সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

প্ৰব্ৰজিত শ্ৰমজীৱীৰ ওভটনি, স্বনিৰ্ভৰশীলতা আৰু শোষণৰ সমীকৰণবোৰ

লিখিছে-

বিদ্যুত সাগৰ বৰুৱা (গৱেষক ছাত্ৰ, দিল্লী বিশ্ববিদ্যালয়)
পিংকু মুক্তিয়াৰ (গৱেষক ছাত্ৰ, তেজপুৰ বিশ্ববিদ্যালয়)
হিমালয় বৰা (গৱেষক ছাত্ৰ, আই আই টি, গুৱাহাটী)

(উকি ৰিচাৰ্ছ কালেক্টিভ আৰু ল’কডাউনৰ পৰিপ্ৰেক্ষিতত আৰম্ভ কৰা Covid-19 Relief Co-ordination Network
নামৰ ফেচবুক পৃষ্ঠাটোৰ জৰিয়তে অসমৰ গ্ৰাম্য-কৃষি অৰ্থনীতি সম্পৰ্কত ৰাজনৈতিক চিন্তা-চৰ্চাক প্ৰভাৱিত
কৰাৰ উদ্দেশ্যেৰে এলানি প্ৰবন্ধৰ চিন্তা-চৰ্চা কৰা হৈছিল। তাৰ ভিত্তিত এয়া আমাৰ দ্বিতীয়টো প্ৰবন্ধ)
ক’ভিড১৯ ৰ বাবে ঘোষিত দেশজোৰা ল’কডাউন শিথিল কৰাৰ প্ৰক্ৰিয়া এটা ইতিমধ্যে আৰম্ভ
হৈছে। কিন্তু, ৰোগৰ সংক্ৰমণ এতিয়াও হ্ৰাস পোৱা নাই; ল’কডাউনকালীন প্ৰশাসনিক-ৰাজনৈতিক
প্ৰপঞ্চবোৰে জনজীৱনৰ নানান দিশত গভীৰ প্ৰভাৱ পেলাইছে; আৰু বিশ্ব অৰ্থনীতিত আহি পৰা সংকটৰ
প্ৰভাৱো ভাৰতৰ ওপৰত পৰাটো প্ৰায় নিশ্চিত। সাতে-সোতৰই মিলি জীৱন-যাত্ৰাৰ স্বাভাৱিকতা নতুন ৰূপত
প্ৰতিষ্ঠা হ’বলৈ ভালেখিনি সময়ৰ প্ৰয়োজন হ’ব আৰু বহু কোটি লোকৰ বাবে এই গোটেই পৰিঘটনাৰ প্ৰভাৱ
দীৰ্ঘম্যাদী হ’ব বুলিয়েই আমাৰ ধাৰণা। এই কথা ইতিমধ্যেই স্পষ্ট হৈ পৰিছে যে দেশজোৰা ল’কডাউন
ঘোষণা কৰোতে কেন্দ্ৰীয় চৰকাৰে অৰ্থনীতি আৰু জীৱন-জীৱিকাৰ বিভিন্ন খুঁটি-নাতি দিশ দকৈ বিবেচনা
কৰা নাছিল। বিশেষকৈ বিশাল অসংগঠিত খণ্ডত নিয়োজিত হৈ থকা ব্যাপকসংখ্যক প্ৰব্ৰজিত শ্ৰমিকৰ
প্ৰতি চৰকাৰী-প্ৰশাসনিক দায়ৱদ্ধতাৰ প্ৰসংগ ল’কডাউনৰ পৰিকল্পনাৰ আওটিতেই নাহিল বুলি ক’ব
পাৰি। ইয়াৰ পৰিণাম আমি দেখিবলৈ পাইছোঁ সংবাদ-মাধ্যম তথা চ’চিয়েল মিডিয়াই ‘মানৱীয় দূৰ্যোগ’ বুলি
উপস্থাপন কৰা ঘটনা পৰিক্ৰমাৰ মাজেদি। শেহৰ পৰ্যায়ত দেশৰ আন অঞ্চলৰ শ্ৰমিকৰ দৰেই অসমৰো
