সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

নিজৰ নাক কাটি হ’লেও ক্ষমতা লাগে বিজেপিক !

দেশত লোকসভাৰ নিৰ্বাচন ২০২৪ চনৰ এপ্ৰিলত অনুষ্ঠিত হোৱাৰ কথা।নিৰ্বাচনৰ বাবে শাসক বিৰোধী দুয়োটা পক্ষই চলাইছে প্ৰস্তুতি।বিৰোধী ঐক্য মৰ্চা ইণ্ডিয়াৰ তৃতীয়খন বৈঠক অনুষ্ঠিত হৈ আছে মুম্বাইত।বিৰোধীৰ ঐক্যবদ্ধ যুঁজত তচনচ হোৱাৰ দিশে বিজেপি।সেয়ে ২০১৭ চনৰ এক সপোনক পুনৰ সাকাৰ ৰূপ দিবলৈ হাতেকামে লাগিছে কেন্দ্ৰীয় চৰকাৰ।ইতিমধ্যে চৰকাৰে গঠন কৰিছে এক কমিটি।’এক ৰাষ্ট্ৰ এক নিৰ্বাচন’ৰ পোষকতা কৰা কমিটিৰ নেতৃত্ব দিব প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে।এই কমিটিয়ে সমগ্ৰ দেশত ‘ এক ৰাষ্ট্ৰ এক নিৰ্বাচন’ নীতি অনুকৰণ কৰাৰ বাবে সিন্ধান্ত গ্ৰহণ কৰিব।কমিটিখনত দুজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশো থাকিব।এই বিধেয়ক গৃহীত হ’লে সংবিধান সংশোধনীৰো প্ৰয়োজন হ’ব।অৱশ্যে বিৰোধী দলবোৰে ইয়াৰ বিৰোধিতা কৰিছে৷বিৰোধী দলবোৰৰ মতে এই সিদ্ধান্ত একেবাৰে ‘অবাস্তব’ আৰু বিৰোধীক নিঃশেষ কৰাৰ আঁচনি।নৰেন্দ্ৰ মোডীয়ে প্ৰধানমন্ত্ৰীৰ আসনত বহাৰ পিছতেই দেশত একেবাৰতে নিৰ্বাচন অনুষ্ঠিত কৰাৰ পোষকতা কৰি আহিছিল।এই বিষয়টো সম্পৰ্কত সম্পূৰ্ণ দায়িত্ব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক দিয়াৰ পোষকতাও কৰিছিল প্ৰধানমন্ত্ৰীয়ে।শুকুৰবাৰে বিজেপি সভাপতি জে পি নাড্ডাই প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰে।
প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ বাহিৰেও কেবিনেট সচিব,প্ৰাক্তন মুখ্য ন্যায়াধীশ,প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত ,সংবিধান বিশেষজ্ঞ আৰু ৰাজনৈতিক নেতাসকল এই কমিটিৰ সদস্য হিচাপে থাকিব।উল্লেখ্য যে অহা নবেম্বৰ মাহত দেশৰ মুঠ ৫ খন ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া এই পদক্ষেপে এই ৰাজ্য কেইখনৰ লগতে লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰো ইংগিত দিছে।বৰ্তমান দেশত সাধাৰণ নিৰ্বাচন আৰু ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন পৃথকে পৃথকে অনুষ্ঠিত হৈ আহিছে।প্ৰতিখন ৰাজ্যই ৫ বছৰৰ বিৰতিত নিৰ্বাচন অনুষ্ঠিত কৰি আহিছে।যদি এক ৰাষ্ট্ৰ এক নিৰ্বাচন অনুষ্ঠিত হয় তেন্তে লোকসভাৰ লগতে বিধানসভাৰ নিৰ্বাচনো একেদিনাই অনুষ্ঠিত হ’ব।সংসদৰ বিশেষ অধিৱেশনত এই বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে।যদি সদনত গৃহীত হয় তেন্তে সংবিধানতো সংশোধনী আনিব লাগিব।এই সংশোধনীৰ বাবে লোকসভাৰ ৬৭%,ৰাজ্যসভাৰ ৬৭% সদস্যৰ আৰু ৰাজ্য সমূহৰ বিধায়কৰ পৰা ৫০% সমৰ্থনৰ প্ৰয়োজন হ’ব।২০১৪ চনৰ পৰাই নৰেন্দ্ৰ মোডীয়ে এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ পোষকতা কৰি আহিছে।প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দেও মোডীৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আহিছে।চৰকাৰে ব্যয়ৰ পৰিমাণ হ্ৰাস কৰাৰ অজুহাতত নিৰ্বাচন একেলগে পতাৰ পোষকতা কৰিছে।তদুপৰি দেশৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থতো দেশত একেলগে নিৰ্বাচন অনুষ্ঠিত হোৱা উচিত বুলি দাবী জনাইছে।তাৰ বিপৰীতে কিন্তু বিৰোধীয়ে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তত ষড়যন্ত্ৰৰ গোন্ধ পাইছে।দেশৰ জনতাক বিপথে পৰিচালিত কৰিবলৈ চৰকাৰে এই সিন্ধান্ত গ্ৰহণৰ পোষকতা কৰিছে বুলি সমালোচনা কৰিছে বিৰোধীয়ে।

Leave A Reply

Your email address will not be published.