সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

পুনৰ আগ্ৰাসী ‘ৰঙা চীন’, সীমান্ত কঁপাই উৰি গ’ল ভাৰতীয় যুদ্ধবিমান

পুনৰ আগ্ৰাসী ‘ৰঙা চীন’৷ এইবাৰ লাডাখৰ নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰিলে চীনা সৈন্যৰ যুদ্ধবিমানে৷ লগে লগে সম্ভাব্য আক্ৰমন প্ৰতিহত কৰিবলৈ উৰা মাৰে ভাৰতীয় বায়ুসেনাৰ অত্যাধুনিক’চুখই’ যুদ্ধবিমান৷ সেনা সূত্ৰ অনুসৰি যোৱা সপ্তাহত লাডাখৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত হঠাৎ দেখা গ’ল কেইবাখনো চীনা সৈন্যৰ যুদ্ধবিমান৷ নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম নকৰিলেও লগে লগে আকাশলৈ উৰা মাৰে ভাৰতীয় বায়ুসেনাৰ অত্যাধুনিক যুদ্ধবিমান৷ কিছু সময় ধৰি পৰিস্থিতি উতপ্ত থাকিলেও অৱশেষত নিজ ঘাটিলৈ ঘূৰি গ’ল চীনা সৈন্যৰ হেলিকপ্তাৰ৷ প্ৰতিৰক্ষা বিশেষজ্ঞৰ মতে লাডাখ সীমান্তত ভাৰতীয় সেনাৰ সক্ৰিয়তা পৰীক্ষা কৰিবলৈ এনে কৰিছিল চীনে৷ এই ছেক্টৰত সীমা বিবাদ জীয়াই ৰাখি আন্ত:জাতিক মঞ্চত নতুন দিল্লীক চাপত ৰাখিব বিচাৰে বেইজিঙে৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.