হেজাৰ হেজাৰ শ্ৰমজীৱীও এক দু:সহ প্ৰত্যাৱৰ্তন প্ৰক্ৰিয়াৰ অংশীদাৰ হ’ল। অৱশ্যে, ‘মানৱীয় দূৰ্যোগ’ৰ
বাগধাৰাই সমস্যাটোৰ উঁহলৈ যোৱাত আমাক বিশেষ সহায় নকৰে। কেনেধৰণৰ ব্যৱস্থাগত দিশৰ বাবে
গণতান্ত্ৰিক দেশ এখনৰ চৰকাৰ-প্ৰশাসনে ইমান বিশালসংখ্যক জনসমষ্টি এটাৰ সংকটক গুৰুত্ব
নিদিয়াকৈ থকা সম্ভৱ হ’ল? এই দিশটো অনুধাৱন কৰিবলৈকে আমি ল’কডাউনকালীন সময়ৰেই আন
কেতবোৰ খবৰলৈ দৃষ্টিপাত কৰিব পাৰোঁ।
১৯ মে’ তাৰিখে “দৈনিক অসম”ত কেৰেলানিৱাসী অসমীয়া প্ৰব্ৰজিত শ্ৰমিক একাংশৰ
সাক্ষাৎকাৰৰে সৈতে এক প্ৰতিবেদন প্ৰকাশ পায়। এই প্ৰতিবেদনে অন্য ৰাজ্যৰ – বিশেষকৈ উত্তৰ
ভাৰতৰ ৰাজ্যবোৰতকৈ এক ভিন্ন ছবি দাঙি ধৰে। প্ৰতিবেদন অনুসৰি প্ৰব্ৰজিত শ্ৰমিকসকলক
নিয়োগকৰ্তা কোম্পানীয়ে বেছিভাগ ক্ষেত্ৰতে সম্পূৰ্ণ বা আংশিক বেতন দিছে। কোম্পানীয়ে যদি এই
দায়িত্ব পালন কৰা নাই – তেনে ক্ষেত্ৰতো স্থানীয় ৰাইজ, প্ৰশাসন-চৰকাৰে স্বাস্থ্য, খাদ্য, থকা-মেলাৰ
যত্ন লৈছে বুলিও একাংশ শ্ৰমিকে জনায়। এইখিনি সময়তে কেৰেলাত বাস কৰা অসমৰ প্ৰব্ৰজিত শ্ৰমিক
দুজনমানৰ পৰা আমিও এনেধৰণৰ খবৰ লাভ কৰোঁ যে মালিক পক্ষই ল’কডাউনৰ সময়ত খোৱা-বোৱা, থকা-
মেলাৰ ব্যৱস্থা কৰিছে। এই কথাখিনিৰ পৰা থুলমুলকৈ ধাৰণা কৰিব পাৰি যে কেৰেলাত একধৰণৰ
কল্যাণকামী ব্যৱস্থা বৰ্তি আছে। আনহাতে, মহাৰাষ্ট্ৰনিৱাসী এজন শ্ৰমিকে আমাক জানিবলৈ দিয়ে যে
ক’ৰণা মহামাৰীৰ মাজতে তেওঁ কাম কৰা কোম্পানীটোৱে বেতন বৃদ্ধিৰ প্ৰস্তাৱেৰে শ্ৰমিকসকলক কামত
যোগ দিয়াৰ আহ্বান জনায়। কোম্পানীটোৰ বেতন বৃদ্ধিৰ প্ৰস্তাৱটোৱে এটা গুৰুত্বপূৰ্ণ দিশলৈ ইংগিত
কৰে। সেয়া হৈছে, পুঁজি আৰু শ্ৰমৰ দ্বন্দ্বৰ এক বিশেষ মুহুৰ্তত শ্ৰমৰ নিজৰ মূল্য বৃদ্ধি কৰিবৰ ক্ষমতা।
অৱশ্যে, ৰোগৰ সংক্ৰমণৰ শংকাত আৰু অসমলৈ ওভটি গৈ গাঁৱতে কিবা এটা কৰাৰ আশাৰে শ্ৰমিকগৰাকীয়ে
বেতন বৃদ্ধিৰ প্ৰস্তাৱৰ প্ৰতি সঁহাৰি নজনালে। কেৰেলাত বাস কৰা শ্ৰমিকসকলৰ যথেষ্টসংখ্যকে তাতেই
