সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

থাওকতে হেৰাইছে ৰাজ্য,নিৰুপায় বিজেপি !

২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিজেপি চৰকাৰ গঠন হৈছিল।২০১৪ চনৰ পিছত ২০১৯ চনত দ্বিতীয়বাৰ ক্ষমতালৈ আহিছিল প্ৰধানমন্ত্ৰী মোডী। সমগ্ৰ দেশ খনেই সেই সময়ত মোডীময় হৈ পৰিছিল যাৰবাবে ২০১৪ চনতকৈয়ো অধিক আসন লাভ কৰি কেন্দ্ৰত চৰকাৰ গঠন কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। বিগত লোকসভা নিৰ্বাচনৰ আগত অৰ্থাৎ ২০১৮ চনৰ পৰা দেশত মুঠ ৩১ বাৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছে।২০১৮ চনত দেশত মুঠ ৬ খন ৰাজ্যৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল৷তাৰে কোনো এখন ৰাজ্যতেই বিজেপিয়ে ক্ষমতালৈ আহিব পৰা নাছিল।ছত্তীশগড়,ৰাজস্থান,মধ্য প্ৰদেশ,তেলেংগানা,মিজোৰাম আৰু কৰ্ণাটকত ২০১৮ চনত নিৰ্বাচন অনুষ্ঠিত হৈছিল।ইয়াৰে দুখন ৰাজ্য ক্ৰমে মধ্য প্ৰদেশত জ্যোতিৰাদিত্য সিন্ধিয়াক বিজেপিত যোগদান কৰোৱায় ,ৰাজ্যখন বিজেপিৰ দখললৈ আনিছিল।ঠিক সেইদৰে কৰ্ণাটকতো JD (S) ক কংগ্ৰেছৰ পৰা সমৰ্থন উঠাই লোৱাই কৰ্ণাটক দখল কৰিছিল বিজেপিয়ে। আনহাতে,ছত্তীশগড় আৰু ৰাজস্থানত একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিছিল কংগ্ৰেছে।আনহাতে,তেলেংগানাত ভাৰত ৰাষ্ট্ৰীয় সমিতিয়ে গঠন কৰিছিল চককাৰ।তাৰ বিপৰীতে মিজোৰামত ক্ষমতা দখল কৰিছিল মিজো নেশ্যনেল ফ্ৰণ্টে।২০১৯ চনত দেশত আন ৭ খন ৰাজ্যত অনুষ্ঠিত হৈছিল বিধান সভা নিৰ্বাচন।অন্ধ্ৰপ্ৰদশ,হাৰিয়ানা,ঝাৰখাণ্ড,অৰুণাচল প্ৰদেশ,মহাৰাষ্ট্ৰ,উৰিষ্যা ,ছিক্কিমত অনুষ্ঠিত হৈছিল বিধানসভাৰ নিৰ্বাচন।ইয়াৰে অৰুণাচল প্ৰদেশক বাদ দি কোনো এখন ৰাজ্যতেই বিজেপিয়ে ক্ষমতা দখল কৰিবলৈ সক্ষম হোৱা নাছিল।অৱশ্যে মহাৰাষ্ট্ৰত বৰ্তমান একনাথ সিন্দে পন্থী শিৱসেনাৰ লগত লগ লাগি বিজেপি ক্ষমতাত আছে।উৰিষ্যাত ক্ষমতাত আছে বিজু জনতা দল।আনহাতে,ঝাৰখাণ্ডত ক্ষমতাত আছে ঝাৰখাণ্ড মুক্তি মৰ্চা।অন্ধ্ৰ প্ৰদেশত ক্ষমতাত আছে যুৱ,শ্ৰমিক আৰু কৃষক কংগ্ৰেছ পাৰ্টি৷ছিক্কিমত ক্ষমতাত আছে ছিক্কিম ৰিভলিউচনাৰী ফ্ৰণ্ট।২০২০ চনত দেশৰ মাত্ৰ ২ খন ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হৈছিল।তাৰে এখন বিহাৰ আৰু আনখন দিল্লী।বিহাৰত জনতা দল (ইউ)ৰ লগত মিলি বিজেপি ক্ষমতাত আছিল যদিও ডেৰ বছৰ পিছতে বিজেপিৰ সংগ ত্যাগ কৰে জনতা দল (ইউ)এ৷দিল্লীত একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিছিল আপে।২০২১চনত দেশৰ মুঠ ৫ খন ৰাজ্যত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল৷অসম,পশ্চিম বংগ,তামিলনাডু,কেৰালা,পুডুচেৰীত অনুষ্ঠিত হৈছিল বিধানসভাৰ নিৰ্বাচন৷এই ৫ খন ৰাজ্যৰ মাজত মাত্ৰ অসমতহে বিজেপিয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছিল। ২০২২চনত নিৰ্বাচন অনুষ্ঠিত হৈছিল গোৱা,গুজৰাট,হিমাচল প্ৰদেশ,মণিপুৰ,পঞ্জাৱ আৰু উত্তৰ প্ৰদেশত৷ইয়াৰে গুজৰাট,উত্তৰ প্ৰদেশ,মণিপুৰ আৰু গোৱাত বিজেপিয়ে জয়লাভ কৰাৰ বিপৰীতে পঞ্জাৱত আপ দলে আৰু হিমাচল প্ৰদেশত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰে।২০২৩ চনত ত্ৰিপুৰা,নাগালেণ্ড,কৰ্ণাটক আৰু মেঘালয়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল।ইয়াৰে ত্ৰিপুৰাত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ বিপৰীতে নাগালেণ্ড,মেঘালয়ত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ আছে।আনহাতে বিগত মে’ মাহত অনুষ্ঠিত কৰ্ণাটকৰ নিৰ্বাচনত বিজেপি দলে ভয়ংকৰ মুখথেকেঁচাৰ সন্মুখীন হয়।২০২৩ চনৰ নবেম্বৰত ৫ খন ৰাজ্যৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷মধ্য প্ৰদেশ, ছত্তীশগড়,তেলেংগানা,মিজোৰাম আৰু ৰাজস্থানত নবেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ’ব।এই পাঁচ খন ৰাজ্যৰ দুখনত আছে কংগ্ৰেছ চৰকাৰ৷মধ্য প্ৰদেশত আছে বিজেপি দলৰ চৰকাৰ।তাৰ বিপৰীতে তেলেংগানাত ভাৰত ৰাষ্ট্ৰ সমিতি আৰু মিজোৰামত মিজো নেশ্যনেল ফ্ৰণ্টৰ চৰকাৰ আছে।বৰ্তমান এককভাৱে সংখ্যাগৰিষ্ঠতা লাভ কৰা ৰাজ্যৰ সংখ্যালৈ চালে ২০২৪ চনৰ লোকসভাত বিজেপিয়ে ভাল ফলাফল দেখুওৱাৰ আশা ক্ষীণ।গুজৰাট,উত্তৰ প্ৰদেশ আদিত বিজেপিয়ে ভাল ফলাফল দেখুৱাইছিল যদিও চলিত মাহৰ প্ৰথম ভাগত অনুষ্ঠিত উপনিৰ্বাচনত ঘোছী বিধানসভা সমষ্টিত বিজেপি দল শোচনীয়ভাৱে পৰাজয়ৰ সন্মুখীন হৈছিল।

 

Leave A Reply

Your email address will not be published.