সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ক’ৰ’না-পৰৱৰ্তী ভাৰতবৰ্ষ আৰু পুঁজিবাদৰ বিকল্প

ক’ৰ’না-পৰৱৰ্তী ভাৰতবৰ্ষ আৰু পুঁজিবাদৰ বিকল্প –

লিখিছে-সৌৰভ শইকীয়া, কটন বিশ্ববিদ্য়ালয়

- Donation -

২০২০ চনৰ আৰম্ভণিতে মানৱজাতিয়ে এক বিশ্বব্যাপী দুৰ্যোগৰ মুখামুখি হ’ল। ইয়াক মানৱৰ বিৰুদ্ধে “প্ৰকৃতিৰ ভাইৰাছ যুদ্ধ” আখ্যা দিলেও বঢ়াই কোৱা নহ’ব। তৃতীয় বিশ্বযুদ্ধৰ কুচ-কাৱাজেৰে প্ৰায়ে চমক দিবলৈ চেষ্টা কৰি থকা পৃথিৱীৰ মহাশক্তিধৰ দেশসমূহেও এই প্ৰকৃতিৰ ভাইৰাছ যুদ্ধত নতশিৰ হ’বলৈ বাধ্য হৈছে। চীনৰ দৰে দেশে এই ভাইৰাছ যুদ্ধৰ প্ৰথম চিকাৰ হৈয়ো তৎপৰতাৰে যুঁজি প্ৰতিৰোধ গঢ়ি তুলিবলৈ সক্ষম হৈছে। আনহাতে আমেৰিকাৰ দৰে দেশে এতিয়াও এই ভাইৰাছ যুদ্ধৰ পৰা নিস্তাৰ নাপাই যুদ্ধক্ষেত্ৰতে ককবকাই থাকিবলগীয়া হৈছে। পিছে চীন-আমেৰিকাতকৈও এই প্ৰৱন্ধৰ আলোচ্য বিষয় হ’ব ভাৰতবৰ্ষ। ধাৰণা হয়, দেশখনে এই বিশেষ যুদ্ধক্ষেত্ৰৰ কোনো আওভাও ধৰিব নোৱাৰি শূন্যতে গদা ঘূৰাই থকাৰ লেখীয়া অৱস্থা হৈছে। বৰ্তমান যুগৰ খ্যাতনামা ঐতিহাসিক-দাৰ্শনিক য়ুভাল নোৱা হাৰাৰিয়ে এই বিশ্বজনীন সংকটৰ ভৱিষ্যত ব্যাখ্যা কৰিবলৈ গৈ এইদৰে মন্তব্য আগবঢ়ায়: This storm will pass. But the choices we make now could change our lives for years to come। হাৰাৰিয়ে দাৰ্শনিক দৃষ্টিভঙ্গীৰে ভৱিষ্যতৰ অতি উচিত ব্যাখ্যাই দিবলৈ বিচাৰিছে। অৰ্থাৎ এই প্ৰাকৃতিক সংকটৰ পৰা মুক্ত হোৱাৰ পিছত কি হ’ব মানুহৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক ভৱিষ্যত! নে বৰ্তমানৰ শিক্ষাৰ ভিত্তিত ল’বলগীয়া ভৱিষ্যতমুখী কৰ্মপন্থাতহে লুকাই আছে মানৱতাৰ ভৱিষ্যত!