বৰ্তমান থাকি যোৱাৰ সিদ্ধান্ত লোৱাৰ পৰা বুজিব পাৰি যে ৰাজ্যখনৰ কল্যাণকামী কাঠামোৱে
শ্ৰমিকসকলৰ অৱস্থা তুলনামূলকভাৱে সুচল কৰি ৰাখিছে। কিন্তু, যোৱা দুই-তিনিদশকত ঔদ্যোগিক খণ্ডত

ক্ৰমাগতভাৱে ঘটি অহা বিধি-ব্যৱস্থাগত পৰিৱৰ্তনসমূহ আৰু বিত্তীয় পুঁজিৰ আধিপত্যৰ প্ৰেক্ষাপটত
কল্যাণকামী ব্যৱস্থা এটা কিমান দূৰলৈ ফলপ্ৰসূ হৈ থাকিব পাৰে – সেয়াও ভাবি চোৱা প্ৰয়োজন। পুঁজিৰ
স্বাৰ্থত শ্ৰম সংকোচনৰ প্ৰয়োজনৰ বিৰুদ্ধে শ্ৰমিকৰ ৰাজনৈতিক, অৰ্থনৈতিক অধিকাৰ সুৰক্ষা কৰাৰ
উপায়বোৰ সমগ্ৰ দেশতেই আইনীভাৱে ক্ৰমশ: নোহোৱা কৰি দিয়া হৈছে। কোম্পানীয়ে বেতন নিদিয়াৰ
পৰিপ্ৰেক্ষিতত কেৱল প্ৰশাসনিক কল্যাণকামী ভূমিকাৰ ওপৰত নিৰ্ভৰশীল হ’বলগা হোৱাটোও তাৰেই
নিদৰ্শন। মহাৰাষ্ট্ৰৰ শ্ৰমিকগৰাকীৰ ক্ষেত্ৰত আৰ্থিক-সামাজিক, ৰাজনৈতিক অধিকাৰ ৰক্ষাৰ
সাংগঠনিক কাঠামোৰ অভাৱৰ দিশটো আৰু বেছি স্পষ্ট। কোম্পানীয়ে পৰিস্থিতিৰ পাকত পৰি বেতন বৃদ্ধিৰ
প্ৰস্তাৱ দিবলৈ বাধ্য হৈছে। কিন্তু, এনেধৰণৰ প্ৰস্তাৱ বা মালিকপক্ষই খাদ্য-বাসস্থানৰ দায়িত্ব লোৱা
আদি ঘটনাবোৰ ঘটিছে খুবেই অসংগঠিত পৰিসৰত বা ব্যক্তিগত স্তৰত। ইয়াৰ পৰা আগুৱাই গৈ
সংগঠিতভাৱে আৰ্থিক নিৰাপত্তাৰ ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰাৰ বা মহামাৰীৰ এই সময়ত
স্বাস্থ্যজনিত তথা সামাজিক সুৰক্ষাৰ অধিকাৰ সাব্যস্ত কৰাৰ পৰিকাঠামো বৰ্তমান শ্ৰমিকৰ হাতত নাই
বুলিবই পাৰি। যোৱা ডেৰ-দুই দশকত অসংগঠিত খণ্ডৰ ব্যাপক প্ৰসাৰে তথা উদ্যোগ আৰু শ্ৰমকেন্দ্ৰিক
আইনৰ পৰিৱৰ্তনবোৰে ট্ৰেড ইউনিয়নৰ দ্বাৰা দাবী উত্থাপনৰ পৰিসৰ সীমিত কৰি তুলিছে। দেশব্যাপী
ঔদ্যোগিক বেল্টসমূহত সময়ে সময়ে চলি অহা শ্ৰমিকৰ দাবী-দাবাকেন্দ্ৰিক বিক্ষোভবোৰত পুৰণা ট্ৰেড
ইউনিয়নসমূহৰ ভুমিকা প্ৰায় নাই বুলিবই পাৰি। সৰ্বোপৰি, উনবিংশ শতিকাৰ ইউৰোপৰ ধ্ৰুপদী পুঁজিবাদৰ
