জনশূন্য মহানগৰ,কঠোৰ প্ৰশাসন,ওলালেই শাস্তি!

Share This Article

পুৱাৰে পৰা গুৱাহাটী মহানগৰৰ বিভিন্ন স্থানত চলিছে আৰক্ষীৰ অভিযান।বাহিৰলৈ ওলোৱা প্ৰতিজন ব্যক্তিৰ ওপৰত চলোৱা হৈছে অভিযান।পৰীক্ষা কৰা হৈছে প্ৰতিজন ব্যক্তিৰ নথি পত্ৰ।জৰুৰীকালীন সেৱাৰ লগত জড়িত সকলক ৰেহাই দিয়াৰ বিপৰীতে অনাৱশ্যকীয় কামত বাহিৰলৈ ওলোৱা সকলৰ ওপৰত বিহা হৈছে জৰিমনা,জব্দ কৰা হৈছে বাহন।কাৰণ আজিৰে পৰা গুৱাহাটীত পুনৰ লকডাউন।
উল্লেখনীয় যে,প্ৰকাশিত বাতৰি অনুসৰি,২৫ মাৰ্চৰ পৰা ২৮ জুনলৈ আৰক্ষীয়ে এই ক্ষেত্ৰত সংগ্ৰহ কৰিছে মুঠ ৪,৩৪,২৫,৭৫০ টকাৰ জৰিমনা আৰু জব্দ কৰিছে মুঠ ৩৪,১৪৯ খন বাহন।
ইতিমধ্যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে শেহতীয়াকৈ গুৱাহাটীত জাৰি কৰা লকডাউন হব অতি কঠোৰ।প্ৰকাশনেও অনাহক বাহিৰলৈ ওলালে গ্ৰেপ্তাৰ কৰা হব বুলিও প্ৰকাশ কৰিছে।অৱশ্যে আজিৰ পুৱাৰে পৰা গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থান জনশূন্য হৈ ৰোৱা দেখা গৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.