সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ঢাক ঢোল বজাই ভেণ্টিলেতৰ বুলি কি উদ্বোধন কৰিলে বিজয় ৰুুপানীয়ে ?

একাংশৰ বাবে ক’ৰোনা ভাইৰাছ এক মহামাৰী নহয়।তেওঁলোকৰ বাবে ক’ৰোনা ভাইৰাছ এক উৎসৱহে।সেইবাবেই বিগত এপ্ৰিল মাহৰ কোনোবা এটা দিনত গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে চিকিৎসালয়ত ঢাক ঢোল বজাই উদ্বোধন কৰিছিল ভেন্টিলেটৰ।দাবী কৰিছিল,এই ভেন্টিলেটৰ সমূহ ক’ৰোনা ভাইৰাছ প্ৰতিৰোধত পয্যাপ্ত ভূমিকা ল’ব।গ’ল কথা গ’ল,ক’ৰোনা আক্ৰান্তৰ সংখ্যাও দ্ৰুতগতিত বৃদ্ধি হ’ল।কিন্তু এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গৃহৰাজ্যৰ বিজেপিৰ বাবে এই ভেন্টিলেটৰ সমূহেই কাল হ’ল।ঘটনাটো কি?আমাৰ চমু প্ৰতিবেদন।
গুজৰাটত তেতিয়া ক’ৰোনাৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাইছে।আহমেদাবাদৰ পৰিস্থিতি তেতিয়া চিন্তনীয়।কিন্তু এদিনো আহমেদাবাদলৈ যোৱা নাছিল মুখ্যমন্ত্ৰী বিজয় ৰূপানী।অৱশেষত ৪ এপ্ৰিলত বিজয় ৰূপানী ৰাওনা হ’ল আহমেদাবাদলৈ।ঢাকঢোল বজাই ২৩০ টা ভেন্টিলেটৰ উদ্বোধন কৰিলে আহমেদাবাদৰ চিভিল হস্পিতালত।উল্লেখনীয় যে,এই ভেন্টিলেটৰ সমূহৰ নিৰ্মাতা আছিল মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বুলি জনাজাত এজন ব্যক্তিৰ এটা সংস্থা।কেৱল চিভিল হস্পিতালতে নহয়,গুজৰাটৰ বহুকেইখন চিকিৎসালয়ত ভেন্টিলেটৰ যোগান ধৰিছিল এই সংস্থাটোৱে।কিন্তু ঘটনাটো ঘটিল তেতিয়া,যেতিয়া আহমেদাবাদ চিভিল হস্পিতাল কৰ্তৃপক্ষই পুনৰ ভেন্টিলেটৰ বিচাৰি আবেদন জনালে চৰকাৰক।প্ৰশ্ন উত্থাপন হ’ল,মুখ্যমন্ত্ৰীয়ে সৌ সিদিনা ২৩০ টা ভেন্টিলেটৰ উদ্বোধন কৰি যোৱাৰ পিছতো আকৌ নতুন ভেন্টিলেটৰ কিয় প্ৰয়োজন হ’ল চিকিৎসালয়খনত।চিকিৎসালয় কৰ্তৃপক্ষৰ উত্তৰ,সেই সমূহ প্ৰকৃততে ভেন্টিলেটৰ নাছিল।আছিল Mechanized Ambu bag হে।ভেন্টিলেটৰৰ দ্বাৰা এজন ৰোগীক যি মাত্ৰাত অক্সিজেন যোগান ধৰিব পাৰি,সেই মাত্ৰাত ambu bag ৰ দ্বাৰা যোগান ধৰিব নোৱাৰি।ফলশ্ৰুতিত ইয়াক ভেন্টিলেটৰ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰি।সেইবাবেই এতিয়া গুজৰাটৰ চিকিৎসালয় সমূহে ভেন্টিলেটৰৰ সংকটত ভুগিব লগা হৈছে।এই পৰিস্থিতিত গুজৰাট চৰকাৰে ৩০০ ভেন্টিলেটৰ বিচাৰি কেন্দ্ৰলৈ জৰুৰী আবেদন প্ৰেৰণ কৰিছে।
উল্লেখনীয় যে,ৰূপানীয়ে উদ্বোধন কৰা ভেন্টিলেটৰ সমূহ পূৰ্ণ পয্যায়ৰ ভেন্টিলেটৰ নহয় বুলি সদৰী কৰিছে নিৰ্মাতা সংস্থাটোৱে।এই কথা তেওঁলোকে আগতেই চৰকাৰে জনাইছিল বুলিও উল্লেখ কৰিছে।তেন্তে মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে সেইয়া ভেন্টিলেটৰ বুলি কিয় ঢাকঢোল বজাই উদ্বোধন কৰিছিল?সেই প্ৰশ্ন এতিয়া সকলোৰে মুখে মুখে।

Leave A Reply

Your email address will not be published.