বাগধাৰা অনুসৰি শ্ৰমৰ reproduction ৰ দিশটো অংগাংগীভাৱে জড়িত হৈ থাকে ঔদ্যোগিক খণ্ডৰ সৈতে।
শ্ৰমিকে ফেক্টৰীত কাম কৰাৰ বিনিময়ত লাভ কৰা বেতনৰ আধাৰতে ঘৰ-পৰিয়াল চলি শ্ৰমৰ
reproduction হৈ থাকে। যদিও নাৰীবাদী সমাজবাদীসকলে এই প্ৰক্ৰিয়াত অদৃশ্য হৈ পৰা মহিলাৰ ঘৰুৱা
কাম-কাজৰ ভুমিকালৈ প্ৰায়ে আঙুলিয়াই আহিছে, ব্যৱস্থাটোত ফেক্টৰী-কাৰখানাৰ কেন্দ্ৰিকতা লৈ বিশেষ
মতভেদ নাই। ইয়াৰ বিপৰীতে নব্য-উদাৰনৈতিক কাঠামোৰ ঔদ্যোগীকিকৰণ প্ৰক্ৰিয়াত শ্ৰমৰ
reproduction ৰ দিশটো ঔদ্যোগিক খণ্ডৰ সৈতে একাত্ম হৈ থকা নাই। ভাৰতকে ধৰি এসময়ৰ তৃতীয়
বিশ্বৰ দেশসমূহত অসংগঠিত শ্ৰমৰ প্ৰসাৰৰ এক দিশেই হৈছে যে ঠিকাভিত্তিক শ্ৰম-নিযুক্তিৰ অস্থায়ী
ব্যৱস্থাই উদ্যোগ-ফেক্টৰীত কৰ্মসূত্ৰে শ্ৰমিকে লাভ কৰা জীৱিকা আৰু সামাজিক নিৰাপত্তাৰ নিশ্চয়তা
নাইকিয়া কৰি দিছে। ফলত, ক্ৰমশ: বাঢ়ি অহা শ্ৰমজীৱীৰ বুজন পৰিমাণ এটা চিজনেল শ্ৰমিক হিচাপে
গ্ৰাম্য-অৰ্থনীতিৰ সৈতে সম্পৃক্ত অথবা তেওঁলোকৰ ঘৰ-পৰিয়ালৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি, কৃষি
খণ্ডৰ সৈতে যুক্ত। এই সন্দৰ্ভতেই চৰকাৰ-প্ৰশাসন যন্ত্ৰই খাদ্য-সুৰক্ষাৰ আঁচনিসমূহকো মূলত:
গ্ৰামাঞ্চলত শ্ৰমৰ reproduction ৰ আঁচনি হিচাপে ফলপ্ৰসূ কৰিছে। পুঁজিৰ প্ৰসাৰৰ প্ৰক্ৰিয়াত হোৱা
বজাৰ অৰ্থনীতি আৰু তাৰ সৈতে খাপ খাই থকা আশা-আকংক্ষাৰ পৰিপ্ৰেক্ষিতত প্ৰব্ৰজিত শ্ৰমিকসকল
আৰু ঘৰে-ঘৰোৱাহে চলিবলৈ তেওঁলোক ক্ৰমে বিত্তীয় পুঁজিৰ এক আৱৰ্তৰ অংশীদাৰ হৈ পৰে। ঔদ্যোগিক
ক্ষেত্ৰবোৰলৈ প্ৰব্ৰজন, বজাৰৰ বিস্তৃতিত জন্ম লোৱা নতুন গ্ৰাম্য অৰ্থনীতি, আৰু মাইক্ৰ’ফাইনেন্সকে
ধৰি নানান ঋণৰ প্ৰয়োজনীয়তা প্ৰায় সমান্তৰালভাৱে আগবাঢ়ে। অসমৰ প্ৰব্ৰজিত শ্ৰমিকৰ সৈতে সাঙোৰ
খাই থকা এই পৰিঘটনাৰ চমু আভাষ আমাৰ পূৰ্বৰ লেখা এটাত দাঙি ধৰিছোঁ।
এনে পৰিস্থিতিতেই ল’কডাউনৰ বাবে কাম-কাজ হেৰুওৱা শ্ৰমজীৱীসকলে ঘৰলৈ ওভটি গৈ ‘কিবা
