সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

প্ৰধানমন্ত্ৰী মোডীক দেখিলে Mood off হে হ’ব ভোটাৰৰ !

ব্যক্তি পূজা বাদ দিলে শাসক দল বিজেপিয়ে।কোনো ব্যক্তিকে আৰু পূজা নকৰে বিজেপিয়ে।কাৰো নাম লৈ নিবিচাৰে ভোট ।কোনো বিশেষ ব্যক্তিক হিৰ’ নবনায় বিজেপিয়ে।২০২৪ চনৰ লোকসভা নিৰ্বাচন সমাগত।লোকসভা নিৰ্বাচনৰ বাবে নিজকে সাজু কৰিছে বিজেপিয়ে।পূব ভাৰতৰ মুঠ ১৪২ খন আসনৰ ১৩০ খন আসন লাগে বিজেপিক।বৃহস্পতিবাৰে বশিষ্টত অৱস্থিত দলৰ মুখ্য কাৰ্যালয়ত আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণকৌশল সম্পৰ্কত হয় আলোচনা।এই সভাত দলৰ ৰাষ্ট্ৰীয় সম্পাদক বি এল সন্তুোষ,ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিৎ পাত্ৰ,অসমৰ প্ৰভাৰী বৈজয়ন্ত পাণ্ডাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত থাকে।
এই সভাতেই বিজেপিৰ ৰণনীতি সম্পৰ্কত আলোচনা হয়।মুঠ ১২খন ৰাজ্যৰ সভাপতি সম্পাদকক লৈ অনুষ্ঠিত বৈঠকত লোকসভাৰ নিৰ্বাচনৰ বাবে ১৩০ খন আসনৰ লক্ষ্য স্থিৰ কৰা হয়।অসমৰ মুঠ ১৪ খন আসনৰ ১২খন আসন লাগে বিজেপিক । কিন্তু এই লক্ষ্য পূৰণৰ বাবে বিজেপিয়ে পদুম ফুলৰ প্ৰতীকেৰে যুঁজাৰ সংকল্প লয়।বিজেপিত ব্যক্তি পূজাক অধিক প্ৰাধান্য দিয়া হয় যাৰ বাবে বিজেপিয়ে ২০১৪ চনৰ পৰাই মোডীকেন্দ্ৰিক শ্লোগানেৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল।বিজেপিয়ে আৰম্ভ কৰিছিল ‘হৰ হৰ মোডী ঘৰ ঘৰ মোডী শ্লোগানৰো’।বিজেপিৰ বাবে মোডীয়েই আছিল আৰম্ভণি আৰু মোডীয়েই আছিল শেষ !মোডীৰ মুখ খনক লৈয়ে ২০১৯ চনত বিজেপিয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছিল৷কিন্তু সেই মোডী মেজিক এতিয়া নিঃশেষ হোৱাৰ পথত।সেই কথা মৰ্মে মৰ্মে উপলব্ধি কৰিছে বিজেপিৰ নেতৃত্বয়ো।বিজেপিৰ ভাতৃ সংগঠন আৰএছএছেও বিজেপিক অলপতে ব্যক্তি পূজা বাদ দিবলৈ সতৰ্ক কৰি দিছিল।প্ৰধানমন্ত্ৰী মোডীৰ মুখখন লৈ নিৰ্বাচন খেলিলে এইবাৰ ভাল ফলাফল নহ’ব বুলি সকীয়াই দিছিল আৰএছএছে।আৰএছএছৰ সেই সকীয়নিক সৰোগত কৰিয়েই গুৱাহাটীত অনুষ্ঠিত হোৱা বৈঠকত দলটোৱে দলৰ নীতি আদৰ্শ প্ৰচাৰত অধিক গুৰুত্ব দিয়াৰ পোষকতা কৰে।সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল প্ৰধানমন্ত্ৰী মোডীৰ মেজিকে কাম দিব বুলি ভাবিয়েই কৰ্ণাটকত নিৰ্বাচনী যুঁজত মোডীক সেনাপতি হিচাপে লৈয়ে নিৰ্বাচনী যুঁজত নামিছিল বিজেপি।কিন্তু বিজেপিৰ বাবে দুৰ্ভাগ্যৰ বিষয় এয়ে যে মুঠ ২২৪ খন আসনৰ মাত্ৰ ৬৬ খন আসনতেই বিজেপি সীমাবদ্ধ থাকিবলগীয়া হ’ল কৰ্ণাটকৰ দৰে হিন্দু প্ৰধান ৰাজ্যত৷সাম্প্ৰদায়িক ৰাজনীতিৰ প্ৰসংগ উত্থাপন কৰি বিজেপিয়ে PFI ক নিষিদ্ধও কৰিছিল।কিন্তু ইমানৰ পিছতো কৰ্ণাটক বিজেপিৰ হাতৰ পৰা গ’ল ।ঠিক সেইদৰে হিমাচল প্ৰদেশতো মোডী মেজিকে কোনো ধৰণৰ প্ৰভাব নেপেলালে।আনকি সৌ সিদিনা মধ্য প্ৰদেশৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ উদং সভাস্থলীত ভাষণ দিবলগীয়া হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷তদুপৰি মোডী -আদানি সম্পৰ্ক,হিণ্ডেনবাৰ্গ ৰিপৰ্টৰ তথ্য,বিবিচিৰ ডকুমেণ্টেৰী আদিয়ে প্ৰধানমন্ত্ৰী মোডীৰ স্থিতিৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছে ।সেয়ে মোডীৰ মুখ দেখুৱাই ভোট নিবিচৰাৰ পণ লৈছে বিজেপিয়ে।০

Leave A Reply

Your email address will not be published.