ভাৰতত ক’ভিড আক্ৰান্তৰ সংখ্যাই ১৩ লাখৰ সীমা অতিক্ৰম কৰাৰ পিছত লকডাউনৰূপী অস্ত্ৰৰ সহায়ত “২১ দিনীয়া ক’ৰ’না যুদ্ধ তত্ব” যে পৰিকল্পনাহীন এক বিফল পদক্ষেপ আছিল সেই কথা আজি কাৰো মনত অস্পষ্ট নহয়। আজিও ভাৰতবৰ্ষত প্ৰতিদিনে গড়ে প্ৰায় ১১.১% তকৈও অধিক লোক ক’ৰ’নাত আক্ৰান্ত হৈ আছে। দৈনিক ঊৰ্দ্ধগামী মৃত্যৰ হাৰেও এই কথাকে প্ৰতিপন্ন কৰে যে দেশজুৰি লকডাউন পৰ্বৰ ১২৫ দিন পিছতো নিয়ন্ত্ৰণলৈ অহা নাই ভাৰতৰ ক’ভিড পৰিস্থিতি। এই ভয়াবহ পৰিস্থিতিত যিবোৰ কথাই দেশৰ কোটি কোটি জনগণৰ জীৱন দুৰ্বিষহ কৰি তুলিছে তাৰ ভিতৰত প্ৰথম আৰু প্ৰধান হৈছে জীৱিকাৰ সংকট। সুনিৰ্দিষ্ট পৰিকল্পনা অবিহনে দেশজুৰি দিয়া তাৎক্ষণিক লকডাউনৰ প্ৰভাৱত সমগ্ৰ ভাৰতত প্ৰায় ১২২ নিযুত লোকে কৰ্মসংস্থান হেৰুৱায়। তাৰে প্ৰায় ৭৫% ই হৈছে ক্ষুদ্ৰ ব্যৱসায়ী আৰু দিন মজুৰ (CMIE ৰ তথ্য)। ভাৰতৰ দৰে তীব্ৰ নিবনুৱা সমস্যাত জুৰুলা দেশত এইদৰে অপৰিকল্পিতভাৱে দিয়া দেশজোৰা লকডাউনৰ ফল অনাগত দিনত কেনে হ’ব তাৰ এক আসন্ন ছবি আজি স্পষ্ট হৈ উঠিছে। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত নিয়োজিত হৈ থকা লক্ষ লক্ষ শ্ৰমিক-কৰ্মচাৰীয়ে ইতিমধ্যেই স্থায়ীভাৱে কৰ্মসংস্থান হেৰুৱাই নিজ নিজ গৃহলৈ উভতি গৈছে । ফলত আহি থকা বছৰসমূহত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰাটো প্ৰায় নিশ্চিত । আনহাতে ব্যাপক লোকচানৰ সন্মুখীন হোৱা উদ্যোগ- ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে লকডাউন খোলাৰ লগে লগে সীমিত সংখ্যক কৰ্মচাৰীৰে কাম-কাজ চলাবলৈ প্ৰাণপণে চেষ্টা চলাব। ফলত অত্যধিক কামৰ বোজা আৰু মালিকপক্ষৰ স্বাৰ্থত কৰা শ্ৰম আইনৰ সংশোধনীয়ে ধৰাশায়ী কৰিব শ্ৰমিক-কৰ্মচাৰীসকলক।

বিশ্ববিদ্যালয় অনুদান আয়োগ আৰু ৰাজ্যিক শিক্ষা-বিভাগসমূহে লকডাউনত অনলাইন শিক্ষাৰ পোষকতা কৰিছিল যদিও শিক্ষানুষ্ঠানৰ অনুন্নত আন্তঃগাঁথনি আৰু দৰিদ্ৰতাৰ কৱলত থকা দেশত ই দেখ দেখকৈ অন্তঃসাৰশূন্য হিচাপে পৰিগণিত হৈছে। পৰিণতিত ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে শিক্ষাব্যৱস্থা। অন্তৰৱৰ্তী শ্ৰেণী/ছেমেষ্টাৰৰ ছাত্ৰ-ছাত্ৰীসকলক যথাযথ পদ্ধতি অবিহনেই ওপৰৰ শ্ৰেণী/ ছেমেষ্টাৰলৈ উন্নীত কৰা হ’ল যদিও আজি চাৰিটা মাহ অতিবাহিত হৈ যোৱাৰ পিছতো সেইসকল ছাত্ৰ-ছাত্ৰীৰ গুণগত শিক্ষাৰ বাবে কোনো বিকল্প উদ্ভাৱনৰ তৎপৰতা দেখা নগ’ল । ইফালে চূড়ান্ত শ্ৰেণী/ছেমেষ্টাৰসমূহৰ অনলাইনযোগে পৰীক্ষা পতাৰ সিদ্ধান্ত লৈছে ভালেমান বিশ্ববিদ্যালয়ে। ই যে কোনো ন্যায়সঙ্গত ব্যৱস্থা হ’ব আমাৰ মনে নধৰে।