এটা কৰা’ৰ আশা কৰাটো এক স্বাভাৱিক আৰু নিৰাপদ প্ৰতিক্ৰিয়া হৈ পৰিছে। শ্ৰমিক হিচাপে পাবলগীয়া
আৰ্থিক, সামাজিক অধিকাৰ তথা নিশ্চয়তাৰ প্ৰসংগটোক অদৃশ্য কৰি তুলি মূল প্ৰসংগ হৈ পৰিছে
আকাংক্ষাৰ দিশটো। শেহতীয়াকৈ কিছু বিস্তৃতি লাভ কৰা গ্ৰাম্য-অৰ্থনীতিক কেন্দ্ৰ কৰিয়েই এই আশা-
আকাংক্ষা বৰ্তি আছে। ব্যক্তিগত অধ্যাৱসায় তথা ‘কৰ্ম-সংস্কৃতি’ আৰু ‘শ্ৰমৰ মৰ্যাদা’কেন্দ্ৰিক এক
সামাজিক আৱ-হাৱাই আগুৱাই যোৱাৰ বাট দেখুৱাব বুলি এক উদ্দীপনাৰ জন্ম হৈছে। কিন্তু, মন কৰিব
লাগিব যে ল’কডাউনৰ আৰম্ভণিৰে পৰা প্ৰব্ৰজিত শ্ৰমিকৰ ক্ষেত্ৰত প্ৰশাসনিক কাণ্ড-কাৰখানাবোৰত
বৃহৎ পুঁজিৰ স্বাৰ্থৰ চাপেই সুস্পষ্ট। ক’বলৈ গ’লে, এটা সময়ত গোটেই শ্ৰমশক্তিক অৱৰুদ্ধ কৰি ৰাখি

পৰৱৰ্তী পৰ্যায়ত পৰিস্থিতিয়ে অপ্ৰয়োজনীয় কৰি পেলোৱা শ্ৰমশক্তিক উৎপাদনৰ পৰিসৰৰ পৰা
বিতাড়িত কৰাৰ ব্যৱস্থা কৰা গ’ল। একেসময়তে, ল’কডাউনে অৰ্থনীতিত পেলোৱা প্ৰভাৱৰ অজুহাততেই
শ্ৰম আইনসমূহ শিথিল কৰাৰ সুযোগ লোৱা হৈছে। তাৰ জৰিয়তে শ্ৰমক সাংগঠনিকভাৱে সলনি কৰি অহাৰ
এক দীৰ্ঘকালীন প্ৰক্ৰিয়াৰ ন্যায়িক বৈধতা সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰা হৈছে। অসমো ইয়াৰ ব্যতিক্ৰম
হোৱা নাই। সেয়ে, শ্ৰমৰ মৰ্যাদা বা স্কীল বিকাশৰ বাগধাৰা যিমান উচ্চাৰিত হৈছে, ঠিক সেইদৰে
পৰিকাঠামো বিকাশৰ প্ৰসংগ বা শ্ৰমৰ অধিকাৰ ৰক্ষাৰ প্ৰসংগ উত্থাপিত হোৱা নাই।
এই সন্দৰ্ভতেই এই প্ৰশ্ন আহি পৰে যে ওভটি অহা প্ৰব্ৰজিত শ্ৰমজীৱীসকলক সামৰি ল’ব
পৰাকৈ সীমিত পৰিসৰৰ আৰু বিশেষ প্ৰশাসনিক পৰিকাঠামোগত সুবিধা লাভ নকৰা গ্ৰাম্য অৰ্থনীতি সক্ষম
হ’ব নে? এই কথাও মনত ৰাখিব লাগিব যে ‘কিবা এটা কৰিবলৈ’ আগ্ৰহীসকলে শ্ৰমৰ নানান স্তৰৰ শোষণ,
বিভাজন বিস্তাৰিত হৈ থকা ক্ষেত্ৰ এখনতেই আকৌ প্ৰৱেশ কৰিব। যোৱা তিনি দশকমানত বিস্তৃতি লাভ
