২৩ জুনৰ পাটনাত বিৰোধীৰ ৰণচালি

Share This Article

কৰ্ণাটক নিৰ্বাচনত পৰাজয় , অস্তাচলত মোদীৰ মেজিক , আৰ এছ এছৰ কঠোৰ সকীয়ণি , তাৰ মাজতেই এইবাৰ চাৰিওদিশৰ পৰাই বিজেপি ঘেৰি ধৰাৰ প্ৰস্তুতি বিৰোধীৰ।জুন মাহতেই পাটনাত আৰম্ভ হ’ব বিজেপিৰ বিৰুদ্ধে বিৰোধীৰ ৰণচালি।

তাৰিখ ২৩ জুন । স্থান -পাটনা , বিহাৰ   পাটনাত ২৩ জুনত সমাবেত হ’ব ১৫ টাকৈ বিৰোধী দলৰ নেতৃত্ব । বৃহস্পতিবাৰে এই ঘোষণা কৰে বিহাৰৰ উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱে। তেজস্বী যাদৱে সংবাদ মেলত কৰা ঘোষণা অনুসৰি,১৫ টাকৈ বিৰোধী দলৰ প্ৰতিনিধি নহয় , আটাইকেইটা দলৰ নেতৃত্ব উপস্থিত হ’ব পাটনাত । তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ বাহিৰে আটাইকেইটা প্ৰধান বিৰোধী দলৰ নেতাই পাটনাৰ বৈঠকত উপস্থিত থকাৰ বাবে সন্মতি প্ৰকাশ কৰিছে । কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গে , ৰাহুল গান্ধী , পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী , দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল , ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেন , তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিন ২৩ জুনত উপস্থিত হ’ব বিহাৰত । একেদৰে নীতিশ কুমাৰৰ নিমন্ত্ৰণ মৰ্মে পাটনালৈ ৰাওণা হ’ব – সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱ , এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰ , শিৱসেনা উদ্ধৱ গোটৰ মুৰব্বী উদ্ধৱ থাকৰে , চি পি আই নেতা ডি ৰাজা , চি পি আই (এম) ৰ নেতা সীতাৰাম য়েছুৰী , চি পি আই (এম এল) ৰ নেতা দীপাংকৰ ভট্টাচাৰ্য ।২৩ জুনৰ এই বৈঠকৰ আনুষ্ঠানিক ঘোষণাৰ লগে লগে দেশৰ ৰাজনীতিৰ গতি প্ৰবাহ তীব্ৰতৰ হৈ পৰিছে । কিয়নো ইয়াৰ পূ্ৰ্বে ইমানবোৰ প্ৰধান বিৰোধী দলৰ নেতা কেতিয়াও একেলগে একেখন বৈঠকত মিলিত হোৱাৰ উদাহৰণ নাই ।কিন্তু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিৰোধী দলসমূহক একেখন আলোচনাৰ মেজলৈ অনাৰ যি প্ৰচেষ্টা অব্যাহত ৰাখিছে , তাৰেই পৰিণতিত সফল হ’বলৈ গৈ আছে ২৩ জুনৰ পাটনাৰ প্ৰস্তাৱিত বৈঠক। বিৰোধী ঐক্যৰ প্ৰথমখন বৈঠক নিশ্চিতভাৱে ২০২৪ ৰ প্ৰেক্ষাপটত হৈ ৰ’ব এখন ঐতিহাসিক বৈঠক।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.