সদস্য ১৮ কোটি,বিজেপিৰ বাঢ়ি হৈছে দুৰ্গতি !

Share This Article

বিশ্বৰ সৰ্ববৃহৎ দল বিজেপি !বিজেপিত সদস্য সংখ্যা আছে ১৮ কোটি। কিন্তু ১৮ কোটি সদস্যৰ ভিতৰত অধিক সংখ্যকেই সক্ৰিয় নহয়। তদুপৰি সক্ৰিয় হ’লেও জনতাৰ সন্মুখত থিয় কৰাব পৰা ধৰণে উপযুক্ত নহয় । বিজেপিয়ে মাত্ৰ এখন মুখকেই ভৰসা কৰি ২০১৯ আৰু ২০১৪ ৰ লোকসভা নিৰ্বাচনত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল। বিগত দুয়োটা লোকসভা নিৰ্বাচনতেই সমগ্ৰ ভাৰতত মোডীৰ ঢৌৱে দেশৰ ভোটাৰক আকৃষ্ট কৰিছিল। কিন্তু বৰ্তমান মোডীৰ সেই ভাৱমূৰ্ত্তি নাই৷সেয়ে বিজেপিৰ সহ মতাদৰ্শৰ সংগঠন RSSএ আজিৰ পৰা তিনিটা মাহ পূৰ্বেই বিজেপি দলত ব্যক্তি পূজা বন্ধ কৰাৰ আহ্বান জনাইছিল। কোনো বিশেষ ব্যক্তিক ধিয়াই লৈ জনতাৰ কাষ নাচাপিবলৈ সকীয়াই দিছিল RSS এ৷কিন্তু RSS ৰ সকীয়নি মানি কাম কৰিলে বিজেপিৰ কোনো বিকল্প পথেই নাথাকে।যাৰ ফলত কৰ্ণাটকত প্ৰধানমন্ত্ৰী মোডীক সেনাপতি হিচাপে লৈয়ো পৰাজিত হোৱা বিজেপিয়ে পুনৰ ৫ ৰাজ্যত প্ৰধানমন্ত্ৰী মোডীক সাৰথি কৰিয়েই আগবাঢ়িব লগীয়া হৈছে। ইতিমধ্যে মধ্য প্ৰদেশৰ বাবে দলটোবে ঘোষণা কৰিলে মুঠ ৭৮ গৰাকীৰ প্ৰাৰ্থীৰ নাম। এই ৭৮ গৰাকী প্ৰাৰ্থীৰ ভিতৰত মুঠ ৭১ খন নতুন মুখ আৰু ৭ টা বিধানসভাত বৰ্তমানৰ ৭ গৰাকী সাংসদক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে।সাংসদক প্ৰাৰ্থিত্ব প্ৰদানৰ উদ্দেশ্য হৈছে একেটা সমযতে সাংসদ গৰাকীয়ে বিগত নিৰ্বাচনত ভাল ফলাফল দেখুবাবলৈ সক্ষম হোৱা বিধানসভাৰ সমষ্টিটোক বাচি লৈ জয় নিশ্চিত কৰা।অৱশ্যে কেৱল মধ্য প্ৰদেশতেই নহয় ৰাজস্থান,তেলেংগানা আৰু ছত্তীশগড়ৰ ক্ষেত্ৰতো বিজেপিয়ে গ্ৰহণ কৰিব একেই পদক্ষেপ। ৰাজস্থানত জলশক্তি মন্ত্ৰী তথা যোধপুৰৰ সাংসদ গজেন্দ্ৰ সিং শেখাৱট,কনিষ্ঠ সংসদীয় পৰিক্ৰমা মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল ,ৰাজচামান্দৰ সাংসদ দিয়া কুমাৰী আৰু জয়পুৰ গ্ৰাম্যৰ সাংসদ ৰাজ্যবৰ্ধন ৰাথোড়ক প্ৰাৰ্থিত্ব প্ৰদানৰ যোজা চলিছে।ঠিক সেইদৰে তেলেংগানাত ৪ গৰাকী সাংসদক বিধানসভাৰ নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদানৰ গুণাগথা চলিছে।তেলেংগানাৰ কেন্দ্ৰীয় মন্ত্ৰী জি কে ৰেড্ডীক এইবাৰ বিধানসভাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাটো এক প্ৰকাৰ নিশ্চিত হৈছে।ছত্তীশগড়ৰ ক্ষেত্ৰত ভয়ংকৰভাৱে বিমোৰত পৰিছে বিজেপি ৷ঠিক সেইদৰে মিজোৰামৰ ক্ষেত্ৰতো বিজেপিৰ সন্মুখত সমস্যাই দেখা দিছে। বিজেপিৰ বিশেষ সূত্ৰৰ খবৰ অনুসৰি ছত্তীশগড় আৰু মিজোৰামক লৈ অলপো আশাবাদী নহয় বিজেপ দল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.