কৰা ক্ষুদ্ৰ চাহ খেতিৰ ক্ষেত্ৰখনলৈকে লক্ষ্য কৰা যাওক। অসমৰ চাহ উদ্যোগৰ শ্ৰমিকসকলৰ এক
বুজনসংখ্যকে আজি ক্ষুদ্ৰ চাহ বাগানবোৰত কাম কৰি জীৱিকাৰ এটা অংশ আৰ্জন কৰে। বৃহৎ
বাগানবোৰত স্থায়ী শ্ৰমিকৰ হাৰ কমাই আনি ঠিকাভিত্তিক শ্ৰমৰ অনুপাত বৃদ্ধি কৰা প্ৰক্ৰিয়াটোৰ
সমান্তৰালকৈ এক বিস্তৃতি ঘটিছে এই ক্ষুদ্ৰ বাগানৰ শ্ৰম নিয়োজনত। এই ক্ষুদ্ৰ চাহ উদ্যোগৰ
উৎপাদনেৰে প্ৰায় চল্লিশ শতাংশতকৈও অধিক সমৃদ্ধ হৈ বৃহৎ পৰিমাণত লাভৱান হৈ আছে অসমৰ বৃহৎ
চাহ উদ্যোগটো। কিন্তু, এই লাভৰ অংশ না বৃহৎ বাগানৰ শ্ৰমিকলৈ যায় না ক্ষুদ্ৰ চাহ বাগানত
কৰ্মৰতসকলে তাৰ ভাগ পায়। অতি নিম্ন পৰিমাণৰ বেতনৰ পৰা সামাজিক কল্যাণকামী ব্যৱস্থাৰ
অভাৱলৈকে সমস্যাটোৰ ব্যাপ্তি। বৰং, শ্ৰমৰ অসংগঠিতকৰণ প্ৰক্ৰিয়াই সমুচিত বেতন বৃদ্ধিৰ দাবী
কৰাৰ ৰাজনৈতিক শক্তিও সীমিত কৰে। নি:সন্দেহে, অসমীয়া জাতীয়তাবাদে চাহ জনগোষ্ঠীৰ ক্ষেত্ৰত
যিধৰণৰ আওকণীয়া আৰু আধিপত্যকামী মনোভাৱ পোষণ কৰে, সি শ্ৰমৰ শোষণৰ ব্যৱস্থাটোক সহায়
কৰে। কিন্তু, তাক মূল বিন্দু বুলি গণ্য কৰিব নোৱাৰি। চাহ উদ্যোগৰ শ্ৰমিকৰ তালিকাত এতিয়া খিলঞ্জীয়া
জনজাতীয় লোকো ঠায়ে ঠায়ে জড়িত হৈছে আৰু চাহ জনগোষ্ঠীৰ মুষ্টিমেয় লোকেও ক্ষুদ্ৰ বাগন খুলিছে। মন
কৰিবলগীয়া যে সীমিত পুঁজিৰে সচৰাচৰ কম মাটিত বাগান চলাই ৰখা লক্ষাধিক ক্ষুদ্ৰ চাহ উদ্যোগীয়ে
উৎপাদিত পাতৰ বাবে বৃহৎ কোম্পানী বা ফেক্টৰীৰ পৰা লাভ কৰা মূল্যৰো নিশ্চয়তা নেথাকে। বৃহৎ
কোম্পানীৰ আধিপত্যৰেই চাহৰ বজাৰখন চলি থাকে আৰু তাৰ নিয়ন্ত্ৰণৰ বিশেষ বিধি-ব্যৱস্থা নাই।
তদুপৰি খেতিৰ পৰিমাণৰ তাৰতম্য, আৰ্থ-সামাজিক প্ৰতিপত্তি আদিৰ ভিত্তিত ক্ষুদ্ৰ চাহ উদ্যোগী
বৰ্গৰ মাজতো এক শ্ৰেণী বিভাজন বিৰাজ কৰে আৰু ই এক মধ্যভোগী ব্যৱস্থাও পত্তন কৰে।
মধ্যভোগীৰ মাজেৰে চলা দৰ-দাম প্ৰক্ৰিয়াৰ শেহত অধিকাংশ ক্ষুদ্ৰ চাহ উদ্যোগীৰ লাভৰ পৰিমাণ সীমিত