এই মহামাৰীয়ে জল জল পট্ পট্ কৈ উদঙাই দিছে দেশজুৰি চৰকাৰী স্বাস্থ্যখণ্ডৰ অৱস্থা। সীমিত সংখ্যক চৰকাৰী চিকিৎসালয়, সীমিত সংখ্যক ডাক্তৰ-চিকিৎসাকৰ্মী আৰু দুৰ্বল আন্তঃগাঁথনিৰে ২১ দিনত ক’ৰ’না যুদ্ধ জয় কৰাৰ চিন্তা কিমান আবাস্তৱ আছিল ভাবিলে আচৰিত লাগে। সীমিত সংখ্যক চৰকাৰী চিকিৎসালয়ক ক’ভিড চিকিৎসালয়লৈ ৰূপান্তৰিত কৰাৰ পিছত অন্য বেমাৰৰ চিকিৎসা কৰিবলৈ হাবু ডাবু খাবলগীয়া হৈছে জনতা। এটাৰ পিছত আনটো চৰকাৰী খণ্ড ব্যক্তিগত খণ্ডৰ হাতত বিক্ৰী কৰিবলৈ সদাপ্ৰস্তুত এই চৰকাৰখনৰ ব্যক্তিগত চিকিৎসালয়সমূহৰ ওপৰতো নাই বিশেষ নিয়ন্ত্ৰণ। ফলত সাধাৰণ জনতাই অন্য বেমাৰৰ চিকিৎসা কৰাৰ আশা একপ্ৰকাৰ বাদ দিবলগীয়াই হৈছে।

পেট্ৰল, ডিজেলৰ পৰা আৰম্ভ কৰি সকলো অত্যাৱশ্যকীয় বস্তুৰ দাম অতিমাত্ৰাত বৃদ্ধি পাইছে। অনিয়ন্ত্ৰিতভাৱে বাঢ়িছে খাদ্যবস্তুৰ দাম। অসমৰ দৰে ৰাজ্যত আকৌ ভূতৰ ওপৰত দানহ পৰাদি এইসময়তে বানে ডুবাইছে আধাতকৈও বেছি অংশ। এনে পৰিস্থিতিত দেশৰ জনগণৰ বাবে খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী যোগানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা নাই কোনো কাৰ্যকৰী পদক্ষেপ। স্বেচ্ছাসেৱী দল-সংগঠনৰ সাহায্যই এতিয়া একমাত্ৰ ভৰসা হৈ পৰিছে সৰ্বস্বান্ত জনতাৰ। এনে এক ভয়ঙ্কৰ বিপর্যয়ৰ সময়তো কিন্তু কোটি কোটি টকাৰে বিধায়ক কিনা-বেচাৰ দৰে অগণতন্ত্ৰতান্ত্ৰীক আৰু অনৈতিক ৰাজনীতি এৰা নাই ক্ষমতালোভীসকলে।

এই চৰম সংকটৰ মুহূৰ্তত দেশবাসীৰ বাবে “সুখবৰ” যে মুকেশ আম্বানীয়ে বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত পঞ্চম স্থানলৈ উন্নীত হৈছে। বিগত ৬ বছৰত মুকেশ আম্বানী আৰু গৌতম আদানীৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১২০% কৈও অধিক হাৰত বৃদ্ধি হৈছে। এয়া দেশবাসীৰ বাবে নিশ্চয় গৰ্বৰে কথা হ’ব। মুকেশ আম্বানীয়ে শীঘ্ৰেই বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত প্ৰথম স্থানলৈ উন্নতি কৰক এই কামনাৰে দেশজোৰা চাকি-বন্তি জ্বলাই, ডবা-কাঁহ কোবাই বিশাল উদযাপনৰ বাবে প্ৰস্তুত থাকক জনতা। উচ্চ শিক্ষা সম্পূৰ্ণ কৰি ওলোৱা আৰু গ্ৰহণ কৰি থকা এই প্ৰজন্মৰ লক্ষ লক্ষ যুৱক-যুৱতীৰ বাবে অনাগত দিনত কোনো কৰ্মসংস্থানৰ ব্যৱস্থা থাকিবনে এয়া আজি সন্দেহৰ আৱৰ্তত। ইতিমধ্যেই অনিশ্চিত জীৱন-জীৱিকাত মানুহ মানসিকভাৱে হৈ পৰিছে চূড়ান্ত হতাশ আৰু দিকভ্ৰান্ত। আত্মহত্যাৰ ঘটনা দিনে দিনে বৃদ্ধি পাইছে।বাঢ়িছে হত্যা আৰু সামাজিক অপৰাধ। ক’ৰনা-পৰৱৰ্তী ভাৰতবৰ্ষত ব্যাপক জনগণ জীৱন-জীৱিকাৰ সংকুচিত পৰিসৰত সোমাই পৰিলে অৰ্থনৈতিক সংকটৰ লগে লগে সামাজিক অস্থিৰতা যে বৃদ্ধি পাব ই ধুৰূপ। ৰাজনৈতিক হিংসাও দিনে দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। গতিকে আজি আটাইতকৈ গুৰুত্বপূৰ্ণ হিচাপে আমাৰ সন্মুখত দেখা দিয়া প্ৰশ্নটো হৈছে কি হ’ব ক’ৰনা-পৰৱৰ্তী ভাৰতবৰ্ষৰ ৰূপৰেখা? সিদ্ধান্ত বহু পৰিমাণে নিৰ্ভৰ কৰিব জনতাৰ “বিকল্প” চিন্তাৰ মাজত। স্বাধীনতাৰ বিগত ৭২ বছৰীয়া ইতিহাসত বুৰ্জোৱা পুঁজিবাদী ব্যৱস্থাই দেশৰ জনতাক কি দিলে কি নিলে তাৰ হিচাপ জনতাই সচেতনভাৱে কৰিব লাগিব।

