সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

পুলিচ ষ্টেটত পৰিণত হৈছে নেকি অসম ?

এখন দেশ বা ৰাজ্যত যেতিয়া চৰকাৰ বা শাসকে পুলিচ লগাই নাগৰিকৰ অধিকাৰ হনন কৰা হয় , তেতিয়া সেই ৰাজ্যখনক কোৱা হয় পুলিচ ষ্টেট বুলি ৷ কোনো নাগৰিকেই এখন পুলিচ ষ্টেটত বসবাস কৰিব নিবিচাৰে ৷ আইন – শৃংখলাৰ নামত নাগৰিকৰ অধিকাৰ হনন কৰা, নাগৰিকক ভীতিগ্ৰস্থ কৰি ৰখাটো এখন গণতান্ত্ৰিক সমাজত কেতিয়াও গ্ৰহণযোগ্য কথা নহয় ৷ কিন্তু অতি দুৰ্ভাগ্যৰ কথা যে ড: হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত অসম এখন পুলিচ ষ্টেটত পৰিণত হোৱাৰ দিশে আগবাঢ়িছে ৷  ২০২০ চনৰ মে’ মাহত অসমত মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰে ড: হিমন্ত বিশ্ব শৰ্মাই ৷ তাৰ কিছুদিন পাছতে তেও উপস্থিত হয় অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানৰ কাৰ্যালয়ত ৷ তাতেই তেও ঘোষণা কৰে যে অসম আৰক্ষীক সকলো ধৰণৰ ৰাজনৈতিক হস্তক্ষেপৰ পৰা মুক্ত কৰা হ’ব ৷ একেগৰাকী মুখ্যমন্ত্ৰীয়ে কিছুদিনৰ পাছত আৰক্ষীৰ এখন সন্মিলনত অভিযুক্তক ভৰিত গুলীওৱাৰ পৰামৰ্শও প্ৰদান কৰে ৷ মুখ্যমন্ত্ৰীৰ এই ঘোষণা ততালিকে কাৰ্যকৰী কৰাত নামি পৰে অসম আৰক্ষী ৷ অসমৰ ইটোৰ পাছত সিটো প্ৰান্তৰ পৰা আহিবলৈ ধৰে এনকাউন্টাৰৰ বাতৰি ৷ আৰক্ষীৰ হাতত ধৰা পৰা ৩০ গৰাকীতকৈও অধিক অভিযুক্ত এই সময়ছোৱাত পুলিচৰ গুলীত আহত হয় ৷ ধাৰাবাহিক এনকাউন্টাৰৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ ফালৰ পৰা এটাই যুক্তি – হয় , অভিযুক্তই পলায়ন কৰিব বিচাৰিছিল , নহয় , আৰক্ষীৰ অস্ত্ৰ কাঢ়িবলৈ উদ্ধত হৈছিল ৷ এই এনকাউন্টাৰৰ ঘটনাসমূহে অসম আৰক্ষী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এক সুকীয়া জনপ্ৰিয়তা প্ৰদান কৰে ৷ এই জনপ্ৰিয়তা অক্ষুণ্ণ ৰাখিবৰ বাবেই আৰক্ষীৰ এনকাউন্টাৰক উৎসাহিত কৰি যায় মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷ সৰ্বসাধাৰণ ৰাইজেও চিনেমাৰ দৰেই উপভোগ কৰি গৈছিল এনকাউন্টাৰৰ ঘটনাসমূহক ৷ সংবাদমাধ্যমেও এনকাউন্টাৰৰ ঘটনাক সমৰ্থনেই জনাই গৈছিল ৷কিন্তু যিদিনাই নগাও চহৰৰ মাজমজিয়াত ছাত্ৰ নেতা কীৰ্তিকমল