হৈয়েই থাকে। পৰিয়াল চলাবৰ বাবে অন্য কাম-কাজৰ ওপৰতো নিৰ্ভৰশীল হৈ চলি থকা ক্ষুদ্ৰ চাহ খেতিয়ক
অধিকাংশই লাভৰ জৰিয়তে পুঁজি আহৰণ নকৰে। যোৱা ডেৰ দশকমানত বজাৰৰ প্ৰসাৰৰ মাজেৰে নগদ
অৰ্থনীতিত গ্ৰামাঞ্চল ব্যাপকভাৱে সাঙোৰ খাই পৰিছে; এই ব্যৱস্থাটোৰ মাজেৰে সম্ভৱত: আগতকৈ
অধিক মানুহৰ জীৱন সুচল হৈছে। কিন্তু, মধ্যভোগী শ্ৰেণীৰ সহযোগ আৰু বজাৰ নেটৱৰ্কেৰে বৃহৎ পুঁজিৰ
একাধিপত্যও সৰ্বব্যাপক হৈ পৰিছে। এই ব্যৱস্থাই তৰপে তৰপে সৃষ্টি কৰা পুঁজিৰ ৰপ্তকৰণ, শ্ৰমৰ
শোষণ, আৰু অনিশ্চয়তা অসমৰ গ্ৰাম্য-কৃষি অৰ্থনীতিৰ প্ৰায় প্ৰত্যেকটো দিশতেই লক্ষ্য কৰিব পাৰি।
পুঁজিৰ এনেধৰণৰ বিস্তাৰৰ মাজেৰে পুৰণি সামাজিক বৈষম্য, বিভাজনবোৰো পুন:ৰূপায়িত হৈ থাকে। পুঁজিৰ
প্ৰসাৰৰ প্ৰক্ৰিয়াত ক্ৰমশ: দপদপনি বৃদ্ধি পোৱা বিত্তীয় পুঁজিৰ এক ৰূপ মাইক্ৰ’ ক্ৰেডিটৰ ক্ষেত্ৰতো
এই প্ৰসংগত কিছু প্ৰশ্ন আহি পৰে। অসমত ক্ষুদ্ৰ ঋণৰ মাজেৰে মহিলাৰ কিছুমান কাম-কাজে, ঘৰখনত
মহিলাগৰাকীৰ ভুমিকাই এটা অৰ্থনৈতিক গুৰুত্ব লাভ কৰিছে। কিন্তু, ঘৰ-পৰিয়াল যি পুৰুষতান্ত্ৰিক
কাঠামোত খাপ খাই থাকে, সেয়া সলনি হয় নে নতুন যৌক্তিকতাৰে ই বজাৰ-অৰ্থনীতিত খাপ খাই গৈ থাকে?

আকৌ, ক্ষুদ্ৰ ঋণৰ বিৰুদ্ধে হোৱা আন্দোলনৰ সময়ত মহিলাই আগভাগ লোৱাৰ দৰে ঘটনাই বজাৰ
অৰ্থনীতিৰ আপেক্ষিক স্বাধীনতাৰ সৈতে অহা নতুনধৰণৰ চেতনাও সমুখলৈ আনে নেকি?
আমাৰ ধাৰণাত এনেধৰণৰ আপাত:বিৰোধী দিশ কিছুমান সমুখলৈ অহা প্ৰক্ৰিয়াটো ল’কডাউন
পৰৱৰ্তী পৰিস্থিতিয়ে ত্বৰান্বিত কৰিব। পুঁজিৰ প্ৰসাৰ, বজাৰে সৃষ্টি কৰা বা বৰ্তাই ৰখা বিভাজনাবোৰ,
তাৰ পটভূমিত সমুখলৈ অহা চেতনাবোৰ – এইবোৰ আমি কিদৰে লক্ষ্য কৰোঁ, সিয়েই ৰাজনীতিৰ চৰিত্ৰ
নিৰ্ধাৰণ কৰিব। বিভিন্ন বৰ্গৰ জনসাধাৰণৰ বাবে প্ৰয়োজনীয় সমবিতৰণ,সমাধিকাৰৰ দাবী
ৰাজনৈতিকভাৱে উত্থাপনৰ সম্ভাৱনা তাৰ ওপৰতেই নিৰ্ভৰ কৰিব।

Leave A Reply

Your email address will not be published.