সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

নিজ OSDৰ পত্নীৰ ৰোষৰ বলি বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী !

OSD সমেন বৰুৱাৰ পত্নীয়ে ছ’ছিয়েল মিডিয়াত ক্ষোভ উজাৰিলে বিশ্বজিত দৈমাৰীৰ বিৰুদ্ধে। আজিৰ পৰা মাথোঁ তিনিবছৰ পূৰ্বে সপৰিয়ালে ছিংগাপুৰলৈ যাওতে Elder Brother বুলি সম্বোধন কৰা বিশ্বজিত দৈমাৰীক লৈ মিম দিবলৈকো কুণ্ঠাবোধ নকৰিলে দৈমাৰীৰ OSD পত্নীয়ে।এয়া সেই বিশেষ পোষ্টটো আৰু এয়া ২০১৯বৰ্ষৰ ছিংগাপুৰৰ ভাল দিনৰ, ভাল সময়ৰ ফটো।আজি আমি আপোনালোকক ক’বলৈ ওলাইছোঁ-  অথ: বিশ্বজিত দৈমাৰী সংবাদ! ৰবল গণৰোষৰ বলি হৈছে বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী ।অইনটো বাদেই
OSDৰ পত্নীৰ ৰোষৰ বলি বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী। কথাতে আছে… কথাত কটা যায়, কথাত বঁটা পায়। নক’বলগীয়া কথা কৈ বাৰে বাৰে কটা গৈছে বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী। কেতিয়াবা দৰমহা বৃদ্ধি, কেতিয়াবা মূল্যবৃদ্ধি, কেতিয়াবা লোভেই উন্নতিৰ কাৰক দৈমাৰীৰ বাবে। পিছে কথা কৈয়েই এইবাৰ ভাল বিপদত পৰিল বিধানসভাৰ সন্মানীয় আসনত থকা বিশ্বজিত দৈমাৰী।সন্মানীয় বিধানসভাৰ আসনৰ পদমৰ্যাদাও যেন লাঘৱ হ’ল বিশ্বজিত দৈমাৰীৰ বাবেই।কাৰণ গৰমত বিদ্যুতৰ মাচুল ৰাহি কৰিবলৈ বিশ্বজিত দৈমাৰীয়ে পৰামৰ্শ দিছিল গছৰ তলত বহিবলৈ। সাধাৰণ মানুহেও দৈমাৰীৰ এনে কথা শুনি জাঙুৰ খাই উঠিল। ছ’ছিয়েল মিডিয়াত আৰম্ভ হ’ল ট্ৰ’ল। তেনেতে আকৌ সংবাদ মাধ্যমৰ অনুসন্ধানত পোহৰলৈ আহিল বিস্ফোৰক তথ্য। কিয়নো অধ্যক্ষ দৈমাৰীৰ আবাসত আছে ২২ টাকৈ AC… এই অনুসন্ধানে যেন জ্বলা জুইত ঘিউ হে ঢালিলে।লগে-লগে আৰম্ভ হ’ল ট্ৰল। পিছে অতবোৰ ট্ৰল, সমালোচনা, মিমৰ মাজত এটা বিশেষ ফেচবুক পোষ্টৰ পাছতেই সকলো আচৰিত হৈ পৰিছে।  এটা বিশেষ ফেচবুক একাউন্ট। একাউণ্ট হোলডাৰৰ নাম দৃশাদ্বিতী বৰুৱা( দ্বিতী)…. শেহতীয়াকৈ ৰাজনীতিকে কৰা অযথা মন্তব্যত সকলো জাঙুৰ খাই উঠাৰ দৰে জাঙুৰ খাই উঠিছে সত্ৰীয়া নৃত্য শিল্পী তথা সাংস্কৃতিক কৰ্মী দৃশাদ্বিতী বৰুৱা( দ্বিতী)। দৃশাদ্বিতী বৰুৱা( দ্বিতী)ৰ আন এক চিনাকী হৈছে যে তেওঁ বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ OSD সমেন বৰুৱাৰ পত্নী।গতিকে এবাৰ ভাবক, মানুহ আজি কিটো পৰিমাণত খঙত উতলা।অইনটো বাদেই নিজ OSDৰ পত্নীও সামৰিব নোৱাৰিলে খং।উল্লেখযোগ্য যে ২০১৯ বৰ্ষত বিশ্বজিত দৈমাৰীৰ পৰিয়ালসহ সপত্নীক ছিংগাপুৰলৈ গৈছিল OSD সমেন বৰুৱা। সমেন বৰুৱাৰ পত্নী দৃশাদ্বিতী বৰুৱাই নিজেই ফেচবুকত আপলোড কৰিছিল সেই ফটো। ফটোৰ কেপশ্যনত বিশ্বজিত দৈমাৰীক মোৰ ডাঙৰ দাদা বুলিও উল্লেখ কৰিছিল OSD পত্নী দৃশাদ্বিতী বৰুৱাই। কিন্ত এয়া খঙৰ সময়। যি মন যায় তাকেই কৈ প্ৰৱল গণৰোষৰ বলি হোৱা বিশ্বজিত দৈমাৰীক এনেকৈয়েই ওভতি ধৰিলে নিজ OSDৰ পত্নী তথা সাংস্কৃতিক কৰ্মী দৃশাদ্বিতী বৰুৱাই। সাংস্কৃতিক মন এটা লৈ জীয়াই থকা কোনো মানুহেই যে পদবীৰে অহংকাৰেৰে যি মন যায় তাকেই ক’ব নোৱাৰে সেই কথাকেই বুজাই দিলে দৃশাদ্বিতী বৰুৱাই। একেই সুৰেৰে গৰিমা শইকীয়া গাৰ্গেও ওভতি ধৰিছিল অসম চৰকাৰ, বিদ্যুৎ বিভাগ আৰু বিশ্বজিৎ দৈমাৰীক।

Leave A Reply

Your email address will not be published.