কৈনো কৈ থাকিলে ওৰকে নপৰে ‘তুলিৰাম বাহিনী’ৰ কথা !

Share This Article

এটাৰ পিছত এটা কেলেংকাৰীয়ে জোকাৰি গৈছে কাৰ্বি আংলং।চৰকাৰী পুঁজি আত্মসাতৰ পৰা ,চৰকাৰী ঠিকা ঠুকলি নিজৰ পৰিয়ালৰ নামত আৱণ্টন দিয়াৰ পৰা কোনো ক্ষেত্ৰতেই পিছপৰি ৰোৱা নাই কাৰ্বি আংলং জিলা পৰিষদৰ মূৰব্বী তুলিৰাম ৰংহাং। মুখ্য কাৰ্যবাহীৰ সমানে সমানে তেওঁৰ সাংগোপাংগয়ো চলাইছে ছিণ্ডিকেটৰাজ।মাছ,মাংস,কণী,গাহৰিৰ মাংস সকলোতেই অৱাধে চলি আছে মুক্ত ছিণ্ডিকেটৰাজ। কাৰ্বি আংলং জিলাৰ খটখটী,মাঞ্জা আদি অঞ্চলত চলিছে মাছ,কণী,ব্ৰয়লাৰ মূৰ্গী,গাহৰিৰ নামত অবাধ ছিণ্ডিকেটৰাজ।উল্লেখ্য যে কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদে কাৰ্বি আংলঙৰ স্থানীয় কাৰ্বি জনজাতিৰ নিবনুৱাৰ সংস্থাপনৰ বাবে বিভিন্ন কেঁচা সামগ্ৰীৰ লগতে মাছ,ব্ৰইলাৰ মূৰ্গী ,কণী আদিৰ ব্যৱসায়ৰ বাবে NOC অৰ্থাৎ ন’ অবজেকছন চাৰ্টিফিকেট প্ৰদান কৰি আহিছে।
স্থানীয় লোকৰ নামত থকা এই NOC বোৰ দেখুৱাই খুচুৰা বিক্ৰেতা সকলৰ ওপৰত ৰামটাঙোন শোধাইছে একাংশ ছিণ্ডিকেট চলোৱা ব্যৱসায়ীয়ে ।  তেওঁলোকে স্থানীয় একাংশ ব্যৱসায়িক ভিত্তিত ফাৰ্মিং কৰি থকা ব্যক্তিৰ পৰা খুচুৰা বিক্ৰেতা সকলক মূৰ্গী,কণী,মাছ আদি ক্ৰয় কৰাটো বন্ধ কৰাই No objection certificate ৰ দোহাই দি খুচুৰা বিক্ৰেতাক তেওঁলোকৰ পৰা এই সামগ্ৰীসমূহ ক্ৰয় কৰিবলৈ বাধ্য কৰাই আহিছে। তদুপৰি তেওঁলোকে একাংশ বেপাৰীৰ পৰাহে এই সামগ্ৰীবোৰ ক্ৰয় কৰিবলৈ বাধ্য কৰোৱাৰ ফলত খুচুৰা বিক্ৰেতা সকলে এই সমূহ সামগ্ৰীৰ দাম আগৰ তুলনাত বৃদ্ধি কৰিবলৈ বাধ্য হৈছে। ফলত স্বাভাৱিকভাৱেই বৃদ্ধি পাইছে এই সামগ্ৰীসমূহৰ দাম।স্থানীয় ব্যবসায়ীসকলে এই সমস্যাৰ বিষয়ে অৱগত কৰিলে বিভিন্ন ভয়-ভাবুকিৰ সন্মুখীন হ’বলগীয়া হোৱাৰো অভিযোগ তুলিছে।নাম প্ৰকাশত অনিচ্ছুক একাংশ খুচুৰা ব্যৱসায়ীয়ে জানিবলৈ দিয়া অনুসৰি মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ ঘনিষ্ঠ তথা বিজেপি দলৰ সদস্য হোৱাৰ বাবে ভয়ভীতিৰে এনে একাংশ NOC থকা লোকৰ পৰা এই সামগ্ৰীসমূহ ক্ৰয় কৰিবলৈ বাধ্য কৰাই আহিছে।স্থানীয় ব্যৱসায়ীৰ অভিযোগ অনুসৰি স্থানীয় টাউন কমিটিৰ একাংশ লোকো এই ছিণ্ডিকেটৰ দ্বাৰা লাভান্বিত হৈ আহিছে।সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল যিটো সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ছিণ্ডিকেটৰাজ বন্ধ কৰা বুলি দাবী কৰি আহিছে সেই সময়ত কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ অধীনৰ এলেকাত এনেদৰে এটা চামে ছিণ্ডিকেটৰ মুকলিকৈ পোহাৰ মেলা বিষয়টোৱে সকলোকে হতচকিত কৰিছে। তদুপৰি জিলাখনৰ জনসাধাৰণৰ লগতে ভুক্তভোগী হৈছে এই ক্ষুদ্ৰ ফাৰ্মৰ গৰাকীৰ লগতে ক্ষুদ্ৰ ব্যৱসায়ীসকল ।নিজেই অসংখ্য দুৰ্নীতিত নিমজ্জিত মুখ্য কাৰ্যবাহী গৰাকীয়ে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ এই সমস্যাটো কেনেদৰে সমাধান কৰে সেয়াহে হ’ব লক্ষ্যণীয় ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.