সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

দুৰ্যোগৰ ভূগোল-জুৰি বৰুৱা

প্ৰাকৃতিক এখন নদীক প্ৰাকৃতিক ভাৱেই বোৱাই ৰাখিব পাৰি, ৰাজনৈতিক ভাৱে নহয়৷

জুৰি বৰুৱাৰ কলমত দুৰ্যোগৰ ভূগোল

জুৰি বৰুৱা

বানপানী প্ৰতি বছৰে অসমৰ প্ৰাকৃতিক মেপখনৰ এক ৰাজহুৱা প্ৰতিবেদন হ’লেও ২০২০ বৰ্ষত ইয়াৰ প্ৰভাৱ আগতকৈও তীব্ৰ । প্ৰথম কাৰণ, ইতিমধ্যে কেইবাটাও বানে নৈপৰীয়া ৰাইজক হাৰাহাস্তি কৰিছে । দ্বিতীয়তে, বানপানী আৰু ক’ভিড-১৯ ৰ যৌথ দুৰ্যোগত ৰাজ্যখনৰ এক শ্ৰেণীৰ মানুহৰ আৰ্থিক মেৰুদণ্ড যথেষ্ট দুৰ্বল হৈ পৰিছে । অসমৰ দৰে ভৌগোলিকভাৱে স্পৰ্শকাতৰ অঞ্চলত দুৰ্যোগৰ অৰ্থ সৰু-বৰ সকলোৱে বুজি পায় । দুৰ্যোগৰ হৈছে এনেকুৱা এক বিপদ যাৰ শংকা এটা পৰিয়ালৰ প্ৰজন্মৰ পৰা পাছৰ প্ৰজন্মলৈকে চলি থাকে । তাৰ পৰিপ্ৰেক্ষিতত দুৰ্যোগপিড়ীত একোটা অঞ্চল সামগ্ৰিকভাৱে আৰ্থিক, শৈক্ষিক, স্বাস্থ্য ইত্যাদি দিশত পিছ পৰি থাকিব লগা হয় । দুৰ্যোগপিড়ীত ভূগোলে এনে অঞ্চলৰ জনজীৱনকো পৰিচালিত কৰে । এনে কাৰণতে তথাকথিত প্ৰাকৃতিক দুৰ্যোগৰ সৈতে সহাৱস্থান আৰু পৰিৱৰ্তিত দুৰ্যোগ শংকাৰ সৈতে মোকাবিলা দুটা ভিন্ন বিষয় । অসমৰ ক্ষেত্ৰত সলনি হোৱা বানপানীৰ চৰিত্ৰ আৰু ইয়াৰ সৈতে নদীপৰীয়া জনসাধাৰণৰ জীৱন আৰু জীৱিকাৰ প্ৰত্যাহ্বান সেয়ে আজিৰ তাৰিখত এক গুৰুত্বপূৰ্ণ বিষয় ।

চৰকাৰী তথ্য অনুসৰি এতিয়ালৈকে ৰাজ্যখনত ৪ মিলিয়ন জনসাধাৰণ বানপানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ অধিকাংশই নদীপৰীয়া আৰু গ্ৰামাঞ্চলৰ বসতি । ২০১৮ চনৰ জুলাই মাহত এই লেখকে আৰণ্যক বেচৰকাৰী সংস্থাৰ মাজুলীত অনুষ্ঠিত বানপানী সংক্ৰান্তীয় যুৱ কৰ্মশালাত অংশগ্ৰহণ কৰিবলৈ গৈ মাজুলীৰ অত্যন্ত খহনীয়াপিড়ীত শালমৰা অঞ্চল পৰিদৰ্শন কৰাৰ সুযোগ পাইছিলো। এগৰাকী বৃদ্ধাই মথাউৰিৰ ওপৰতে কোনোমতে দিয়া চালি এখন ধৰি ৰখা খুঁটাকেইটালৈ আঙুলিয়াই কৈছিল – “ইয়াৰ আগৰটো বানত অকল এই খুঁটা কেইটা বচাব পাৰিলো । ভাগ্য খুঁটা কেইটা পকী আছিল।”