এতিয়া অন্য এটা প্ৰসংগলৈ অহা যাওক। ক’ভিড মহামাৰী পৃথিৱীৰ প্ৰায় সকলো ঠাইলৈ দ্ৰুততাৰে বিয়পি পৰা এক ভাইৰাছ আক্ৰমণ। কোনো ভেকচিন অবিহনেই পৃথিৱীয়ে আজিও এই ভাইৰাছৰ বিৰুদ্ধে যুজঁ দি আছে। পিছে উন্নত আন্তঃগাঁথনিৰ চিকিৎসালয়, শক্তিশালী চৰকাৰীখণ্ড, জনতাক খাদ্য-অত্যাৱশ্যকীয় সামগ্ৰীৰ সুৰক্ষা প্ৰদান, বিপুল সংখ্যক চিকিৎসা কৰ্মী নিয়োগ আৰু সুপৰিকল্পিত চৰকাৰী নিয়ন্ত্ৰণ ব্যৱস্থা ইত্যাদি সমাজবাদী আৰ্হিৰ ভিত্তিতহে কিছুমান দেশে ইয়াক ফলপ্ৰসূভাৱে নিয়ন্ত্ৰণ কৰিব পাৰিছে। ক’ভিড-১৯ মহামাৰী সম্পৰ্কে বিশ্বজুৰি হোৱা অভিজ্ঞতাৰ ফলত এই কথা স্পষ্ট হৈ পৰিছে যে পুঁজিবাদ ব্যাপক জনগণৰ স্বাৰ্থত মহাসংকটৰ বিৰুদ্ধে যুঁজ দিবলৈ সম্পূৰ্ণ অসমৰ্থ। সেয়ে এই মুনাফালোভী আৰু শোষণমূলক পুঁজিবাদী ব্যৱস্থাৰ পৰিবৰ্তে জনতাক লাগে ব্যাপক জনগণৰ স্বাৰ্থ ৰক্ষা কৰিব পৰা এক সমাজবাদী ব্যৱস্থাৰ আৰ্হি, য’ত চমকৰ সলনি থাকিব জনগণৰ খাদ্য, বাসস্থান, স্বাস্থ্য, শিক্ষা আৰু জীৱিকাৰ ন্যূনতম নিৰাপত্তা। বান-গড়াখহনীয়া সমস্যাই অসমৰ ৰাজহাড় ভাঙি পেলোৱাৰ পিছতো দিল্লীৰ পৰা অসমৰ বাবে নাই কোনো সুসংবাদ। প্ৰহসন যেন অসমৰ চিৰলগৰী। ইয়াৰ মাজতে কেৰেলাৰ বাওঁপন্থী চৰকাৰে অসমক ২ কোটি টকাৰ বান সাহায্য আগবঢ়ায় সহমৰ্মিতা প্ৰকাশ কৰিছে। ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত শেহতীয়া সংকটকালত পুনৰ এবাৰ কেৰেলা মডেলৰ মজবুত ভিত্তি সুস্পষ্ট হৈ উঠিছে। সেয়ে আমি ভাবিবলৈ বাধ্য যে ক’ৰ’না-পৰৱৰ্তী ভাৰতবৰ্ষই সন্মুখীন হ’ব লগা অনেক মহাসংকটৰ লগত মোকাবিলা কৰাৰ বাবে তেনে এক জনমুখী ব্যৱস্থাৰ বিকল্প নাই। চমক সৃষ্টিকাৰী নেতা নহয়– জনমুখী নীতিহে এই মুহূৰ্তত দেশৰ বাবে প্ৰয়োজন।

Leave A Reply

Your email address will not be published.