত গগৈয়ে ড্ৰাগছ সেৱনৰ বিভিন্ন অপকাৰী দিশসমূহৰ ওপৰত আলোকপাত কৰে। ড্ৰাগছ সেৱন বিৰোধী সজাগতা শোভাযাত্ৰাটোত দক্ষিণ গাঁও অঞ্চলৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা অভিভাৱকে অংশ গ্ৰহণ কৰে । শোভাযাত্ৰাটোত অংশ গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকলে ‘নিচাযুক্ত দ্ৰব্য বন্ধ কৰক,আমাৰ সমাজ সুস্থ ৰাখক’,’ড্ৰাগছৰ বেপাৰ ৰোধ কৰক,সুস্থ সমাজ গঢ়ি তোলক’ আদি ধ্বনি দি সমগ্ৰ দক্ষিন গাঁও অঞ্চল কপাঁই তোলে।এই শোভাযাত্ৰা দক্ষিন গাঁও তিনি আলিৰ পৰা ভূতত্ব আৰু খনিজ বিভাগৰ কাৰ্যালয়, গণেশ মন্দিৰ হৈ ঘূৰি আহি পুনৰ দক্ষিণ গাঁও তিনি আলিত উপস্থিত হৈ টি এ বি মেম’ৰিয়েল জাতীয় বিদ্যালয়ৰ প্ৰেক্ষাগৃহত উপস্থিত হয়। লঘু আহাৰ গ্ৰহণৰ পিছতে আৰম্ভ হয় ড্ৰাগছ সেৱন আৰু সৰবৰাহ বিৰোধী সজাগতা সভা। সজাগতা সভাত অংশ গ্ৰহণ কৰে শিক্ষক তথা শিক্ষা বিভাগৰ সমল কেন্দ্ৰ সমন্বয়ক ৰামেশ্বৰ শৰ্মা, সমাজকৰ্মী চায়েৰা বেগম বৰভূঞা, কল্যাণী কলিতা, ভাস্কৰণ গোহাঁই, প্ৰদীপ কলিতা, প্ৰধান শিক্ষয়িত্ৰী ধনমণি বৰুৱা আদিকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে ।সভাত মুখ্যবক্তা হিচাপে বক্তৃতা প্ৰদান কৰি ৰামেশ্বৰ শৰ্মাই মহাত্মা গান্ধীয়ে দেশৰ স্বাধীনতা আন্দোলন আগুৱাই নিয়াৰ সমান্তৰালভাৱে কিদৰে কানি বিৰোধী আন্দোলনকো মাত্ৰা প্ৰদান কৰিছিল তাৰ ওপৰত বক্তব্য ৰাখে। ‘অনুপম জীৱন’ৰ উপদেষ্টা বসন্ত কুমাৰ শৰ্মাই আঁত ধৰা অনুস্থানটোত বিশিষ্ট সমাজকৰ্মী চায়েৰা বেগম বৰভূঞাই ছাত্ৰ ছাত্ৰীক সু-চৰিত্ৰ গঠনৰ বাবে পৰামৰ্শ দিয়াৰ লগতে নিচা জাতীয় দ্ৰব্যৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়ে। সভাত প্ৰদীপ কলিতা আৰু ভাস্কৰণ গোহাঁয়েও বক্তব্য ৰাখে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296