শালমৰা যি এসময়ত মাজুলীৰ অন্যতম বৃহৎ মৌজা আছিল, এতিয়া এই ঠাইৰ বাসিন্দাসকলৰ বাবে গৰাখহনীয়া আৰু বানত ঠাই বাৰে বাৰে সলোৱা কোনো নতুন কথা হৈ থকা নাই। আনকি বান আৰু খহনীয়াই তেওঁলোকৰ পুৰুষাণুক্ৰমে চলি অহা মৃৎ শিল্পলৈও এক ডাঙৰ প্ৰত্যাহ্বান কঢ়িয়াই আনিছে। যাৰ বাবে তেওঁলোক মূলতঃ ব্ৰহ্মপুত্ৰৰ মাটিৰ ওপৰত নিৰ্ভৰশীল, এতিয়া সেই মাটিক ৰক্ষণাবেক্ষণ দিয়াটোৱো তেওঁলোকৰ সামৰ্থ্যৰ কথা হৈ থকা নাই। এই সম্পৰ্কে আলোচনা কৰোঁতে মাজুলীক লৈ সৰৱ যুগল হাজৰিকাই কৈছিল, “বানৰ চৰিত্ৰ নুবুজি বনোৱা মথাউৰিবোৰেই মাজুলীৰ জনজীৱনলৈ শংকা কঢ়িয়াই আনিছে।” ইতিমধ্যে মাজুলীত পানীৰ ‘ভুমুক মৰা’ সমস্যাক লৈও ৰাইজ চিন্তাত পৰিছে । একোটা স্পাৰ ওপৰৰ পৰা দেখাত স্থিৰ হৈ থাকিলেও নদীৰ পানী বাঢ়িলে ইয়াৰ তলেৰে পানীৰ সুঁতি বৈ গৈ স্পাৰটোৰ কোনো এক অংশত জোৰকৈ ওপৰলৈ ওলাই আহে । ইয়াকে স্থানীয়ভাৱে ‘ভুমুক মৰা’ বুলি কোৱা হয়। এই সমস্যাৰ ফলত মথাউৰি বা স্পাৰৰ গাঁঠনি দুৰ্বল হৈ পৰে ।

১৯৫৪ চনত গঠন হোৱা ৰাষ্ট্ৰীয় বানপানী আঁচনিৰ অধীনত মথাউৰি নিৰ্মাণক বান প্ৰতিৰোধৰ এক উল্লেখযোগ্য পদক্ষেপ হিচাপে লোৱা হৈছিল। যদিও তাৰ আগতেই উপনিৱেশিক সময়ৰ পৰাই ইষ্ট ইণ্ডিয়া কোম্পানীৰ বাবে অসমৰ সম্পদশালী ঠাইসমূহৰ বান প্ৰতিৰোধ কৰাটো অতি প্ৰয়োজনীয় হিচাপে বিবেচিত হৈছিল। এনে কাৰণতে মৰাপাট খেতিৰ সুৰক্ষাৰ পৰা আৰম্ভ কৰি পাছলৈ চাহ বাগানৰ সুৰক্ষাৰ বাবে ব্ৰিটিছৰ তত্ত্বাৱধানত মথাউৰি নিৰ্মাণৰ কাম চলিছিল। ৰাষ্ট্ৰীয় বানপানী আঁচনিৰ অধীনত লোৱা হ্ৰস্বম্যাধী আৰু দীৰ্ঘম্যাদী পৰিকল্পনাবোৰৰ ভিতৰত স্পাৰ নিৰ্মাণ, ব্ল’ডাৰৰ জৰিয়তে প্ৰতিৰোধ, কনক্ৰিট পাৰ্কুপাইনৰ ব্যৱহাৰ অন্যতম । ১৯৫৩ চনৰ Assam Embankment and Drainage Act ৰ পাছৰ পৰ্যায়ত অসমত মথাউৰি নিৰ্মাণৰ কাম জোৰদাৰ হ’বলৈ ধৰে। স্থানীয় ৰাইজেও মথাউৰিৰ বাবে ঠায়ে ঠায়ে দাবী জনায়। ৩১ জুলাই, ২০১৬ৰ The Assam Tribune ত প্ৰকাশ পোৱা তথ্য অনুসৰি অসমত এতিয়া লৈকে ৫,০০০ কি:মি: দীঘল মথাউৰি আছে । এই দীঘল মথাউৰিয়ে বানৰ পৰা সুৰক্ষা দিব পাৰিছে নে বানৰ চৰিত্ৰ সলনি কৰাৰহে কাৰণ হৈ পৰিছে? যুগল হাজৰিকাৰ এই প্ৰশ্নৰ উত্তৰ কোনো এটা বিভাগৰে বান আৰু গৰাখহনীয়াৰ প্ৰতিবেদনত সঠিককৈ পাবলৈ নাই।

