সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

প্ৰতিবাদৰ নতুন ভাষা

“মহামাৰী-প্ৰতিৰোধৰ সংগ্ৰামত চৰকাৰলৈ আমাৰ সম্পূৰ্ণ সহযোগ থাকক। কিন্তু ৰাষ্ট্ৰৰ সকলো নিষ্ঠুৰতা আৰু লুন্ঠনক লৈও আমি হৈ থাকিব লাগিব সৰৱ। যিহেতু এই আতংক- হতাশা – সংকট আৰু আমনিদায়ক বন্দীত্বৰ পিছতো আমাৰ বাবে এখন পৃথিৱী আছে।”

লেখক পঞ্চানন হাজৰিকা

দেশে দেশে মুখামুখি হোৱা এই গৃহবন্দীত্ব আছিল অভূতপূৰ্ব আৰু অপ্ৰত্যাশিত। এই পৃথিৱী আমাৰেই বুলি ভাবি থকা সকলো অহংকাৰ, বাদ-বিবাদৰ মাজেৰে আমি গঢ়ি লব বিচৰা নিজা নিজা অন্তিম সত্য, দীঘলীয়া দৌৰৰ ব্যস্ততা আৰু দৌৰৰ শেষৰ ফলাফলে দিয়া গ্লানি অথবা গৰ্ব- সকলো এই বন্দীকালত হঠাৎ অসাৰ হৈ পৰিল।জীৱন-জীৱিকাৰ প্ৰশ্নলৈ অহা ভাবুকিৰ পৰা সামাজিক স্তৰবিন্যাসে জীয়াই ৰখা ভোক-ভাগৰৰ বৈষম্যলৈকে অজস্ৰ নিৰ্মম সত্য এই মহামাৰীৰ হাতত ধৰি আমাৰ সন্মুখলৈ আহিল। পদযাত্ৰা কৰি স্ব গৃহলৈ প্ৰত্যাৱৰ্তন কৰা প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰে চলি যোৱা ৰে’লে একমুহূৰ্তৰ বাবে হলেও মধ্যবিত্তৰ উদ্বিগ্ন কিন্তু আৰামদায়ক পৃথিৱীকো চিৰাচিৰ কৰিলে। এই বন্দীকালৰ মাত্ৰ কেইটামান দিন আগলৈকে জাতি ৰক্ষাৰ অগ্নি শপতেৰে আমি আছিলোঁ ৰাজপথত। ছহিদৰ তেজৰ স্মৃতি এতিয়াও ৰাজপথত সজীৱ। সেই আন্দোলনৰে নেতা অখিল গগৈ আৰু তেওঁৰ তিনি সতীৰ্থ এতিয়াও কাৰাবন্দী। এই কথাৰ হয়তো নতুন ব্যাখ্যাৰ প্ৰয়োজন নাই যে, মহামাৰীৰ বিৰুদ্ধে মানৱ সভ্যতাৰ ঐক্যবদ্ধ আৰু উমৈহতীয়া সংগ্ৰামৰ মাজতো কা- আন্দোলনৰ লগত জড়িত ৰাজনৈতিক বন্দীক দীৰ্ঘকালৰ বাবে কাৰাগাৰত আৱদ্ধ কৰি ৰাখিবলৈ জাপি দিয়া নিত্য নতুন গোচৰবোৰে আমাৰ শাসকপক্ষৰ কুটিল ষড়যন্ত্ৰকে আচলতে উদঙাই আছে। এনে সময়তে অসমৰ ৮ খন, আৰু গোটেই দেশৰ ৪৯ খন তৈল ক্ষেত্ৰক ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰাৰ খবৰ আহিছে। দিহিং পাটকাই বৰ্ষাৰণ্যত কয়লা খননৰ অনুমতিয়ে চৰকাৰৰ জৈৱ বৈচিত্ৰ্য আৰু পৰিবেশ সুৰক্ষাৰ বিষয়টোকো একেবাৰে অৱজ্ঞা কৰিব খোজা প্ৰৱণতাকেই উন্মোচন কৰে।

