লুকাভাকু নহয়,ভঙাপতাৰ খেল মুখ্যমন্ত্ৰী হিমন্তৰ !

Share This Article

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হোৱা দিন ধৰি ৰাজ্যখনত আৰম্ভ কৰিছে ধ্বংসযজ্ঞ।এফালৰ পৰা ভাঙি গৈছে ৰবীন্দ্ৰ ভৱন,হাইকৰ্ট,ব্ৰহ্মপুত্ৰ গেষ্ট হাউচ,ডিচিৰ কাৰ্যালয়।আনহাতে,গুৱাহাটীৰ য’তেত’তে খুলিছে পাৰ্ক,য’তেত’তে বনাইছে ফ্লাইঅভাৰ,ফুটব্ৰীজ ।এইবাৰ মুখ্যমন্ত্ৰীক লাগে হোটেল।হোটেল মানে এলাপেচা হোটেল নহয় একেবাৰে পঞ্চতাৰকাযুক্ত হোটেলতাকো আকৌ গুৱাহাটী মহানগৰীৰ মাত্ৰ ৫ কিলোমিটাৰ ব্যাসাৰ্দ্ধত !মুখ্যমন্ত্ৰীয়ে নিজেই দিলে পঞ্চতাৰকাযুক্ত হোটেলৰ তালিকা !খানাপাৰত ভিভাণ্টা,ডাউনটাউনত নভ’টেল,জনতা ভৱনৰ সন্মুখত মেৰিয়ট আৰু গণেশগুৰি পেট্ৰল পাম্পত হোটেল হায়াট !মুঠতে পৰ্যটকৰ বাবে হোটেল লাগে কাৰণে হোটেলৰ সমৰ্থনত যুক্তি দিলে মুখ্যমন্ত্ৰী ড° হিমন্তই৷গুৱাহাটী এয়াৰপৰ্টতো নিৰ্মাণ হৈ আছে আন এখন মেৰিয়ট হোটেল। কিন্তু কি চাবলৈ আহিব পৰ্যটক? মুখ্যমন্ত্ৰীয়ে নিজ মুখে স্বীকাৰ কৰিলে ব্যৰ্থতা !আহোমৰ কীৰ্তিচিহ্ন কেইটাই এতিয়া শেষ ভৰষা পৰ্যটন বিভাগৰ !মুখ্যমন্ত্ৰীয়ে কয়  ‘অসমত কেৱল ধৰ্মীয় পৰ্যটন আৰু ঐতিহাসিক পৰ্যটনৰহে সুযোগ আছে।কামাখ্যা কৰিডৰ নিৰ্মাণৰ যোজা চলি আছে।ৰংঘৰ,কাৰেংঘৰ চাবলৈ মানুহ আহে৷এইবাৰ মই কাৰেং ঘৰলৈয়ো যাম।আমাৰ ইয়াত গুজৰাটৰ দৰে নহয়।গুজৰাটৰ কেৰলীয়াত চৰ্দাৰ বল্লভ ভাই পেটেলৰ স্মাৰক চাবলৈ মানুহ যায়।আমি ধৰ্মীয় আৰু ঐতিহাসিক স্থানকেই পৰ্যটন স্থলী হিচাপে গঢ়িব লাগিব !’মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কথাতেই স্পষ্ট হ’ল যে অসমত চাবলগীয়া বা পৰ্যটকক আকৰ্ষণ কৰিবলগীয়া একোৱেই কৰিব পৰা নাই চৰকাৰে।তাহানি আহোম স্বৰ্গদেৱে বনোৱা মঠ মন্দিৰ কেইটাকে সাৰথি কৰি আগবাঢ়িবলগীয়া হৈছে চৰকাৰ।অথচ পৰ্যটক বৃদ্ধিৰ বাবেই বিজেপি চৰকাৰে অনুষ্ঠিত কৰিছিল ফিল্মফেয়াৰ এৱাৰ্ডৰ।অনুষ্ঠিত কৰিছিল নৱামী ব্ৰহ্মপুত্ৰ,নৱামী বৰাকৰ দৰে উৎসৱৰ।বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা বিনিয়োগকাৰীক আনি অসমক জাকতজিলিকা কৰিবলৈ পাতিছিল এডভাণ্টেজ আছাম।২০১৮ চনৰ ৩ আৰু ৪ ফেব্ৰুৱাৰীত অসম চৰকাৰে এডভাণ্টেজ আছামৰ জৰিয়তে জাপান,নেডাৰলেণ্ড আদি দেশৰ বিনিয়োগকাৰীক আনি অসমখন সলাই পেলাব খুজিছিল।কিন্তু সেইক্ষেত্ৰতো বিফল হ’ল চৰকাৰ৷২০২০ চনৰ ১৫ ফেব্ৰুৱাৰীত গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত কৰিছিল ৬৫ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ডৰ ।উদ্দেশ্য আছিল ইয়াৰ জৰিয়তে পৰ্যটক বৃদ্ধি কৰা।তাতো বিফল হ’ল চৰকাৰ।সবাতোকৈ গুৰুত্বপূৰ্ণ বিষয় প্ৰিয়ংকা গান্ধীক ব্ৰেণ্ড এম্বেছাদৰ পাতিও পৰ্যটকক আকৰ্ষণ কৰিব নোৱাৰা অসম চৰকাৰে এইবাৰ পুনৰ শ শ বছৰ পুৰণি মন্দিৰ,থান,ঐতিহাসিক কীৰ্তিচিহ্নৰে পৰ্যটকক আকৰ্ষণৰ প্ৰয়াস কৰিছে।যদি ফিল্মফেয়াৰ,এডভাণ্টেজ আছাম,নৱামী ব্ৰহ্মপুত্ৰ,নৱামী বৰাক আদিৰ জৰিয়তে পৰ্যটক নাহেই তেন্তে কিয় ইমান কোটি কোটি টকাৰ শৰাধ কৰিছিল চৰকাৰে?দৌল,দেৱালয়,ৰংঘৰ চাবলৈহে যদি পৰ্যটক আহে কিয় অসমৰ পৰ্যটন বিভাগে অসমৰ অভিনেত্ৰীক চৰকাৰী ৰাজহেৰে বিদেশৰ ৰাস্তাই ঘাটে নচুৱাই ফুৰিছিল ?মুখ্যমন্ত্ৰীয়ে নিজমুখে স্বীকাৰ কৰিলে পৰ্যটন বিভাগৰ ব্যৰ্থতা।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.