পাইলটেই হ’ব ৰাজস্থানৰ পাইলট !

Share This Article

ৰাজস্থান মানেই গেহলট -পাইলটৰ যুঁজ।ৰাজস্থানত বৰ্তমান চলি আছে কংগ্ৰেছ চৰকাৰ।অশোক গেহলটৰ নেতৃত্বত চলি আছে কংগ্ৰেছ চৰকাৰ।আন ৰাজ্যৰ তুলনাত ৰাজস্থানত প্ৰতিষ্ঠানবিৰোধী ঢৌৰ প্ৰবণতা কম।শেহতীয়াকৈ গেহলট চৰকাৰে ৰাজ্যবাসীক দেশৰ ভিতৰতে কম মূল্যত চিলিণ্ডাৰ দি আহিছে।আন ৰাজ্যত চিলিণ্ডাৰৰ দাম যিটো সময়ত ১১৫০ টকা সেই সময়ত ৰাজস্থানত ইয়াৰ মূল্য মাত্ৰ ৫৫০ টকা।তদুপৰি বিগত ফেব্ৰুৱাৰী মাহৰ পৰাই ৰাজস্থানৰ গাঁৱে গাঁৱে ঘূৰিছে মুখ্যমন্ত্ৰী অশোক গেহলট।বৃহস্পতিবাৰে গেহলট-পাইলট যুতিক দিল্লীলৈ মতাই আনি বৈঠকত মিলিত হয় সভাপতি মল্লিকাৰ্জ্জুন খাৰ্গে,ৰাহুল গান্ধী,ৰাজস্থানৰ ৰাজ্যিক সভাপতি সুখজিন্দৰ ৰণধাৱা।ৰাহুল গান্ধীয়ে অশোক গেহলট আৰু পাইলটক বুজনি দি কয় যে ভাৰতীয় জনতা পাৰ্টিক হৰুৱাবলৈ হ’লে কংগ্ৰেছে একেলগে যুঁজ দিবই লাগিব। ৰাজস্থানৰ জনতাই পুনৰ কংগ্ৰেছক বিচাৰিছে।মল্লিকাৰ্জ্জুন খাৰ্গেৰ নেতৃত্বত কংগ্ৰেছ দল আগবঢ়িছে।গতিকে সকলোৱে একেলগে আগবঢ়া উচিত।’তদুপৰি কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ ফালৰ পৰা এইটো স্পষ্ট কৰি দিয়া হয় যে কোনো নেতাই দলৰ বাহিৰত অসন্তুষ্টি প্ৰকাশ কৰিব নোৱাৰিব। বৈঠকৰ পিছত কে চি বেণুগোপালে কয় ‘ আমি মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীৰ নাম ঘোষণা নকৰোঁ।কিন্তু আমি ঐক্যবদ্ধ হৈ নিৰ্বাচনত অৱতীৰ্ণ হ’ম।’ নবেম্বৰত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে ছেপ্তেম্বৰৰ প্ৰথম সপ্তাহতেই প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব বুলি জনাই কংগ্ৰেছ নেতৃত্বই।উল্লেখ্য যে ইয়াৰ আগতেও কৰ্ণাটক নিৰ্বাচনৰ সময়ত মাৰ্চ মাহতেই প্ৰায় ১০০ গৰাকী প্ৰাৰ্থীৰ নাম নিশ্চিত কৰি নিৰ্বাচনী ৰণত নমাৰ সুযোগ দিছিল কংগ্ৰেছে।এইবাৰ ৰাজস্থানৰ নিৰ্বাচনৰ ক্ষেত্ৰতো একে পন্থাই অৱলম্বন কৰিছে কংগ্ৰেছ দলে।আনহাতে,যিমানেই গেহলট পাইলটৰ মতবিৰোধ দূৰ হৈছে বুলি বাতৰি ওলাইছে সিমানেই শংকিত হৈছে বিজেপি শিবিৰ ।বিজেপিৰ দুটা গোটৰ মাজত বিসম্বাদে লৈছে তীব্ৰ ৰূপ।কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙৰ সন্মুখতে মাইক কঢ়াকঢ়ি পৰ্যায়ো পাইছেগৈ ৰাজস্থানত।প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেক পুনৰ তেওঁলোকৰ নেত্ৰী হিচাপে বিচৰা নাই একাংশ বিজেপি সদস্যই।ইফালে কেন্দ্ৰীয় নেতৃত্বক যিকোনো প্ৰকাৰে লাগে ৰাজস্থান।কিন্তু প্ৰতিষ্ঠানবিৰোধী ঢৌৰ কবলত পৰা নাই ৰাজস্থান।আনহাতে,পুনৰ কংগ্ৰেছ চৰকাৰ আহিলে পুৰণি পেঞ্চন আঁচনি প্ৰবৰ্তনৰ প্ৰতিশ্ৰুতি দিয়াটোৱেও চাকৰিয়াল সকলক কংগ্ৰেছৰ পক্ষত থকাৰ প্ৰতি আকৰ্ষিত কৰিছে।হিমাচল প্ৰদেশত পুৰণি পেঞ্চন আঁচনি প্ৰবৰ্তন কৰিৱ বুলি কংগ্ৰেছে দিয়া প্ৰতিশ্ৰুতি ইতিমধ্যে ৰক্ষা কৰিছে দলটোৱে।আনহাতে,দেশৰ আন প্ৰান্তৰ কোনো এখন বিজেপিশাসিত ৰাজ্যতেই সংশ্লিষ্ট চৰকাৰে পুৰণি পেঞ্চন নীতি বলবৎ কৰা নাই।তদুপৰি বৰ্তমানৰ মূল্যবৃদ্ধিৰ দিনত ১১৫০ টকীয়া চিলিণ্ডাৰ ৫৫০ টকাত দিয়া পদক্ষেপে যথেষ্ট পৰিমাণে লাভান্বিত কৰিব কংগ্ৰেছক।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.