অসম চৰকাৰৰ কৃষি বিভাগৰ ২০০৫ চনৰ প্ৰতিবেদন অনুসৰি খহনীয়াৰ দৰে সমস্যাৰ সমাধান কেৱল ‘ভূমি সংৰক্ষণ’ৰ দৰে বিভাগে অকলে সমাধান কৰিব পৰা বিষয় নহয় । ইয়াৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগৰ মাজত এক একত্ৰিত ব্যৱস্থাৰ প্ৰয়োজন। কাৰণ খহনীয়াৰ দৰে সমস্যাৰ সৈতে কৃষি, জনবসতি তথা ভূমি ব্যৱস্থাপনা- উক্ত তিনিওটা বিষয় জড়িত হৈ থাকে। কিন্তু ইয়াৰ পাছতো ৰাষ্ট্ৰীয় পৰিসৰত অসমৰ বান সমস্যাৰ কথা উত্থাপন হ’লেও খহনীয়াৰ দৰে সমস্যাৰ কথা আলোচিত হোৱা নাই।

উল্লেখযোগ্য যে এই প্ৰক্ৰিয়াটোত সামগ্ৰিকভাৱে মাটি হেৰুৱাইছে অসমৰ থলুৱা, আৰ্থিকভাৱে পিচপৰা প্ৰান্তীয় শ্ৰেণীটোৱে। এই শ্ৰেণীৰ লোকেই আকৌ নতুন ভেঁটি, নতুন জীৱিকাৰ সন্ধানত বাধ্য হৈছে মথাউৰি অথবা বনাঞ্চলৰ আশে-পাশে বসতি স্থাপন কৰিবলৈ। তাৰপাছত এনে বহুতো পৰিয়ালেই আকৌ সমুখীন হৈছে উচ্ছেদৰ। গতিকে এই সমগ্ৰ প্ৰক্ৰিয়াটোত ভূমিৰ অধিকাৰৰ প্ৰশ্ন আগতকৈও জটিল হৈ গৈ আছে। কাৰণ এই প্ৰশ্নই পাছলৈ কোন অসমীয়া, কোন বিদেশী তাৰ প্ৰমাণৰ সৈতেও জড়িত হৈ পৰিছে।

এটা সময়ত ব্ৰহ্মপুত্ৰ উপত্যকাৰ নৈপৰীয়া ঠাইত হোৱা বানপানীৰ চৰিত্ৰ আছিল স্বাভাৱিক। বানে পলস পেলাইছিল। যাৰ ফলত মাটিৰ উৰ্বৰতা বৃদ্ধি পাইছিল আৰু বানপানীৰ দ্বাৰা চলি থকা চক্ৰটোৱে উৎপাদনতো প্ৰভাৱ পেলাইছিল। নদীয়ে বাট সলাইছিল । যিটো নদীৰ চৰিত্ৰ। নৈপৰীয়া মানুহেও নদীৰ চৰিত্ৰ অনুসৰি নিজৰ ঠাই সলাইছিল। গতিকে, উন্নত দেশসমূহৰ দৰে Room for the River অৰ্থাৎ নদী এখনক বলপূৰ্বক মানুহে বিচৰা দৰে বোৱাই লৈ যোৱাৰ ধাৰণা আমাৰ ঠাইবোৰত নাছিল। এক জীৱিত ধাৰণা হিচাপেই মানুহে নদীক চাইছিল। বুজিছিল । কিন্তু এতিয়া এইবোৰ কেৱল সাধুকথা।