বৰাৰ গাত গুলী লগিল , সিদিনাহে সন্বিত ঘূৰাই পালে অসমবাসী ৰাইজে ৷ এনে ন্যায়বহিৰ্ভূত যিকোনো কামৰ ভুক্তভোগী যে যিকোনো লোকেই হ’ব পাৰে , সেয়া অসমৰ বহু মানুহে বুজি পালে ৷ কিন্তু মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই নগাৱৰ ঘটনাক এক ব্যতিক্ৰম বুলি ঘোষণা কৰিয়েই নিজৰ দায়িত্ব সামৰিলে ৷ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰক কীৰ্তিকমলৰ ঘটনাৰ তদন্তৰ দায়িত্ব দিয়া হ’ল ৷ এসপ্তাহৰ ভিতৰত পৱন বৰঠাকুৰক তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হ’ল ৷ এসপ্তাহ পাৰ হৈ গ’ল কাহানিবাই ৷ কিন্তু তদন্তৰ প্ৰতিবেদনৰ নামগোন্ধ নোহোৱা হ’ল ৷ দোষী বিষয়াই শাস্তি পোৱাটো দূৰৈৰ কথা কোন দোষী তাকো প্ৰকাশ কৰা নহ’ল ৷ একেসময়তে অব্যাহত থাকিল এটাৰ পাছত আনটো এনকাউন্টাৰ৷ মুখ্যমন্ত্ৰীৰ সাহসত আৰক্ষী ইমানেই বলীয়ান হৈ উঠিল যে আৰক্ষীক কোনেও প্ৰশ্ন কৰিব নোৱাৰা হ’ল ৷ তাৰ শেহতীয়া প্ৰমানেই হৈ পৰিল চিৰাঙৰ ঘটনা ৷ চিৰাঙৰ বাসুগাৱত অসমীয়া প্ৰতিদিনৰ সাংবাদিক জয়ন্ত দেৱনাথক দুজন আৰক্ষীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰি আহত কৰিলে ৷ তেওৰ অপৰাধ আছিল হেলমেট নিপিন্ধা দুজন আৰক্ষীক তেও প্ৰশ্ন কৰিছিল ৷ প্ৰশ্ন কৰিছিল যে আইন যদি সকলোৰে বাবে সমান , আপোনালোকৰ বাবে পৃথক নেকি ? সেয়াই অপৰাধ হ’ল সাংবাদিক জয়ন্ত দেৱনাথৰ ৷ আৰক্ষী কনিষ্টবল দুজনে অশ্লীল গালি গালাজ জৰি নিৰ্মমভাৱে প্ৰহাৰ কৰিলে সাংবাদিক জয়ন্ত দেৱনাথক ৷ আজি কীৰ্তিকমল বৰা , জয়ন্ত দেৱনাথ , কাইলৈ হয়তো যিকোনো কাৰণত আপোনাকো আৰক্ষীয়ে প্ৰহাৰ কৰিব পাৰে ৷ কাৰণ , আৰক্ষীক সেই ক্ষমতা প্ৰদান কৰা হৈছে ৷ আৰক্ষীয়ে এনকাউন্টাৰ কৰিব পাৰে , আৰক্ষীয়ে যাকে তাকে লাঠীচালনা কৰিব পাৰে , প্ৰতিক্ৰিয়াৰ পৰিণতি খুব বেছি হ’ব ৰিজাৰ্ভ ক্ল’জ ৷ এইদৰেই অসম এতিয়া আগবাঢ়িছে এখন পুলিচ ৰাজ্যত পৰিণত হোৱাৰ দিশে ৷ আৰক্ষীক দিয়া হৈছে অবাধ স্বাধীনতা ৷ ন্যায় সুদূৰ পৰাহত ৷ আৰক্ষীয়েই এতিয়া বিচাৰকৰ্তা ৷ এনেদৰেই পুলিচ ষ্টেটত পৰিণত হোৱাৰ দিশে আগবাঢ়িছে অসম ৷

- Donation -

Leave A Reply

Your email address will not be published.