সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ধৰা পৰিল ক’ৰোণা আক্ৰান্ত

ক’ৰোণা সোমাই পৰিছে এয়াৰ ইণ্ডিয়াৰ দিল্লীৰ মুখ্য কাৰ্যালয়ত। ফলাশ্ৰুতিত দুদিনৰ বাবে বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে এয়াৰ ইণ্ডিয়াৰ মুখ্য কাৰ্যালয়। এয়াৰ ইণ্ডিয়াৰ মুখ্য কাৰ্যালয়ৰ এগৰাকী পিয়নৰ কোভিড-১৯ পজিটিভ ধৰা পৰিছে। তাৰবাবেই লোৱা হৈছে এই সাৱধানতামূলক পদক্ষেপ। বৰ্তমান ঘৰৰ পৰাই কাম-কৰিব সংস্থাৰ অধ্যক্ষ, মেনেজিং ডাইৰেক্টৰকে ধৰি সকলোৱেই।
সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি এয়াৰ ইণ্ডিয়াৰ মুখ্য কাৰ্যালয়ত অনবৰতেই দুই শতাধিক লোক উপস্থিত থাকে। সেয়েহে সংক্ৰমণ বাঢ়ি যোৱাৰ আশংকা আছে। সেয়েহে সমগ্ৰ কাৰ্যালয় ছেনিটাইজ কৰা হ’ব। যিগৰাকী পিয়নৰ দেহত ক’ৰোণা ধৰা পৰিছে তেওঁক হোম কোৱাৰেণ্টীনত ৰখা হৈছে।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.