ব্ৰহ্মপুত্ৰক আমি কেৱল এখন নদী হিচাপেই চাই আছো। কিন্তু গোটেই অৱবাহিকাটোক একেলগে চাবলৈ চেষ্টা কৰা নাই। ফলত ইয়াৰ উপনদী সমূহৰ সলনি হোৱা চৰিত্ৰক লৈ স্থানীয় তথা চৰকাৰী স্তৰত প্ৰয়োজন তাক লৈ বিশেষ কোনো সচেতনতা পৰিলক্ষিত হোৱা নাই। নদী এখনৰ তিনিটা স্তৰ থাকে – উচ্চাংশ, মধ্যাংশ, আৰু নিম্নাংশ । মানুহৰ দৰে নদীৰ স্তৰসমূহে ৰাজ্য বা দেশৰ ৰাজনৈতিক সীমা নামানে । সম্পদ আহৰণৰ বাবে নদীৰ উচ্চ অংশত নতুন প্ৰযুক্তিৰ ব্যৱহাৰে নদীৰ মধ্য আৰু নিম্ন অংশত পেলোৱা প্ৰভাৱৰ বাবে গোটেই ব্ৰহ্মপুত্ৰ অৱবাহিকাৰ স্বাভাৱিক গতিলৈ পৰিৱৰ্তন আনিছে। ইয়াৰ ভিতৰত অন্যতম হ’ল অৰুণাচল প্ৰদেশৰ পাহাৰত বিস্তৰ বনাঞ্চল ধ্বংস তথা অসম-অৰুনাচল সীমান্তৰ পাহাৰৰ নামনিত নিৰ্মাণ কৰা আৰু নিৰ্মাণ চলি থকা বান্ধসমূহ।

এইখিনিতে অসমৰ বান আৰু খহনীয়াৰ সমস্যাক ইঞ্জিনিয়াৰিং ব্যুৰক্ৰেছীৰ ফালৰ পৰাও চাবলগীয়া এক বিষয় । ১৯৫৪ চনৰ বৃহৎ বানপানীৰ পাছৰ পৰাই অসমৰ বান সমস্যা সমাধানৰ বাবে ইঞ্জিনিয়াৰৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হয়। মথাউৰি নিৰ্মাণৰ লগতে জলসিঞ্চন, কৃষি, ভূমি সংৰক্ষণ আদি বিষয়সমূহো ইঞ্জিনিয়াৰিং আমোলাসকলৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে। ১৯৫৪ চনলৈকে প্ৰিন্স অৱ ৱেলছক বাদ দি অসমত কোনো স্নাতক পৰ্যায়ৰ প্ৰযুক্তি সম্পৰ্কীয় শিক্ষানুষ্ঠান নাছিল । অসম ইঞ্জিনিয়াৰিং কলেজ স্থাপন হয় ১৯৫৫ চনত । ইয়াৰ প্ৰথমটো শ্ৰেণীয়ে স্নাতক ডিগ্ৰী লাভ কৰে ১৯৬০ চনত । ইয়াৰ পাছৰ পৰাই ইঞ্জিনিয়াৰিং ব্যুৰক্ৰেছীৰে অসমৰ বান সমস্যা সমাধানৰ এটা নতুন অধ্যায় আৰম্ভ হয়। এই সম্পৰ্কীয় অধিক তথ্যৰ বাবে অৰূপ জ্যোতি শইকীয়াৰ ‘The Unquiet River: A Biography of the Brahmaputra’ শীৰ্ষক কিতাপখন পঢ়ক ।

