সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

প্ৰধানমন্ত্ৰীৰ ‘ভুৱা প্ৰতিশ্ৰুতি’ নুশুনে !

নীতি আয়োগৰ বৈঠক বৰ্জন সমগ্ৰ দেশৰ ৮ গৰাকী মুখ্যমন্ত্ৰীৰ।শনিবাৰে নীতি আয়োগৰ বৈঠক অনুষ্ঠিত হোৱাৰ কথা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত এই বৈঠক অনুষ্ঠিত হয় ।নীতি আয়োগৰ এই অষ্টম সংখ্যক বৈঠকত অংশ নলয় দেশৰ বিৰোধী দলৰ ৮ গৰাকী মুখ্যমন্ত্ৰীয়ে৷পঞ্জাৱ,দিল্লী,তেলেংগানা,উৰিষ্যা,বিহাৰ,পশ্চিম বংগ,কেৰালা,ৰাজস্থানৰ মুখ্যমন্ত্ৰীয়ে এই বৈঠকত অংশ নোলোৱাটো নিশ্চিত কৰিছে।উল্লেখ্য যে আপ শাসিত পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই বৈঠকত অংশ নোলোৱাতো স্পষ্ট কৰিছে। ছুপ্ৰিম কৰ্টৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰে অধ্যাদেশ হিচাপে গ্ৰহণ কৰাৰ প্ৰতিবাদত এই বৈঠক বৰ্জন কৰিছে আপ নেতৃত্বাধীন চৰকাৰৰ দুয়োজন মুখ্যমন্ত্ৰীয়ে।মুখ্যমন্ত্ৰী কেজৰিৱালে ইয়াৰ বিৰোধিতা কৰিয়ে বৈঠক বৰ্জন কৰাৰ সিদ্ধান্ত লয়।অৰবিন্দ কেজৰিৱালে কয় যে বিগত দিনবোৰত কেন্দ্ৰীয় চৰকাৰে বিজেপি বিৰোধী ৰাজ্য চৰকাৰৰ মাজত ত্ৰাস বিয়পাই আহিছে।গণতন্ত্ৰৰ ওপৰত আক্ৰমণ চলি আছে।বিৰোধী দলৰ চৰকাৰবোৰৰ বিধায়কক ED,CBI ৰ দ্বাৰা তলব কৰা হৈছে নহয় চৰকাৰ ভাঙি দিয়াৰ ভাবুকি দিয়া হৈছে।স্বয়ং প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত দেশৰ উন্নয়ন,মহিলা সৱলীকৰণ,স্বাস্থ্য আদি বিষয়বোৰ আলোচনা কৰা হ’ব।
আনহাতে,পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে গ্ৰাম্য উন্নয়নৰ মুঠ ৩৬০০ কোটি টকা ধন মুকলি কৰি নিদিয়াৰ প্ৰতিবাদত অংশ নলয় এই বৈঠকত।তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে তেওঁৰ ৰাজ্যৰ ৰাজধানী হায়দৰাবাদলৈ দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱাল আহিব বাবে উক্ত বৈঠকত উপস্থিত থকাৰ পৰা বিৰত থাকিব বুলি জনাইছে।আনহাতে,উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে নীতি আয়োগৰ বৈঠকত তেওঁৰ পূৰ্বতেই নিৰ্ধাৰণ কৰি থোৱা অনুষ্ঠানৰ বাবে উপস্থিত থাকিব নোৱাৰাৰ অজুহাত দিছে।পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও এই বৈঠকত উপস্থিত নথকাৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছে।ছত্তীশগড় আৰু হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী দুগৰাকী ইতিমধ্যে এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে শুকুৰবাৰেই উপস্থিত হয় দিল্লীত।আনহাতে,কংগ্ৰেছ দলৰ দুই মুখ্যমন্ত্ৰী ক্ৰমে ছিদ্দাৰামায়া আৰু অশোক গেহলট এই বৈঠকত উপস্থিত নাথাকে।কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন আৰু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰেও পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচীৰ বাবে বৈঠকত উপস্থিত থাকিব নোৱাৰাৰ সিদ্ধান্ত লয়।উল্লেখ্য যে নীতি আয়োগৰ প্ৰধান উদ্দেশ্য হ’ল দেশত যুক্তৰাষ্ট্ৰীয় সমবায়ৰ ব্যৱস্থা কৰা।দেশৰ সৰ্বাংগীন বিকাশৰ পদক্ষেপ,মহিলাৰ সৱলীকৰণ,স্বাস্থ্য,শিক্ষা,আন্তঃগাঁথনি আদিৰ বিষয়বোৰ এই নীতি আয়োগৰ জৰিয়তেই চৰ্চা হয়।সেয়ে নীতি আয়োগৰ বৈঠক একোখন ৰাজ্যৰ বাবে অত্যন্ত জৰুৰী।কিন্তু বিৰোধী দলৰ মুখ্যমন্ত্ৰী সকলে ইযাৰ গুৰুত্ব বুজিও ইয়াক বৰ্জন কৰাটোৱে ইয়াৰ একঘেয়ামী কাৰবাৰবোৰৰ প্ৰতি অসন্তুষ্টি বুলিয়ে ধাৰণা কৰিব পাৰি।তদুপৰি নীতি আয়োগত গ্ৰহণ কৰা সিদ্ধান্ত সমূহ প্ৰয়োগৰ ক্ষেত্ৰত কৰা বৈষম্যও পাকেপ্ৰকাৰে বৈঠক বৰ্জন কৰাৰ অন্যতম কাৰণ হিচাপে বিবেচিত হৈছে।

Leave A Reply

Your email address will not be published.