এনে সময়ত এই অনিয়ম- অনীতিবোৰৰ বিৰুদ্ধে আমি প্ৰশ্ন তুলিমনে?বা তুলিলেও কেনেকৈ তোলা যাব ? আমাৰ সমাজ-মানসত এনে এক দুৰ্ভাগ্যজনক স্থিতিও গঢ় লৈ উঠিছে যে ,এই দুৰ্যোগ কালত চৰকাৰক সমালোচনা কৰি ” ৰাজনীতি কৰা” অনুচিত। চৰকাৰে পালন কৰা তেওঁলোকৰ দায়িত্বক শ্ৰদ্ধা জনাই নিশ্চিত ভাবে প্ৰতিজন নাগৰিকে চৰকাৰৰ প্ৰতিটো সজাগতা মূলক আহ্বান আৰু কাৰ্যসূচীত সঁহাৰি দিব আৰু চৰকাৰে কৰোনা- প্ৰতিৰোধৰ বাবে দিয়া নিয়মাৱলী নিশ্চিতভাবে মানি চলিবই লাগিব। কিন্তু কল্যাণকামী ৰাষ্ট্ৰৰ চিকিৎসালয় এখনত ৰোগীয়ে সঠিক মানৱীয় মৰ্যদাৰ সৈতে চিকিৎসা পাইছে নে নাই- সেয়াও নজৰত ৰাখিবই লাগিব। সেই প্ৰশ্ন তোলাৰ কাৰবাৰটোক নিশ্চয় নৈৰাজ্য সৃষ্টি কৰাৰ আকাংক্ষা বুলি কব পৰা নাযায় ! তেনে প্ৰশ্নৰ পটভূমিৰ পৰা আঁতৰি নাথাকে কা আন্দোলনৰ ৰাজনৈতিক বন্দীৰ মুক্তিৰ দাবী আৰু সম্পদৰ কৰ্তৃত্ব সম্পৰ্কীয় কৌটিকলীয়া প্ৰশ্নবোৰো। এয়া আমাৰ বিপদৰ সময় সঁচা, কিন্তু এই বিপর্যয়ৰ উত্তৰ কালতো আমাৰ বাবে এখন পৃথিৱী থাকিব। যদিও সেই পৃথিৱীত সলনি হব বহুবোৰ প্ৰমূল্য আৰু বিশ্বাস, কিন্তু সেই পৃথিৱীটো আমি ন্যায়- নৈতিকতা-গণতন্ত্ৰ- মানৱ অধিকাৰক জানো জীয়াই ৰাখিব নালাগিব?