শেহতীয়াকৈ অসমৰ বানপানী সংক্ৰান্তীয় বাতৰিত সঘনাই উচ্চাৰণ হোৱা বিষয়টো হৈছে ‘ৰিলিফ’ ।ঐতিহাসিকভাৱে, একবিংশ শতিকাৰ আৰম্ভণিত দুৰ্যোগক চোৱা হৈছিল কেৱল পশ্চিমীয়া হস্তক্ষেপৰ মাধ্যমত । ১৯৪৫ চনৰ পাছৰ পৰ্যায়ত দুৰ্যোগক উন্নয়নৰ দৃষ্টিভংগীৰে চোৱাৰ প্ৰচেষ্টা আৰম্ভ হয় আৰু পশ্চিমীয়া ৰাষ্ট্ৰই সাহাৰ্য অথবা ‘aid’ ৰ জৰিয়তে দুৰ্যোগপিড়ীত অনুন্নত দেশসমূহত হস্তক্ষেপ কৰিবলৈ আৰম্ভ কৰে। ১৯৯০ চনৰ পৰা নব্য উদাৰতাবাদী চিন্তাৰে দুৰ্যোগক চোৱাৰ ট্ৰেণ্ড আৰম্ভ হয়। ইয়াৰ পৰাই পশ্চিমীয়া হস্তক্ষেপত ‘ৰিলিফ’ৰ ৰাজনীতিও আৰম্ভ হয় যিবোৰৰ প্ৰথম গুৰি ধৰিছিল ৱৰ্ল্ড বেংক, এছিয়ান ডেভলপমেন্ট বেংকৰ দৰে গ্লোবেল সংস্থাবোৰে। অনুন্নত তথা উন্নয়নশীল দেশসমূহৰ পৰিৱৰ্তিত প্ৰাকৃতিক ভাৰসাম্যহীনতাত ৰিলিফ এক প্ৰকাৰৰ ৰাজনৈতিক মাধ্যম । কাৰণ ৰিলিফ প্ৰদান কৰি এচামে নিজৰ নামৰ প্ৰচাৰ (দল/আদৰ্শ) চলায় যাতে নিৰ্বাচনৰ সময়ত অতি বুদ্ধিমত্তাৰে ইয়াক ব্যৱহাৰ কৰিব পাৰি। আনফালে ৰিলিফৰ ওপৰত নিৰ্ভৰ কৰাৰ অভ্যাসত দুৰ্যোগপিড়ীত মানুহো অভ্যস্ত হৈ পৰে। আনকি বহু সময়ত সেয়াই তেওঁলোকৰ একমাত্ৰ কাম্যও হৈ পৰে। আৰু এই প্ৰক্ৰিয়াই নেতাৰ ওপৰত সাধাৰণ জনতাৰ নিৰ্ভৰশীলতা বৃদ্ধি কৰে । ৰিলিফক সেয়ে বহুতো সমালোচকে দুয়োফালে ধাৰ থকা তৰোৱাল বুলি উল্লেখ কৰে। এটা সু-পৰিকল্পিত ৰিলিফে চলি থকা দুৰ্যোগটোৰ ওপৰত বৰ্তি থকা বিতৰ্কৰ সম্ভাৱ্য সমাধানৰ পথ বন্ধ কৰি পেলায় । আনহাতে, ই যদি সুপৰিকল্পিতভাৱে পৰিচালিত নহয়, তেন্তে ৰিলিফৰ ভাগ-বতোৱাত অনিয়ম হৈছে বুলি এটা নতুন বিতৰ্ক সমুখলৈ আহে । অৰ্থাৎ এই সমগ্ৰ প্ৰক্ৰিয়াটোত বান আৰু খহনীয়াৰ দৰে সমস্যাৰ দীৰ্ঘকালীন সমাধানৰ কথা আলোচনা নহয়। ৰিলিফক লৈ বহু আগৰে পৰা বেচৰকাৰী সংস্থাৰ জৰিয়তে চলি থকা প্ৰক্ৰিয়াটোত এতিয়া ছাত্ৰ সমাজ জড়িত হোৱা দেখা গৈছে। বিপদৰ সময়ত কাৰোবাক সহায় কৰাটো মানৱতা । কিন্তু বিপদ একোটা দুৰ্যোগ হিচাপে পৰিৱৰ্তিত হোৱা স্তৰটোত কেৱল ৰিলিফতে ৰৈ যোৱাটো চৰম দুৰ্বলতা ।

এনেদৰে ইঞ্জিনিয়াৰিং ব্যুৰক্ৰেছী আৰু ৰিলিফৰ ৰাজনীতিয়ে অসমৰ বান আৰু খহনীয়াৰ সমস্যা অধিক জটিল কৰি তোলে । অসমৰ বান আৰু খহনীয়াৰ দৰে সমস্যাৰ সমাধানৰ বাবে সেয়ে পৰিৱেশক বুজি, অধ্যয়ন কৰি, স্থানীয় ৰাইজ আৰু চৰকাৰী বিভাগসমূহৰ একত্ৰিত প্ৰচেষ্টাত এক ‘গণতান্ত্ৰিক সমাধান’ৰ প্ৰয়োজন । যাতে প্ৰাকৃতিক এখন নদীক প্ৰাকৃতিক ভাৱেই বোৱাই ৰাখিব পাৰি, ৰাজনৈতিক ভাৱে নহয়৷

<p><em>Click <a href=”https://www.facebook.com/TheCrossCurrent/” target=”_blank”>here</a> to like us on Facebook. Don’t miss our video reports as well. <a href=”https://www.youtube.com/channel/UCpulmbERaA2b_6LIrJCBaTQ” target=”_blank”>Click here to subscribe</a> us on Youtube.</em></p>

Leave A Reply

Your email address will not be published.