উন্নয়নৰ নামত গুৱাহাটীত কাটিলে ৮ হাজাৰ গছ

Share This Article

দৃষ্টিৰূপা বৰদলৈ

• ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত কটা গ’ল সৰু -বৰ ৭ হাজাৰ গছ
• আৰ জি বৰুৱা ৰোডত কাটিলে ১১ জোপা গছ, আকৌ কাটিব ৩০ জোপা
• গুৱাহাটী বিশ্ববিদ্যালয়ত কাটিলে ৮ জোপা, কাটিব ২৩ জোপা
• ব্ৰহ্মপুত্ৰৰ পাৰৰ উন্নয়ন- সৌন্দৰ্যবৰ্ধনৰ নামত কটা গ’ল ৫৪ জোপা
• ৰূপনগৰত উপায়ুক্তৰ কাৰ্যালয় নিৰ্মাণৰ নামত কটা হ’ল ৩১ জোপা বৃক্ষ
• ফ্লাই অভাৰ নিৰ্মাণৰ বাবে পানীখাইটীত কটা হ’ল ৪০ জোপা গছ


ধ্বংসৰ নাম যেতিয়া উন্নয়ন হয়!

উন্নয়নৰ প্ৰহেলিকাত জাহ গৈছে গুৱাহাটী মহানগৰীৰ প্ৰাকৃতিক ভাৰসাম্য ৷ উন্নয়ন আৰু সৌন্দৰ্যবৰ্ধনৰ নামত গুৱাহাটীত এফালৰ প্ৰকৃতি ধ্বংসত হাত উজান দিছে ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে ৷ পথৰ বিস্তাৰ , ফ্লাই অভাৰ নিৰ্মাণ আৰু গুৱাহাটীৰ সৌন্দৰ্যবৃদ্ধিৰ বাবেই ৮ হাজাৰ জোপা গছ কেৱল গুৱাহাটীত কাটি পেলোৱা হৈছে ৷ বন বিভাগৰ এক শীৰ্ষ সূত্ৰই সদৰী কৰা অনুসৰি , ফ্লাই অভাৰ নিৰ্মানৰ নামত গুৱাহাটীৰ আৰ জি বৰুৱা ৰোডত বিগত ২৯ এপ্ৰিলত কাটি পেলোৱা হ’ল ১১ জোপা গছ ৷ একেটা পথত আন ৩০ জোপা গছ কটাৰো অনুমতি দিছে বন বিভাগে ৷ এই আটাইকেইজোপা গছেই ৮ ৰ পৰা ১০ বছৰ পুৰণি ৷ গুৱাহাটী বিশ্ববিদ্যালয়ত আন্ত:গাঁথনি নিৰ্মাণৰ নামত এতিয়ালৈকে ৮ জোপা গছ কটা হৈছে আৰু আন ২৩ জোপা গছ কটাৰ অনুমতি লাভ কৰিছে ৷ একেদৰে ব্ৰক্ষ্মপুত্ৰৰ পাৰৰ উন্নয়নৰ নামত আভ্যন্তৰীন জল পৰিবহন বিভাগে কাটিলে ২৯ জোপা গছ ৷ ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ সৌন্দৰ্যবৰ্ধনৰ নামতো গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডে ২৫ জোপা গছ কাটি পেলালে ৷ৰূপনগৰত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয় নিৰ্মানৰ নামত কাটি পেলোৱা হ’ল ৩১ জোপা গছ ৷ এই আটাইকেইজোপা গছেই আছিল ২০ বছৰৰো অধিক কাল পুৰণি ৷

নুনমাটিত তেল শোধানাগাৰৰ পাইপলাইন বহুওৱাৰ নামত পূৰ্বে ১০ জোপা গছ কটা হৈছিল ৷ তাৰ পাছত নাৰেংগীত সেনা চাউনী এলেকাত কটা হ’ল ১০ জোপা গছ ৷ একেটা অঞ্চলত আকৌ ১৮ জোপা গছ কটাৰ প্ৰস্তাৱ লোৱা হৈছে ৷ইপিনে , পানীখাইটী আঞ্চলত ফ্লাই অভাৰ নিৰ্মাণৰ বাবে অলপতে কটা হৈছে ৪০ জোপা গছ ৷

বন বিভাগৰ সূত্ৰই সদৰী কৰা মতে, গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত বিগত কেইবাবছৰত আন্তঃগাঁথনি নিৰ্মাণৰ কামৰ নামত বিগত কেইটামান মাহৰ ভিতৰত ব্যক্তিগত ভূমিত থকা প্ৰায় ১১০০ জোপা গছ কাটি পেলোৱা হৈছে ৷ তদুপৰি ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামতো কমেও ৭ হাজাৰ জোপা গছ কটাৰ তথ্য বন বিভাগে সদৰী কৰিছে ৷
এনেদৰেই উন্নয়ণৰ নামত কেইটামান মাহৰ ভিতৰত গুৱাহাটীত প্ৰায় ৮,১০০ জোপা গছ কাটি পেলোৱা হৈছে ৷ উন্নয়ণ আৰু সৌন্দৰ্যবৰ্ধনৰ নামত অবাধ প্ৰকৃতি ধ্বংসৰ পৰিণতি কি , সেয়া আজি মহানগৰবাসীয়ে মৰ্মে মৰ্মে উপলব্ধি কৰিছে ৷

গান্ধী জয়ন্তীৰ দিনা এক কোটি গছ পুলি ৰোপণৰ এক অভিলাসী প্ৰকল্পৰ কথা ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰ বাবে গছ পুলি ৰোপণ কৰাসকলক আৰ্থিক উদ্গণিও দিব অসম চৰকাৰে ৷ কিন্তু সেই একেখন চৰকাৰেই উন্নয়ন আৰু সৌন্দৰ্যবৰ্ধনৰ নামত কেইটামান মাহৰ ভিতৰত হাজাৰ হাজাৰ গছ এফালৰ পৰা কাটি পেলোৱাটো চৰকাৰখনৰ দ্বিৰাচাৰিতা নহয়নে ?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.