সেই বাবেই এই সময়তো, নিজৰ নিজৰ পৰিসৰৰ পৰাই, চৰকাৰী নীতি-নিয়ম মানি, সামাজিক দূৰত্ব ৰক্ষা কৰিও আমাৰ কব লগীয়া খিনি তুলি ধৰাৰ গুৰুত্ব আছে । এই লক ডাউনৰ মাজতে ছোচিয়েল মিডিয়াৰ যোগেৰে প্ৰচাৰ হোৱা অসমৰ বিভিন্ন ক্ষেত্ৰৰ পৰিচিত মুখ আৰু নতুন প্ৰজন্মৰ প্ৰতিনিধিৰ বন্দী মুক্তি বিষয়ক চমু বক্তব্য আৰু টুইটাৰত অখিল গগৈ আৰু সতীৰ্থৰ মুক্তিৰ দাবীত চলা কেম্পেইনিং ক আশাপদ ঘটনা বুলিয়ে সেয়ে ভাবিব পৰা যায়।নিজৰ ঘৰৰ বেলকনিৰ পৰাই হাতত মাইক্ৰ’ফ’ন লৈ বৰ্ষীয়ান অধ্যাপক দম্পতী অপূৰ্ব কুমাৰ বৰুৱা আৰু মনোৰমা শৰ্মাই অখিল গগৈৰ মুক্তিৰ দাবীত দিয়া শ্লোগানৰ ভিডিঅ’ বহুজনৰ দৃষ্টিগোচৰ হৈছে। ই সীমিত পৰিসৰ আৰু প্ৰতিকূলতাৰ মাজতো নতুন ভাষাৰে প্ৰশ্ন তোলাৰ প্ৰেৰণামূলক দৃষ্টান্ত। একেদৰে বাতৰি কাকত বা অন্যান্য প্ৰচাৰ মাধ্যমৰ মাজেৰেও লিখা-মেলা কৰি, ছোচিয়েল মিডিয়াত ছবি আঁকিও বহুজনে শাসক পক্ষক এই প্ৰশ্নটোৰ গুৰুত্ব বুজাই আছে। কবি- চিকিৎসক প্ৰণয় ফুকন, গল্পকাৰ- অধ্যাপক অৰূপ কুমাৰ নাথ আৰু তৰুণ কবি নীলাভ সৌৰভৰ তিনিটা কবিতাক এই বিষয়ত প্ৰতিনিধিত্বমূলক হিচাপে বিবেচনা কৰিব পাৰি। তেওঁলোকৰ কবিতাৰ পাঠ-পুনঃ পাঠৰ মাজেৰে বহুজনে নিজা নিজা চৌহদৰ পৰাই মানসিক ভাবে এই প্ৰতিবাদী যাত্ৰাত চামিল হৈছেহি। দিহিং পাটকাইৰ সুৰক্ষাৰ দাবীত কলেজ-বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে আৰু আন সচেতন নাগৰিকেও ফেচবুকত নিজৰ ফটো আৰু শ্লোগান সহ চলোৱা প্ৰচাৰকো সেয়ে এক সদৰ্থক চিন্তা বুলিয়ে গণ্য কৰিব পাৰি। কোনোবাই পৰিবেশ সুৰক্ষাৰ দাবীক আগস্থান দিছে, কোনোবাই সম্পদৰ অধিকাৰক- কিন্তু মূল দাবীটো নিশ্চয় জাতি আৰু ৰাইজৰে পক্ষত। এনে প্ৰতিবাদৰ ভাষা চৰকাৰ বা শাসক পক্ষই কিমান বুজিব, কিমান শুনিব- তাৰ কোনো নিশ্চয়তা নাই । নদীবান্ধ বিৰোধী ইমান বৃহৎ জনজাগৰণৰ প্ৰতিয়ে চৰকাৰ কাহানিও সংবেদনশীল নাছিল। কিন্তু এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ সজাগতা অনাৰ বাবে আৰু ভাৰতৰ আন পৰিবেশ আন্দোলনৰ সংগঠক সকলৰ মনোযোগ আকৰ্ষণৰ ক্ষেত্ৰত ইযাৰ বহুল প্ৰচাৰে সহায় কৰিবও পাৰে। যি কি নহওঁক, মূল কথাটো হ’ল- কোনোবাই প্ৰশ্নবোৰ এই চৰম সংকট কালতো তুলি থাকিবই লাগিব। প্ৰতিবাদৰ নতুন মাধ্যম আৰু নতুন ভাষা বিচৰাৰ অনুশীলনো চলি থাকিব লাগিব।
               মহামাৰী-প্ৰতিৰোধৰ সংগ্ৰামত চৰকাৰলৈ আমাৰ সম্পূৰ্ণ সহযোগ থাকক। কিন্তু ৰাষ্ট্ৰৰ সকলো নিষ্ঠুৰতা আৰু লুন্ঠনক লৈও আমি হৈ থাকিব লাগিব সৰৱ। যিহেতু এই আতংক- হতাশা – সংকট আৰু আমনিদায়ক বন্দীত্বৰ পিছতো আমাৰ বাবে এখন পৃথিৱী আছে।

লেখক পঞ্চানন হাজৰিকা ডিব্ৰুগড় বিশ্ৱবিদ্যালয়ৰ গৱেষক ছাত্ৰ
প্ৰকাশিত মন্তব্য লেখকৰ নিজা

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.