সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

তেলেংগনাত মোবাইল কোভিড-১৯ আইচিইউ নিৰ্মাণ

তেলেংগনাত এটা স্বেচ্ছাসেৱী সংগঠনে এখন বাছক ৰূপান্তৰ কৰি নিৰ্মাণ কৰি উলিয়াইছে এখন মোবাইল কোভিড-১৯ আইচিইউ, চমুকৈ MCICUলৈ। মোবাইল বাহন খনত দুটাকৈ ভেণ্টিলেটৰ আৰু ৩খনকৈ বিচনা সংযুক্ত থাকিব। জানিব পৰামতে টেলি ৰেডিঅ’লজী, ই-আইচিইউ আৰু আল্ট্ৰাচাউণ্ডৰ অত্যাধুনিক কাৰিকৰী ব্যৱস্থা আছে বাহনখনত। এই ভ্ৰাম্যমাণ আইচিইউৰ জৰিয়তে Swab sample যোগাযোগ নকৰাকৈ সংগ্ৰহ কৰিব পাৰিব। স্থানীয় এলেকাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই ভ্ৰাম্যমাণ আইচিইউ বাহনখনৰ ধাৰণা কৰি গ্ৰেছ কেন্সাৰ ফাউণ্ডেশ্যন এণ্ড ডেভেলপমেণ্টে আৰু কেইটামান সংস্থাৰ সৈতে লগ লাগি নিৰ্মাণ কৰি উলিয়াইছে ।

গ্ৰামাঞ্চল বা মফচলীয় অঞ্চলত সহায়ক হোৱাকৈ নিৰ্মাণ কৰি উলিযাছে এই মোবাইল ICU বাহন খন। নিৰ্মাতাকাৰী সংস্থাটোৰ মতে ক’ৰোনাৰ সাম্প্ৰতিক পৰিস্থিতিত যথেষ্ট সহায়ক হ’ব এই ভ্ৰাম্যমাণ বাহনখৰ দ্বাৰা। নগৰাঞ্চলত মূলতঃ আইচিইউ লগতে অন্যান্য উচ্চ-পৰ্যায়ৰ সা-সুবিধাসমূহ থকাৰ বাবে গ্ৰামাঞ্চলৰ লোক যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। আনহাতে চিকিতসালয়সমূহত সীমিত সংখ্যক ভেণ্টিলেটৰ থকাৰ বাবে ইয়াৰ পৰিপূৰক হিচাপেই নিৰ্মাণ কৰি উলিয়াইছে এই বাহনখন, যাতে কৰোনাৰ বিৰুদ্ধে যুদ্ধত চৰকাৰকো সহযোগিতা কৰিব পাৰে। এই কথা প্ৰকাশ কৰিছে গ্ৰেছ ফাইণ্ডেশ্যনৰ CEO চিন্নাবাবু ছানকাভালীয়ে।
তদুপৰি তেওঁলোকৰ মতে, যদিহে জিলা, ব্লক বা অন্যান্য অঞ্চলৰ চিকিত্সালয়ত জৰুৰীকালীন সময়ত এই মোবাইল আইচিইউ বাহনৰ দ্বাৰা যথেষ্ট উপকৃত হ’ব। আইচিএউ বাহনখন নিৰ্মাণ কৰোঁতে কৰা খৰচৰ ধন, একেই মানদণ্ডত নিৰ্মাণ কৰা হাস্পতালৰ খৰচতকৈ কম খৰচ হয় বুলিও জানিব দিয়ে।

- Donation -

Leave A Reply

Your email address will not be published.